স্পৰ্টছ ডেস্ক, ১৭ জুন : বাংলাদেশে চলিত টি-২০ বিশ্বকাপৰ এখন গুৰুত্বপূৰ্ণ খেলত নেপালক পৰাস্ত কৰে আৰু চুপাৰ-৮ ত প্ৰৱেশ কৰে । ইয়াৰ লগে লগে বাংলাদেশ ভাৰতীয় দলৰ গ্ৰুপত অৰ্থাৎ গ্ৰুপ-১ৰ চুপাৰ-৮ত স্থান লাভ কৰা অন্তিম তথা চতুৰ্থ দল হৈ পৰিছে । এই খেলখনত যুৱ ফাষ্ট বলাৰ তাঞ্জিম হাছান ছাকিবে বাংলাদেশৰ হৈ ২১ টা ডট বল কৰে আৰু ৭ ৰাণত ৪ টা উইকেট দখল কৰি কেৰিয়াৰৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন আগবঢ়ায় ।
তেওঁৰ শক্তিশালী প্ৰদৰ্শনৰ বাবে বাংলাদেশ দলে নেপালক ২১ ৰাণত পৰাস্ত কৰে । ইয়াৰ লগে লগে বাংলাদেশ চুপাৰ-৮ত প্ৰৱেশ কৰা অন্তিম দল হিচাপে পৰিগণিত হয় । যোৱা মেচত দক্ষিণ আফ্ৰিকাক সমস্যাত পেলোৱা নেপালৰ বলাৰসকলে পুনৰ সুন্দৰ প্ৰদৰ্শন কৰে আৰু বাংলাদেশক ১০৬ ৰাণতে বান্ধি ৰাখে ।
বাংলাদেশৰ হৈ ছাকিব আল হাছানে সৰ্বাধিক ১৭ ৰাণ সংগ্ৰহ কৰে । দলটোৰ কোনো বেটছমেনে ২০ ৰাণৰ সীমাত অতিক্ৰম কৰিব নোৱাৰিলে । ইয়াৰ পিচত বাংলাদেশৰ হৈ তাঞ্জিম হাছান ছাকিবে ৭ ৰাণ দি ৪ টা উইকেট দখল কৰে । একেদৰে মুস্তাফিজুৰ ৰহমান (৩/৭), ছাকিব আল হাছানৰ (২/৯) আকৰ্ষণীয় বলিঙে নেপালক ১৯.২ অভাৰত ৮৫ ৰাণতে বান্ধি ৰাখে ।
নেপালৰ এটা সময়ত ৫ টা উইকেটত ৭৮ ৰাণ আছিল । সেই সময়ত দলটোৰ স্থিতি কিছু ভাল আছিল । কিন্তু নেপালে শেষৰ ৫ টা উইকেট ৭ ৰাণতে হেৰুৱায় । প্ৰথমবাৰৰ বাবে বাংলাদেশে টি-২০ বিশ্বকাপত ৩ খন মেচত জয়ী হৈছে । এই বিজয়ৰ লগে লগে নেডাৰলেণ্ডৰ ক্ৰিকেট দলৰ চুপাৰ-৮ ত উপনীত হোৱাৰ সপোন ভংগ হয় ।
একেদৰে নেডাৰলেণ্ডে শেহতীয়া খেলখনত শ্ৰীলংকাৰ হাতত পৰাজয়ৰ সন্মুখীন হ'ব লগা হয় । এতিয়া বাংলাদেশে চুপাৰ-৮ত ভাৰত, অষ্ট্ৰেলিয়া আৰু আফগানিস্তানৰ দৰে শক্তিশালী দলৰ মুখামুখি হ'ব ।