ETV Bharat / sports

কিমান নগদ ধনৰ পুৰস্কাৰ পাব পেৰিছ পেৰালিম্পিকৰ পদক বিজয়ীয়ে ? - Paris Paralympics 2024

author img

By ETV Bharat Sports Team

Published : Sep 10, 2024, 8:19 PM IST

Paris Paralympics 2024 cash prize: ২০২৪ চনৰ পেৰিছ পেৰালিম্পিকত উজ্জ্বল প্ৰদৰ্শনেৰে পদক লাভ কৰি ভাৰতক গৌৰৱান্বিত কৰা খেলুৱৈসকলৰ বাবে চৰকাৰে কোষাগাৰ মুকলি কৰিছে । পেৰালিম্পিক গেমছত পদক লাভ কৰা সকলো ভাৰতীয় খেলুৱৈয়ে লাভ কৰিব নগদ ধনৰ পুৰস্কাৰ ৷ পঢ়ক সম্পূৰ্ণ খবৰ...

Paris Paralympics 2024 cash prize
কিমান নগদ ধনৰ পুৰস্কাৰ পাব পেৰিছ পেৰালিম্পিকৰ পদক বিজয়ীয়ে (ANI Photo)

স্প’ৰ্টছ ডেস্ক, ১০ ছেপ্টেম্বৰ: ২০২৪ চনৰ পেৰিছ অলিম্পিকত দুৰ্বল প্ৰদৰ্শনৰ পিছত ভাৰতৰ পেৰা এথলীটসকলে পেৰালিম্পিক গেমছত উজ্জ্বল প্ৰদৰ্শন কৰি দেশৰ সন্মান ৰক্ষা কৰে । পেৰিছ পেৰালিম্পিকত ভাৰতে মুঠ ২৯ টা পদক লাভ কৰে । য’ত ৭ টা সোণ, ৯ টা ৰূপ আৰু ১৩ টা ব্ৰঞ্জৰ পদক আছে ৷ এয়া পেৰালিম্পিকৰ ইতিহাসত ভাৰতৰ সৰ্বোত্তম প্ৰদৰ্শন ।

পেৰালিম্পিক পদক বিজয়ী খেলুৱৈলৈ ধনৰ টোপোলা

মঙলবাৰে নতুন দিল্লীত পেৰালিম্পিক পদক বিজয়ীসকলক সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে এক বৃহৎ অনুষ্ঠানৰ আয়োজন কৰা হয় । য’ত ক্ৰীড়া মন্ত্ৰী মানসুখ মাণ্ডভিয়াই পেৰিছ পেৰালিম্পিকত পদক লাভ কৰা খেলুৱৈসকললৈ নগদ ধনৰ পুৰস্কাৰ ঘোষণা কৰে ।

স্বৰ্ণ পদক বিজয়ীয়ে লাভ কৰিব ৭৫ লাখ টকা

ক্ৰীড়া মন্ত্ৰীগৰাকীয়ে সোণৰ পদক বিজয়ীক ৭৫ লাখ, ৰূপৰ পদক বিজয়ীক ৫০ লাখ আৰু ব্ৰঞ্জৰ পদক বিজয়ীক ৩০ লাখ টকাৰ নগদ পুৰস্কাৰ প্ৰদান কৰাৰ কথা ঘোষণা কৰিছে । একে সময়তে ধনুৰ্বিদ শীতল দেৱীৰ দৰে মিক্সড টীম ইভেণ্টত পদক লাভ কৰা খেলুৱৈসকলক ২২.৫ লাখ টকাৰ নগদ ধনৰ পুৰস্কাৰ প্ৰদান কৰা হ’ব ।

পৰৱৰ্তী খেলসমূহৰ বাবে অধিক সুবিধা উপলব্ধ হ’ব

২০২৮ চনৰ লছ এঞ্জেলছ পেৰালিম্পিকত পেৰা এথলীটসকলক অধিক পদক লাভ কৰিবলৈ সম্পূৰ্ণ সহায় আৰু সুবিধা প্ৰদান কৰাৰ প্ৰতিশ্ৰুতিও দিয়ে মাণ্ডভিয়াই । তেওঁ কয়, ‘‘পেৰালিম্পিক আৰু পেৰা স্প’ৰ্টছত দেশখন আগবাঢ়িছে । ২০১৬ চনত ৪ টা পদকৰ পৰা ভাৰতে টকিঅ’ত ১৯ টা, পেৰিছত ২৯ টা পদক লাভ কৰি ১৮ নম্বৰ স্থান দখল কৰে ।’’

মাণ্ডভিয়াই আৰু কয়, ‘‘আমি আমাৰ সকলো পেৰা এথলীটসকলক সকলো সুবিধা প্ৰদান কৰিম যাতে আমি ২০২৮ চনৰ লছ এঞ্জেলছ পেৰালিম্পিকত স্বৰ্ণসহ অধিক পদক লাভ কৰিব পাৰো ।’’

ভাৰতে ৰচনা কৰিলে ইতিহাস

উল্লেখ্য যে, পেৰা এথলীটসকলৰ উজ্জল প্ৰদৰ্শনৰ বাবেই ভাৰতে পেৰালিম্পিক গেমছৰ ইতিহাসত ৫০ টা পদকৰ সীমা অতিক্ৰম কৰিছে । পেৰালিম্পিকত ভাৰতে প্ৰথম পদক লাভ কৰিছিল ১৯৭২ চনৰ গেমছত, য’ত মুৰলীকান্ত পেটকাৰে সাঁতোৰত স্বৰ্ণ পদক লাভ কৰিছিল । ২০২৪ চনৰ গেমছৰ পূৰ্বে ভাৰতে ১২ খন পেৰালিম্পিক গেমছত মুঠ ৩১ টা পদক লাভ কৰিছিল ।

লগতে পঢ়ক: কোনোৱে ঢোল বজাইছে আন কোনোৱে নাচিছে : ভাৰতীয় পেৰালিম্পিক খেলুৱৈক দিল্লীত উষ্ম আদৰণি - Paris Paralympics 2024

পেৰিছ পেৰালিম্পিকত স্বৰ্ণজয় ভাৰতীয় হাই জাম্পাৰ প্ৰবীণ কুমাৰৰ - Paris Paralympics 2024

পেৰা আৰ্চাৰীত এটা বিশেষ সোণ... প্ৰধানমন্ত্ৰীয়ে কাক অভিনন্দন জনাই লিখিলে এনেদৰে - PARIS PARALYMPICS 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.