ETV Bharat / sports

হায়দৰাবাদক ২০৭ ৰাণৰ লক্ষ্য নিৰ্ধাৰণ বেংগালুৰুৰ : বেটিং বিপৰ্যয়ৰ সন্মুখীন কামিনছ বাহিনী - SRH vs RCB IPL 2024 - SRH VS RCB IPL 2024

RCB vs SRH IPL 2024: আই পি এল ২০২৪ ৰ ৪১ সংখ্যক মেচখনত ছান ৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে শক্তিশালী স্থিতিত উপনীত হৈছে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু । আৰ চি বিয়ে প্ৰথমে বেটিং কৰি ২০৭ ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিয়ে যদিও ৮৫ ৰাণতে এছ আৰ এইচে ৬ টাকৈ উইকেট হেৰুৱাইছে ।

RCB vs SRH IPL 2024
SRH vs RCB IPL 2024
author img

By ETV Bharat Assamese Team

Published : Apr 25, 2024, 10:23 PM IST

নিউজ ডেস্ক, ২৫ এপ্ৰিল: হায়দৰাবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত আজি ছান ৰাইজাৰ্ছ হায়দৰাবাদ আৰু ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ মাজত অনুষ্ঠিত হৈছে আই পি এল ২০২৪ ৰ ৪১ সংখ্যক মেচখন । টছত জয়ী হৈ প্ৰথমে বেটিঙৰ সিদ্ধান্ত গ্ৰহণ কৰে আৰ চি বিয়ে । আজিৰ খেলখনত তীব্ৰ আক্ৰমণাত্মক দেখা গৈছে আ চি বিৰ খেলুৱৈসকলক ।

অপেনাৰ কোহলী আৰু ডু প্লেছিছে মাৰমুখী বেটিং আৰম্ভ কৰি ৩.৫ অভাৰতে দলৰ স্ক'ৰ ৪৮ ত উপনীত কৰে । অৱশ্যে ২৫ ৰাণ কৰি পেভিলিয়নমুখী হয় ডু প্লেছিছ । উইল জেকছে ৯ টা বলত মাত্ৰ ৬ ৰাণ কৰি আউট হয় । চতুৰ্থ স্থানত বেটিং কৰিবলৈ অহা ৰজত পাটিদাৰে ২০ টা বল খেলি ৫ টা ছিক্সাৰ আৰু ২ টা বাউণ্ডেৰীৰ সহায়ত ৫০ ৰাণ সংগ্ৰহ কৰে ।

অধিনায়ক কোহলীয়ে ৪৩ টা বলত এটা ছিক্সাৰ আৰু ৪ টা বাউণ্ডেৰীৰ সহায়ত ৫১ ৰাণ কৰে । গ্ৰীণে ২০ টা বলত ৩৭ ৰাণ সংগ্ৰহ কৰে । নিৰ্ধাৰিত ২০ অভাৰত ৭ উইকেটৰ বিনিময়ত ২০৬ ৰাণ সংগ্ৰহ কৰে । এছ আৰ এইচৰ হৈ উনাদকাটে ৩ টা উইকেট দখল কৰে ।

ইফালে চলিত আই পি এলত তিনিবাৰকৈ ২৫০ ৰ ওপৰত ৰাণ সংগ্ৰহ কৰা এছ আৰ এইচে ২০৭ ৰাণৰ লক্ষ্য অনুসৰণ কৰি আম্ভণিৰ পৰাই বেটিং বিপৰ্যয়ৰ সন্মুখীন হয় । ৯ অভাৰত ৮৫ ৰাণত দলটোৱে ৬ টাকৈ গুৰুত্বপূৰ্ণ উইকেট হেৰুৱায় । হেডে ১ ৰাণ, মাৰ্ক্ৰামে ৭, নিতীশ ৰেড্ডীয়ে ১৩, ক্লাছেনে ৭, অভিষেক শৰ্মাই ৩১ আৰু ছামাদে ১০ ৰাণ কৰি আউট হয় ।

বৰ্তমানলৈকে ৭খন মেচৰ ৫ খনত জয়ৰে ছানৰাইজাৰ্ছ হায়দৰাবাদ পইণ্ট তালিকাৰ তৃতীয় স্থানত আছে । একে সময়তে আৰ চি বি ৮ খন মেচৰ মাত্ৰ ১ খনত জয়ৰে পইণ্ট তালিকাৰ দশম স্থানত আছে । দুয়োটা দলৰ অভিলেখৰ কথা ক’বলৈ গ’লে ছানৰাইজাৰ্ছ হায়দৰাবাদে ২৪ খন মেচৰ ভিতৰত ১৩ খনত জয়লাভ কৰিছে । একে সময়তে আৰ চি বিয়ে ১০ খন মেচত জয়লাভ কৰিছে । দুয়োটা দলৰ মাজত ১খন মেচ ড্ৰ' হৈছে ।

এই ছিজনত দুয়োটা দলৰ মাজত খেলা পূৰ্বৰ মেচখনত হায়দৰাবাদে আই পি এলৰ ইতিহাসত সৰ্বাধিক ২৮৭ ৰান সংগ্ৰহ কৰে । অৱশ্যে এই মেচখনত আৰ চি বিয়ে ২৬২ ৰান সংগ্ৰহ কৰিছিল ।

লগতে পঢ়ক: আৰ চি বিৰ বিৰুদ্ধে ৩০০ ৰাণৰ অধিক টাৰ্গেটৰ লক্ষ্যৰে খেলপথাৰত নামিব এছ আৰ এইছ - IPL 2024

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.