ETV Bharat / sports

শৃংখলাৰ পৰা বাহিৰ অষ্ট্ৰেলিয়া, টি 20 বিশ্বকাপৰ ছেমি ফাইনেলত আফগানিস্তান - T20 World Cup 2024

author img

By ETV Bharat Assamese Team

Published : Jun 25, 2024, 12:03 PM IST

Austrialia Out Of T20 WC 2024 : অষ্ট্ৰেলিয়াৰ বিশ্বকাপ জয়ৰ আশা চূৰ্ণ-বিচূৰ্ণ কৰি টি 20 বিশ্বকাপৰ ছেমি ফাইনেলত প্ৰৱেশ আফগানিস্তানৰ ৷ মঙলবাৰে অনুষ্ঠিত ছুপাৰ 8 ৰ অন্তিমখন মেচত বাংলাদেশক ধৰাশায়ী কৰি ছেমি ফাইনেলত স্থান নিশ্চিত কৰে আফগানিস্তানে ৷ ছেমি ফাইনেলত দক্ষিণ আফ্ৰিকাৰ মুখামুখি হ’ব দলটো ৷

T20 WORLD CUP 2024
টি 20 বিশ্বকাপৰ ছেমি ফাইনেলত আফগানিস্তান (ETV Bharat)

স্প’ৰ্টছ ডেস্ক, 25 জুন : চলিত বৰ্ষৰ টি 20 বিশ্বকাপৰ ছুপাৰ 8 ৰ অন্তিমখন মেচত মুখথেকেচা খাইছে বাংলাদেশে ৷ দলটোৱে আফগানিস্তানৰ বিৰুদ্ধে মেচত অৱতীৰ্ণ হৈ 8 ৰাণত পৰাস্ত হয় ৷ অৱশ্যে ডাক ৱৰ্থ লিৱিচ পদ্ধতিৰে নিৰ্ণয় কৰা হৈছিল মেচখনৰ ফলাফল ৷

মেচখন আৰম্ভ হোৱাৰ কিছু সময় পিছত বৰষুণে দিছিল বিধি-পথালি ৷ যাৰ বাবে স্থগিত ৰাখিবলগীয়া হৈছিল মেচখন ৷ বৰষুণ কমাৰ পিছত পুনৰ মেচখন আৰম্ভ হয় আৰু ডাক ৱৰ্থ লিৱিছ পদ্ধতিৰে মেচৰ ফলাফল নিৰ্ণয় কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷

লগতে পঢ়ক: বাংলাদেশ-আফগানিস্তানৰ মেচত বিধিপথালি বৰষুণৰ : ছেমি ফাইনেলৰ আশা সজীৱ কৰিব কোনে ? - T20 World Cup 2024

এই সিদ্ধান্ত গ্ৰহণৰ পিছত বাংলাদেশৰ সন্মুখত বান্ধি দিয়া হৈছিল 114 ৰাণৰ লক্ষ্য ৷ এই লক্ষ্য আগত লৈ দলটোৱে খেলপথাৰত নামি আটাইকেইটা উইকেট হেৰুৱাই সংগ্ৰহ কৰে 105 ৰাণ ৷ ফলত আফগানিস্তানে 8 ৰাণৰ ব্যৱধানত মেচখনত জয় লাভ কৰে ৷

আফগানিস্তানে এই জয় লাভ কৰি প্ৰশস্ত কৰে ছেমি ফাইনেলত প্ৰৱেশৰ পথ ৷ সমান্তৰালকৈ এই ফলাফলৰ পিছতে অষ্ট্ৰেলিয়াৰ ক্ৰিকেট দলটো শৃংখলাৰ পৰা বাহিৰ হোৱাতো নিশ্চিত হয় ৷ এই মেচখনৰ জৰিয়তে 2023 চনৰ বিশ্বকাপ ক্ৰিকেটৰ পুনৰাবৃত্তি ঘটাতো পৰিলক্ষিত হয় ৷

লগতে পঢ়ক: অষ্ট্ৰেলিয়াক পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ ভাৰতৰ ; অধিনায়ককোচিত ইনিংছ উপহাৰ ৰোহিতৰ - T20 World Cup 2024

মেচখনৰ 11 অভাৰৰ পিছত বাংলাদেশে 7 টাকৈ উইকেটৰ বিনিময়ত সংগ্ৰহ কৰিছিল 80 ৰাণ ৷ এয়া আছিল আফগান দলটোৰ বাবে টাৰ্ণিং পইণ্ট ৷ অৱশ্যে বৰষুণৰ বাবে কিছু মুহূৰ্তলৈ মেচখন স্থগিত ৰাখিবলগীয়া হয় আৰু তাৰপাছত দলটোৰ সন্মুখত বান্ধি দিয়া হৈছিল 114 ৰাণৰ লক্ষ্য, যি সম্পূৰ্ণ কৰিব লাগিব 19 অভাৰত । পিছে মেচখন 12.1 অভাৰত সমাপ্ত কৰিব নোৱাৰাৰ বাবেই ছেমিত প্ৰৱেশৰ সুযোগ হেৰুৱায় বাংলাদেশৰ দলটোৱে ৷

বাংলাদেশৰ হৈ লিটনে 41 টা বলত সম্পূৰ্ণ কৰে অৰ্ধশতক ৷ কিন্তু দলটোৰ আন কোনো এগৰাকী খেলুৱৈয়ে উন্নত প্ৰদৰ্শন কৰিবলৈ সক্ষম নহ’ল ৷ ফলস্বৰূপে দলটোৱে 105 ৰাণতে ইনিংছ সামৰি 8 ৰাণৰ ব্যৱধানত পৰাজিত হৈ ৰয় ৷

উল্লেখ্য যে, আফগানিস্তানে টছত জয়ী হৈ বেটিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল । ৰহমানুল্লাহ গুৰবাজ আৰু ইব্ৰাহীম জাদৰানৰ অপেনিং যুটিটোৱে দলটোৰ হৈ সংগ্ৰহ কৰে 59 ৰাণ ৷ কিন্তু যুটিটোৰ পৰৱৰ্তী বেটছমেনসকলে এই ধাৰা অব্যাহত ৰখাত ব্যৰ্থ হয় ৷ গুৰবাজৰ(43) বাহিৰে কোনো এগৰাকী বেটছমেনে সংগ্ৰহ কৰিব নোৱাৰিলে 20 ৰাণতকৈ অধিক ৰাণ ৷ বাংলাদেশৰ হৈ ৰিশাদ হোছেইনে 26 ৰাণৰ বিনিময়ত লাভ কৰে তিনিটাকৈ উইকেট ৷

লগতে পঢ়ক: ৱেষ্ট ইণ্ডিজক পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ দক্ষিণ আফ্ৰিকাৰ - T20 World Cup 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.