ETV Bharat / sports

ৰোহিত শৰ্মাই মোক আটাইতকৈ ডাঙৰ গুৰুদক্ষিণা দিলে: দীনেশ লাড - Rohit childhood coach Dinesh Lad

author img

By ETV Bharat Assamese Team

Published : Jun 30, 2024, 7:29 PM IST

Rohit childhood coach Dinesh Lad: টি-২০ বিশ্বকাপ ২০২৪ৰ চেম্পিয়ন ভাৰতীয় দলৰ অধিনায়ক ৰোহিত শৰ্মাৰ প্ৰাক্তন প্ৰশিক্ষক দীনেশ লাডৰ আনন্দ প্ৰকাশ । ৰোহিত শৰ্মাৰ নেতৃত্বত দলটোৰ এই বিজয় তেওঁৰ বাবে আটাইতকৈ ডাঙৰ গুৰুদক্ষিণা বুলি উল্লেখ কৰে । ৰোহিত শৰ্মাৰ অৱসৰক লৈও লাডৰ প্ৰতিক্ৰিয়া ।

Rohit childhood coach Dinesh Lad
'ৰোহিত শৰ্মাই মোক আটাইতকৈ ডাঙৰ গুৰুদক্ষিণা দিলে': দীনেশ লাড (ETV Bharat)

স্পৰ্টছ ডেস্ক,৩০ জুন : দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ভাৰতৰ ৰোমাঞ্চকৰ বিজয় লগতে টি-২০ বিশ্বকাপৰ খিতাপ দখলক লৈ ভাৰতত ব্যাপক উছাহ দেখিবলৈ পোৱা গৈছে । দেশৰ প্ৰতিটো প্ৰান্ততে ক্ৰিকেটপ্ৰেমীৰ বিজয় উদযাপন অব্যাহত আছে । তাৰ মাজতে অধিনায়ক ৰোহিত শৰ্মাৰ শৈশৱৰ প্ৰশিক্ষকৰ মন্তব্য ইটিভি ভাৰতে সংগ্ৰহ কৰিছে । প্ৰশিক্ষক দীনেশ লাডেৰ মতে এয়া তেওঁৰ বাবে ৰোহিত শৰ্মাৰ আটাইতকৈ ডাঙৰ গুৰুদক্ষিণা ।

উল্লেখ্য যে দীনেশ লাডৰ অধীনত মুম্বাইৰ ৰোহিত শৰ্মাই প্ৰথম ক্ৰিকেটৰ প্ৰশিক্ষণ লৈছিল । তেওঁৰ পূৰ্বৰ শিষ্য ৰোহিত শৰ্মাৰ নেতৃত্বৰ ভাৰতীয় দলৰ বিশ্বকাপৰ খিতাপ দখলক লৈ উৎফুল্লিত দীনেশ লাডে ইটিভি ভাৰতৰ সন্মুখত কয় যে দৰিদ্ৰ পৰিয়ালৰ এটা শিশুৱে যদি খেলত মনোনিৱেশ কৰে, তেওঁ বহু দূৰলৈ যাব পাৰে আৰু তাৰ উৎকৃষ্ট উদাহৰণ হৈছে ৰোহিত শৰ্মা । ৰোহিত শৰ্মাই টি-২০ বিশ্বকাপ জয় কৰা দলটোক নেতৃত্ব দি তেওঁক আটাইতকৈ ডাঙৰ গুৰুদক্ষিণা দিছে বুলিও দীনেশ লাডে উল্লেখ কৰে ।

২০০৭ চনত উদ্বোধনী সংস্কৰণত বিজয়ী হোৱাৰ পিচত এইটো ৰোহিতৰ দ্বিতীয় টি-২০ বিশ্বকাপ জয় আছিল । মুম্বাইত বাস কৰা লগতে মুম্বাই ক্ৰিকেটৰ পৰিচিত নাম লাডে কয় যে এই মুহূৰ্তত তেওঁ বিশ্বৰ আটাইতকৈ ধনী ব্যক্তি ।

দীনেশ লাডে ৰোহিতৰ টি-২০ ফৰ্মেটৰ পৰা অৱসৰ লোৱাৰ সিদ্ধান্তক সমৰ্থন কৰি কয় যে অধিনায়কগৰাকীয়ে এতিয়া আন দুটা ফৰ্মেট ক্ৰমে এদিনীয়া আৰু টেষ্টৰ ওপৰত গুৰুত্ব দিব পাৰে । ই এক ভাল সিদ্ধান্ত আৰু সঠিক সময়ত লৈছে বুলিও তেওঁ উল্লেখ কৰে । লাডে কয় যে ৰোহিত শৰ্মাই এতিয়া চেম্পিয়নছ ট্ৰফী ২০২৫ আৰু বিশ্ব টেষ্ট চেম্পিয়নশ্বিপত মনোনিবেশ কৰিব পাৰিব ।

স্মৃতি ৰোমন্থন কৰি কেনেকৈ তেওঁৰ এক পৰামৰ্শই ২০১১ চনৰ এদিনীয়া বিশ্বকাপৰ পিচত ৰোহিতৰ কেৰিয়াৰত পৰিৱৰ্তন আনিছিল সেই কথাও লাডে উল্লেখ কৰে । লাডে উল্লেখ কৰা মতে যেতিয়া ৰোহিতক ২০১১ চনৰ বিশ্বকাপৰ দলত স্থান দিয়া হোৱা নাছিল তেতিয়া তেওঁ লাডক সাক্ষাৎ কৰিবলৈ আহিছিল । সেই সময়ত তেওঁ ৰোহিতক ক্ৰিকেটৰ বাবে পৰ্যাপ্ত সময় দিবলৈ পৰামৰ্শ দিছিল । সেইবাৰ তেওঁ লাডক প্ৰতিশ্ৰুতি দিছিল যে তেওঁ খেলত মনোনিবেশ কৰিব আৰু পৰ্যাপ্ত সময় দিব । তেতিয়াৰ পৰাই তেওঁ পিছলৈ ঘূৰি চোৱা নাই আৰু তেওঁৰ ক্ৰিকেটক গ্ৰাফ বাঢ়ি গৈ আছে । লক্ষণীয়ভাৱে ভাৰতৰ অলৰাউণ্ডাৰ শাৰ্দুল ঠাকুৰৰো প্ৰশিক্ষক দীনেশ লাড ।

লগতে পঢ়ক :ভাৰতীয় দলৰ বাবে কিয় 'শনিবাৰ' শুভ ? - India ICC Trophy

লগতে পঢ়ক :ভাৰতীয় দলৰ খেলুৱৈ, প্ৰশিক্ষকৰ প্ৰশংসাত পঞ্চমুখ শচীন তেণ্ডুলকাৰ - ICC T20 Word Cup 2024 final

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.