ETV Bharat / sports

তেওঁ নিজৰ ভুল স্বীকাৰ কৰা উচিত : বিনেশৰ অযোগ্যতা সন্দৰ্ভত ছাইনা নেহৱালৰ প্ৰতিক্ৰিয়া - paris olympics 2024 - PARIS OLYMPICS 2024

Paris Olympic 2024 : ভাৰতীয় প্ৰাক্তন তাৰকা শ্বাটলাৰ ছাইনা নেহৱালে বিনেশ ফ’গাটক অযোগ্য ঘোষণাৰ বাবে তেওঁকো দোষাৰোপ কৰিছে । ক’ৰবাত বিনেশৰ ভুল হৈছে আৰু তাৰ দায়িত্ব তেওঁ ল’ব লাগে বুলি কয় নেহৱালে । সম্পূৰ্ণ খবৰ পঢ়ক...

Paris Olympic 2024
বিনেশৰ অযোগ্যতা সন্দৰ্ভত ছাইনা নেহৱালৰ মন্তব্য (IANS PHOTO)
author img

By ETV Bharat Sports Team

Published : Aug 8, 2024, 6:32 PM IST

স্পৰ্টছ ডেস্ক, 8 আগষ্ট : পেৰিছ অলিম্পিক 2024 ত ভাৰতীয় মহিলা মল্লযুঁজাৰু বিনেশ ফোগাটৰ বিষয়টো এতিয়াও বহুচৰ্চিত হৈ আছে ৷ ভাৰতীয় প্ৰাক্তন তাৰকা শ্বাটলাৰ ছাইনা নেহৱালেও ফোগাটক অলিম্পিকৰ পৰা অযোগ্য ঘোষণা কৰা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷ বিনেশ ফোগাটৰ অযোগ্য ঘোষণা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মল্লযুঁজাৰুগৰাকীয়ে আগবাঢ়ি আহি নিজৰ ভুলৰ দায়িত্ব ল’ব লাগে বুলি মন্তব্য কৰিছে ৷

ছেমি ফাইনেললৈকে 50 কেঃজি সীমাৰ ভিতৰত আছিল বিনেশ আৰু ৰূপৰ পদক নিশ্চিত হোৱাৰ লগে লগে তেওঁক শক্তিশালী ৰূপত দেখা গৈছিল ৷ কিন্তু চূড়ান্ত খেলৰ পূৰ্বে তেওঁৰ ওজন 100 গ্ৰামতকৈ অধিক হোৱা বুলি ধৰা পৰে আৰু ইয়াৰ বাবেই তেওঁক প্ৰতিযোগিতাৰ পৰা অযোগ্য ঘোষণা কৰা হয় ৷ এই সিদ্ধান্তৰ বিৰুদ্ধে ক’ৰ্ট অৱ আৰ্বিট্ৰেচন ফৰ স্প’ৰ্টছ (CAS)ত আবেদন দাখিল কৰি ৰূপৰ পদক দাবী কৰিছে বিনেশে ৷

এই ঘটনাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি চাইনা নেহৱালে কয় যে বিনেশে নিজৰ ভুলৰ দায়িত্ব ল’ব লাগে ৷ এন ডি টিভিৰ সৈতে হোৱা কথা-বতৰাত তেওঁ কয়, ‘সাধাৰণতে কোনো খেলুৱৈয়েই এই পৰ্যায়ত এনে ভুল নকৰে ৷ এইটো কেনেকৈ হ’ল সেয়া এক প্ৰশ্নবোধক চিহ্ন ৷ কাৰণ তেওঁৰ এটা ডাঙৰ দল আছে ৷ তেওঁৰ বহু ফিজিঅ’, প্ৰশিক্ষক আছে ৷ সকলোৰে নিশ্চয় বৰ বেয়া লাগিছে ৷ মল্লযুঁজৰ নিয়ম-নীতি মই নাজানো ৷ এজন খেলুৱৈ হিচাপে মোৰ বেয়া লাগে ৷'

লগতে পঢ়ক : "মা কুস্তি জিকিছিল, মই হাৰিছিলো" অৱসৰ ঘোষণা কৰি বিনেশ ফোগাটৰ আবেগিক পোষ্ট - VINESH PHOGAT ANNOUNCES RETIREMENT

নেহৱালে আৰু কয়, ‘তেওঁ যে প্ৰথম অলিম্পিক খেলিছে এনে নহয়, এইটো তেওঁৰ তৃতীয় অলিম্পিক ৷ এগৰাকী খেলুৱৈ হিচাপে তেওঁ নিয়মবোৰ জানিব লাগে ৷ যদি ভুল হৈছিল তেন্তে কেনেকৈ হ’ল নাজানো ৷ ইমান উচ্চ পৰ্যায়ত আন কোনো মল্লযুঁজাৰুক অতিৰিক্ত ওজনৰ বাবে অযোগ্য ঘোষণা কৰা মই কেতিয়াও শুনা নাই ৷ তেওঁ এজন অভিজ্ঞ খেলুৱৈ ৷ বিনেশেও ক’ৰবাত ভুল কৰিছে ৷ দোষো তেওঁ ল’ব লাগে ৷ ইমান ডাঙৰ মেচ এখনৰ আগতে এনে ভুল এটা ঠিক নহয় ৷'

উল্লেখ্য যে, চলিত সংস্কৰণত ভাৰতে এতিয়ালৈকে তিনিটা ব্ৰঞ্জৰ পদক লাভ কৰিছে আৰু বিনেশে দেশৰ বাবে ৰূপৰ পদক আশ্বাস দিছে ৷ অৱশ্যে এই দুৰ্ভাগ্যজনক ঘটনাই তেওঁৰ অভিযানৰ অন্ত পেলাই ৷ ইফালে মল্লযুঁজাৰুগৰাকীয়ে বৃহস্পতিবাৰে এই খেলৰ পৰা অৱসৰ লোৱাৰ কথাও ৰাজহুৱাকৈ ঘোষণা কৰিছে ৷

লগতে পঢ়ক : বিনেশ ফোগাটক সান্ত্বনা সাংসদ কংগনাৰ : নয়নতৰাই ক’লে আপুনি… - Kangana Nayanthara Paris Olympics

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.