ETV Bharat / sports

ছালিমা টেটেৰ নেতৃত্বত এফ আই এইচ হকী প্ৰ’ লীগৰ বাবে ঘোষণা ২৪ জনীয়া ভাৰতীয় মহিলা দল - FIH Pro League

author img

By ETV Bharat Assamese Team

Published : May 2, 2024, 9:48 PM IST

Women hockey: মহিলা হকীত পুনৰবাৰ নিজৰ আধিপত্য অক্ষুণ্ণ ৰাখিছে ঝাৰখণ্ডে। ঝাৰখণ্ডৰ ছালিমা টেটেক এফ আই এইচ প্ৰ’ লীগৰ বাবে মহিলা হকী দলৰ অধিনায়কত্ব দিয়া হৈছে।

INDIAN WOMEN HOCKEY TEAM
এফ আই এইচ হকী প্ৰ’ লীগৰ বাবে ঘোষণা ভাৰতীয় মহিলা দল (ETV BHARAT JHARKHAND)

স্পৰ্টছ ডেস্ক, 2 মে’ : হকী ইণ্ডিয়াই ঘোষণা কৰিলে 24 জনীয়া ভাৰতীয় মহিলা হকী দল ৷ এই দলটোৱে এফ আই এইচ প্ৰ’ লীগ 2023-24ৰ বেলজিয়াম আৰু ইংলেণ্ড পৰ্যায়ত অংশগ্ৰহণ কৰিব ৷ 22 মে’ৰ পৰা 26 মে’লৈ চলিব বেলজিয়াম পৰ্যায় ৷ ইয়াৰ পিচত 1 জুনৰ পৰা 9 জুনলৈ ইংলেণ্ড পৰ্যায়ৰ অন্ত পৰিব ৷ ভাৰতীয় দলটোৱে 22 মে’ৰ পৰা আৰ্জেণ্টিনাৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিব ৷ দুয়োটা পৰ্যায়তে ভাৰতে আৰ্জেণ্টিনা, বেলজিয়াম, স্পেইন, গ্ৰেট ব্ৰিটেইন আৰু জার্মানীৰ বিৰুদ্ধে দুখনকৈ মেচ খেলিব ৷ সম্প্ৰতি 8 খন খেলৰ পৰা 8 পইণ্ট লাভ কৰি ষষ্ঠ স্থানত আছে ভাৰত ৷

ঝাৰখণ্ডৰ ছালিমা হ’ল অধিনায়ক-

ঝাৰখণ্ডবাসীৰ বাবে ভাল খবৰটো হ’ল ঝাৰখণ্ডৰ ছালিমা টেটেক প্ৰ’ লীগ মহিলা হকী দলৰ অধিনায়ক হিচাপে নিযুক্তি দিয়া হৈছে ৷ শেহতীয়াকৈ ছালিমাক ষষ্ঠ হকী ইণ্ডিয়া বাৰ্ষিক বঁটা 2023ত 2023 চনৰ শ্ৰেষ্ঠ খেলুৱৈৰ সন্মানীয় হকী ইণ্ডিয়া বলবীৰ সিং ছিনিয়ৰ বঁটাৰে সন্মানিত কৰা হৈছে ৷

অধিনায়ক নিযুক্তি পোৱাৰ সন্দৰ্ভত মিডফিল্ডাৰ ছালিমা টেটে কয় যে দলটোৰ নেতৃত্ব দিবলৈ নিযুক্তি পোৱাত তেওঁ সুখী ৷ এইটো এটা ডাঙৰ দায়িত্ব ৷ এই নতুন আৰু ডাঙৰ ভূমিকাৰ বাবে আগ্ৰহী ৷ আমাৰ এটা শক্তিশালী দল আছে আৰু ইয়াত অভিজ্ঞ আৰু যুৱ খেলুৱৈৰ মিশ্ৰণ আছে ৷ এফ আই এইচ হকী প্ৰ’ লীগ 2023-24ৰ আগন্তুক বেলজিয়াম আৰু ইংলেণ্ড লীগৰ কথা মনত ৰাখি আমি শিবিৰত কঠোৰ প্ৰশিক্ষণ লৈছো ৷ উন্নতিৰ প্ৰয়োজন থকা ক্ষেত্ৰসমূহত অধিক গুৰুত্ব দিয়া হৈছে ৷ ভাৰতীয় দলটোৱে ভাল প্ৰদৰ্শন কৰিব বুলি আমি নিশ্চিত ৷

খেলুৱৈ নৱনীত কৌৰে কয় যে ভাৰতীয় মহিলা হকী দলৰ উপ-অধিনায়ক হিচাপে নিযুক্তি পোৱাটো অতিবাস্তৱ যেন লাগে ৷ এই দলত যোগদান কৰিবলৈ পাই মই অতিশয় উৎসাহিত হৈছো, আমি মান সম্পন্ন দলৰ সৈতে খেলিম ৷ আমাৰ এটা ভাল দল আছে আৰু আমি নিশ্চিত যে প্ৰ’ লীগৰ ইউৰোপ লেগত আমি ভাল প্ৰদৰ্শন কৰিম ৷ তেওঁ কয় যে বেংগালুৰুৰ ছাই (SAI) ত এটা শিবিৰৰ আয়োজন কৰা হৈছিল, য’ত আমি উচ্চ পৰ্যায়ৰ প্ৰশিক্ষণ লৈছিলো ৷

দলত কোন কোন অন্তৰ্ভুক্ত-

মিডফিল্ডাৰ নৱনীত কৌৰক সহ-অধিনায়ক হিচাপে নিযুক্তি দিয়া হৈছে ৷ গ’লৰক্ষকৰ দায়িত্ব সবিতা আৰু বিচু দেৱী খাৰিবামৰ ওপৰত থাকিব ৷ ডিফেন্সিভ লাইন আপত আছে নিকি প্ৰধান, উদিতা, ইশিকা চৌধুৰী, মনিকা, জ্যোতি ছত্ৰী আৰু মহিমা চৌধাৰী ৷ মিডফিল্ড শাখাত থাকিব ছালিমা টেটে, বৈষ্ণৱী বিঠল ফালকে, নৱনীত কৌৰ, নেহা, জ্যোতি, বলজীত কৌৰ, মনীষা চৌহান আৰু লালৰেমছিয়ামী ৷ ফৰৱাৰ্ড লাইনত আছে মুমতাজ খান, সংগীতা কুমাৰী, প্ৰীতি ডুবে, দীপিকা, শৰ্মিলা দেৱী, বন্দনা কাটাৰিয়া, সুনীলিতা টপ্পো আৰু দীপিকা সোৰেং ৷

লগতে পঢ়ক : চেম্পিয়নছ ট্ৰফী 2025 ; ভাৰতৰ সকলো মেচ লাহোৰত অনুষ্ঠিত হোৱাৰ সম্ভাৱনা - Champion Trophy 2025 Pakistan

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.