ETV Bharat / sports

পেৰিছ অলিম্পিক 2024: জাৰ্মানীৰ বিৰুদ্ধে ছেমি ফাইনেলত ২-৩ ত পৰাজয় স্বীকাৰ ভাৰতৰ - Paris Olympics 2024

author img

By ANI

Published : Aug 7, 2024, 10:15 AM IST

Indian Hockey team in Paris Olympics: পেৰিছ অলিম্পিকৰ হকীত সোণৰ পদক লাভৰ আশা নিৰ্বাপিত হ’ল ভাৰতৰ ৷ ছেমি ফাইনেলত জাৰ্মানীৰ হাতত 2-3 গ’লত পৰাস্ত হয় ভাৰতীয় হকী দলটো ৷ ব্ৰঞ্জৰ পদক অৰ্জনৰ লক্ষ্যৰে ভাৰতে খেলিব স্পেইনৰ বিৰুদ্ধে ৷

Paris Olympics: India go down fighting against Germany, concede 2-3 loss in semi-final
কোৱাৰ্টাৰ ফাইনেলত দুৰ্দান্ত প্ৰদৰ্শনৰ পাচত ছেমি ফাইনেলত থমকি ৰ’ল ভাৰতীয় হকী দল (ANI)

স্প’ৰ্টছ ডেস্ক, 7 আগষ্ট: স্বৰ্ণজয়ৰ লক্ষ্যৰে খেলপথাৰত নামিও হতাশ হৈ উভতিবলগীয়া হ’ল 10 জনীয়া ভাৰতীয় হকী দলটো ৷ মঙলবাৰে পেৰিছ অলিম্পিকত অনুষ্ঠিত হোৱা উত্তেজনাপূৰ্ণ ছেমি ফাইনেলত জাৰ্মানীৰ হাতত 2-3 গ’লত পৰাস্ত হয় ভাৰতীয় দলটো ৷ এই পৰাজয়ৰ বাবে 44 বছৰৰ পাছত প্ৰথমবাৰৰ বাবে অলিম্পিকৰ হকীৰ ফাইনেলত প্ৰৱেশৰ সুযোগ হেৰুৱাই ভাৰতে ৷

ভাৰতীয় খেলুৱৈসকলে আকৰ্ষণীয়ভাৱে খেলৰ আৰম্ভণি কৰিছিল আৰু আৰম্ভণিৰ সময়ত আধিপত্য বিস্তাৰ কৰিবলৈও সক্ষম হৈছিল ৷ 1980 চনৰ গেমছৰ পিছত অলিম্পিকৰ প্ৰথমখন ফাইনেলত ভাৰতে প্ৰৱেশৰ সুযোগ লাভ কৰিছিল যদিও জাৰ্মানীয়ে চতুৰ্থ আৰু অন্তিম কোৱাৰ্টাৰত নিৰ্ণায়ক গ’ল দি ভাৰতীয় খেলুৱৈসকলৰ আশা স্তব্ধ কৰি পেলালে ।

ভাৰতৰ হৈ অধিনায়ক হৰমনপ্ৰীত সিং(7 নং) আৰু সুখজিত সিঙে(36 নং) গ’ল দিয়াৰ বিপৰীতে জাৰ্মানীৰ হৈ গ’নজালো পেইলাটে(18 নং), ক্রিষ্টোফাৰ ৰুহৰ(27 নং) আৰু মাৰ্কো মিল্টকাউৱে (54 নং) গ’ল দিয়ে ৷ ব্ৰঞ্জৰ পদকৰ বাবে এতিয়া ভাৰতে স্পেইনৰ বিৰুদ্ধে খেলিব, আনহাতে জাৰ্মানীয়ে ফাইনেলত নেদাৰলেণ্ডৰ বিৰুদ্ধে খেলিব ।

ভাৰতীয় দলটো সমুখৰ শাৰীত আছিল, প্ৰথম কোৱাৰ্টাৰত জাৰ্মান ডিফেন্সৰ ওপৰত তীব্ৰ হেঁচা প্ৰয়োগ কৰিছিল আৰু এই সময়তে হৰমনপ্ৰীত মেচখনৰ প্ৰথমটো গ’ল দিছিল । কিন্তু দুৰ্দমনীয় জাৰ্মান দলটোৱে দ্বিতীয় কোৱাৰ্টাৰত শক্তিশালী ৰূপত প্ৰত্যাৱৰ্তন কৰি পেইলাটে দিয়া পেনাল্টি কৰ্ণাৰৰ জৰিয়তে সমতা স্থাপন কৰিছিল ৷ পৰৱৰ্তী সময়ত ৰুহৰৰ পেনাল্টি ষ্ট্ৰ'ক কনভাৰ্চনৰ জৰিয়তে অগ্ৰগতি লাভ কৰে দলটোৱে ৷

ভাৰতীয় দলটোৱে পেনাল্টি কৰ্ণাৰৰ জৰিয়তে দুয়োটা গ’ল নিশ্চিত কৰে ৷ কাৰণ 36 মিনিটত সুখজিতে হৰমনপ্ৰীতৰ ফ্লিকৰ পৰা এটা ভেৰিয়েচনত সুন্দৰকৈ ডিফ্লেক্ট কৰে । চতুৰ্থ আৰু অন্তিম কোৱাৰ্টাৰত জাৰ্মান দলে তীব্ৰতাৰে আক্ৰমণ চলাইছিল আৰু চূড়ান্ত হুটাৰৰ মাত্ৰ ছয় মিনিটৰ ভিতৰতে মিল্টকাউৱে ক্ৰছত ডিফ্লেক্ট কৰি কোটি কোটি ভাৰতীয়ৰ হৃদয় ভাঙি বিজয়ী গ’ল দিয়ে ।

ভাৰতীয় দলটোৱে মেচখনত সুযোগ লাভ কৰিছিল ৷ ভাৰতীয় খেলুৱৈয়ে 11 টা পেনাল্টি কৰ্ণাৰ লাভ কৰিছিল যদিও মাত্ৰ এটা কৰ্ণাৰকহে গ’ললৈ ৰূপান্তৰিত কৰিবলৈ সক্ষম হৈছিল । আনহাতে জাৰ্মানীয়ে মাত্ৰ চাৰিটা পেনাল্টি কৰ্ণাৰহে লাভ কৰিছিল ।

লগতে পঢ়ক: বিনেশ ফোগাটৰ পদক নিশ্চিত: অলিম্পিকৰ মল্লযুঁজৰ ফাইনেলত প্ৰথমগৰাকী ভাৰতীয় মহিলা খেলুৱৈ - PARIS OLYMPICS 2024

আজি জাৰ্মানীৰ বিৰুদ্ধে ভাৰতীয় হকী দলৰ বহু প্ৰত্যাশিত ছেমি ফাইনেল : দুয়ো দেশৰ ৰেকৰ্ডে কি কয় ? - Paris Olympics 2024

হকীৰ ছেমি ফাইনেলৰ পূৰ্বে হৰমনপ্ৰীতৰ স্পষ্ট বক্তব্য, সকীয়ালে জাৰ্মানীক - Paris Olympics 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.