স্প’ৰ্টছ ডেস্ক: ভাৰতৰ উইকেটকীপাৰ বেটছমেন ৰিচা ঘোষে বৃহস্পতিবাৰে অনুষ্ঠিত মহিলাৰ টি-20 ক্ৰিকেটত যুটীয়া সৰ্বাধিক দ্ৰুত অৰ্ধশতক অৰ্জন কৰে । ঘোষে ডি ৱাই পাটিল ষ্টেডিয়ামত ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মহিলা দল দুটাৰ মাজত অনুষ্ঠিত শৃংখলাৰ তৃতীয় তথা অন্তিমখন টি-20 ত এই কৃতিত্ব অৰ্জন কৰে ৷
এক বিস্ফোৰক ভংগীমাৰে ক্ৰিজত নমা ৰিচাক বৃহস্পতিবাৰৰ খেলখনত বিধ্বংসী ৰূপত দেখা যায় ৷ মেচৰ প্ৰথমটো বলৰ পৰাই খেলুৱৈগৰাকীয়ে দুৰ্দান্ত প্ৰদৰ্শন কৰে ৷ ঘোষে মাত্ৰ 18 টা বলত দ্বিতীয়টো টি-20 অৰ্ধশতক অৰ্জন কৰে ৷ পূৰ্বে এই সাফল্য অৰ্জন কৰিছিল নিউজিলেণ্ডৰ অধিনায়ক ছফি ডেভাইন আৰু অষ্ট্ৰেলিয়াৰ ফবী লিচফিল্ডে ৷
𝙈𝙞𝙡𝙚𝙨𝙩𝙤𝙣𝙚 𝙐𝙣𝙡𝙤𝙘𝙠𝙚𝙙 🔓
— BCCI Women (@BCCIWomen) December 19, 2024
How impressive was that from #TeamIndia! 🙌 🙌
Live ▶️ https://t.co/Fuqs85UJ9W#INDvWI | @IDFCFIRSTBank pic.twitter.com/fhQRIWAIU9
ডেভাইনে 2015 চনত এম চিন্নাস্বামী ষ্টেডিয়ামত 18 টা বলত অৰ্ধশতক অৰ্জন কৰাৰ বিপৰীতে লিচফিল্ডে যোৱা বছৰ চিডনীত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে একে সাফল্য অৰ্জন কৰে ৷
For smashing the joint-fastest T20I Fifty in women's cricket, Richa Ghosh receives the Player of the Match award 👏👏
— BCCI Women (@BCCIWomen) December 19, 2024
Scorecard ▶️ https://t.co/Fuqs85UJ9W#TeamIndia | #INDvWI | @IDFCFirstbank | @13richaghosh pic.twitter.com/iyOB4sNCTp
ৰিচাই ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে 3 টা চাৰি আৰু 5 টা ছয় কোবাই অৰ্ধশতক অৰ্জন কৰে ৷ ৰিচাই এদিনীয়া মেচৰ অ’পেনিং সংগী স্মৃতি মন্ধানাৰ পাঁচ বছৰীয়া অভিলেখো ভংগ কৰে ৷ 2019 চনৰ ফেব্ৰুৱাৰীত নিউজিলেণ্ডৰ বিৰুদ্ধে 24 টা বলত মন্ধানাই টি-20 ক্ৰিকেটত দ্ৰুততম অৰ্ধশতক অৰ্জন কৰিছিল ৷
𝙄. 𝘾. 𝙔. 𝙈. 𝙄
— BCCI Women (@BCCIWomen) December 19, 2024
5⃣4⃣ Runs
2⃣1⃣ Balls
3⃣ Fours
5⃣ Sixes
Relive that Richa Ghosh joint-fastest T20I fifty in women's cricket 🎥 🔽#TeamIndia | #INDvWI | @13richaghosh | @IDFCFIRSTBank
ৰিচাৰ বিস্ফোৰক এই ইনিংছৰ সৈতে ভাৰতীয় দলটোৱে নিৰ্ধাৰিত 20 অভাৰত 4 টা উইকেট হেৰুৱাই সংগ্ৰহ কৰে 217 ৰাণ ৷ মন্ধানাই ইনিংছৰ আৰম্ভণিতে মাত্ৰ 47 টা বলত 77 ৰাণ সংগ্ৰহ কৰি প্ৰতিপক্ষৰ বিৰুদ্ধে আক্ৰমণ আৰম্ভ কৰে । মন্ধানাই উইকেট হেৰুওৱাৰ পিছত জেমিমা ৰড্ৰিগছে 28 টা বলত 39 ৰাণ, ৰাঘৱী বিষ্টে 22 টা বলত অপৰাজিত 31 ৰাণ আৰু ৰিচা ঘোষে মাত্ৰ 21 টা বলত 54 ৰাণ সংগ্ৰহ কৰে ।
India seal the T20I series 2-1 with a commanding all-round display in the decider against West Indies 👏
— ICC (@ICC) December 19, 2024
📝 #INDvWI: https://t.co/aRYawJSZNN pic.twitter.com/AXqKnki9SZ
এই মেচখনত ভাৰতীয় দলটোৱে কোবোৱা মুঠ 7 টা ছয়ৰ 5 টায়ে আছিল ৰিচাৰ নামত ৷ মেচৰ অন্তিম অভাৰৰ অন্তিমটো বলত আলিয়া এলিনেৰ বিৰুদ্ধে এটা ছয় কোবাবলৈ গৈ উইকেট হেৰুৱাইছিল বেটছমেনগৰাকীয়ে ৷
মহিলা টি-20 ক্ৰিকেটত দ্ৰুততম অৰ্ধশতক | ||||
খেলুৱৈৰ নাম | বল | খেল | স্থান | তাৰিখ |
এছ এফ এম ডেভাইন | 18 | নিউজিলেণ্ড মহিলা বনাম ভাৰত মহিলা | বেংগালুৰু | 11/07/2015 |
ফবী লিচফিল্ড | 18 | অষ্ট্ৰেলিয়া মহিলা বনাম ৱেষ্ট ইণ্ডিজ মহিলা | চিডনী | 02/10/2023 |
ৰিচা ঘোষ | 18 | ভাৰত মহিলা বনাম ৱেষ্ট ইণ্ডিজ মহিলা | ডি ৱাই পাটিল | 19/12/2024 |
নিদা দাৰ | 20 | দক্ষিণ আফ্ৰিকা মহিলা বনাম পাকিস্তান মহিলা | বেননি | 22/05/2019 |
এ জে হিলি | 21 | অষ্ট্ৰেলিয়া মহিলা বনাম আয়াৰলেণ্ড মহিলা | প্ৰভিডেন্স | 11/11/2018 |
এছ এফ এম ডেভাইন | 21 | নিউজিলেণ্ড মহিলা বনাম আয়াৰলেণ্ড মহিলা | প্ৰভিডেন্স | 17/11/2018 |
এ কেপচি | 21 | ইংলেণ্ড মহিলা বনাম আয়াৰলেণ্ড মহিলা | পাৰ্ল | 13/02/2023 |
লগতে পঢ়ক: উভতি চাওঁ 2024: বছৰটোত কোন কোন খেলুৱৈয়ে ক্ৰিকেটক জনালে চিৰবিদায়