ETV Bharat / sports

আন্তৰ্জাতিক টেনিছৰ পৰা অৱসৰ ঘোষণা ৰোহণ বোপান্নাৰ - Paris Olympics 2024 - PARIS OLYMPICS 2024

Paris Olympics 2024 : ভাৰতীয় টেনিছপ্ৰেমীৰ বাবে এক দুখৰ খবৰ । ভাৰতৰ অভিজ্ঞ টেনিছ খেলুৱৈ ৰোহণ বোপান্নাই আন্তঃৰাষ্ট্ৰীয় টেনিছৰ পৰা অৱসৰ ঘোষণা কৰিছে । তেওঁক আৰু দেশৰ হৈ টেনিছ খেলা দেখা পোৱা নাযাব ।

Rohan Bopanna Announce Retirement
ৰোহণ বোপান্না (AP Photo)
author img

By ETV Bharat Sports Team

Published : Jul 29, 2024, 10:53 PM IST

স্পৰ্টছ ডেস্ক, ২৯ জুলাই : ভাৰতীয় টেনিছ তাৰকা ৰোহণ বোপান্নাই আন্তঃৰাষ্ট্ৰীয় টেনিছৰ পৰা অৱসৰৰ কথা ঘোষণা কৰিছে । পেৰিছ অলিম্পিকত হতাশাজনক প্ৰদৰ্শনৰ পিচত তেওঁ এই সিদ্ধান্ত গ্ৰহণ কৰে । উল্লেখ্য যে পেৰিছ অলিম্পিকৰ পৰা আৰম্ভণিতেই প্ৰস্থান কৰে ৰোহণ বোপান্নাই । অৱশ্যে তেওঁ এই কথাত সন্তুষ্টি লাভ কৰে যে তেওঁ 22 বছৰ ধৰি নিজৰ সপোনৰ জগতখনত বিচৰণ কৰিবলৈ সক্ষম হয় । উল্লেখ্য যে দেওবাৰে নিশা পুৰুষৰ ডাবলছৰ প্ৰথম ৰাউণ্ডত ফ্ৰান্সৰ যুটি এডৱাৰ্ড ৰ'জাৰ-ভেচলিন আৰু গেল মনফিলছৰ হাতত পৰাস্ত হোৱাৰ পিচত বোপান্না আৰু এন শ্ৰীৰাম বালাজীৰ ভাৰতীয় যুটিটোৱে চলিত পেৰিছ অলিম্পিকৰ পৰা বাহিৰ হয় ।

আন্তৰ্জাতিক টেনিছক বিদায় ৰোহণ বোপান্নাৰ

১৯৯৬ চনত আটলাণ্টা গেমছত লিয়েণ্ডাৰ পেছৰ ঐতিহাসিক একক ব্ৰঞ্জৰ পদকৰ পিচত কোনো ভাৰতীয়ই টেনিছত অলিম্পিক পদক লাভ কৰিবলৈ সক্ষম হোৱা নাই । বোপান্নাই ২০১৬ চনত নতুন ইতিহাস ৰচনা কৰাৰ দুৱাৰদলিত উপনীত হৈছিল । কিন্তু মিক্সড ডাবলছত ছানিয়া মিৰ্জাৰ সৈতে চতুৰ্থ স্থান লাভ কৰে ।

আনহাতে, ২০২৬ চনত জাপানত অনুষ্ঠিত হ'বলগীয়া এছিয়ান গেমছৰ পৰাও বাহিৰ হৈ বোপান্নাই কয়, "এইটো নিশ্চিতভাৱে দেশৰ বাবে মোৰ অন্তিম ইভেণ্ট হ'ব । মই সম্পূৰ্ণৰূপে বুজি পাওঁ যে মই ক'ত আছোঁ আৰু এতিয়া মই কেৱল টেনিছ উপভোগ কৰি যাম ।" উল্লেখ্য যে তেওঁ ইতিমধ্যে ডেভিছ কাপৰ পৰাও অৱসৰ ঘোষণা কৰিছে ।

তেওঁ লগতে কয়, "মই যি স্থানত উপনীত হৈছোঁ তাৰ বাবে এইটো ইতিমধ্যে এক ডাঙৰ বোনাছ । মই কেতিয়াও ভবা নাছিলোঁ যে মই দুটা দশক ধৰি ভাৰতক প্ৰতিনিধিত্ব কৰিম । ২০০২ চনত মোৰ আত্মপ্ৰকাশৰ পৰা ২২ বছৰৰ পাচতো ভাৰতক প্ৰতিনিধিত্ব কৰাৰ সুযোগ পাইছোঁ । মই ইয়াৰ বাবে অত্যন্ত গৌৰৱান্বিত ।"

বোপান্নাই উল্লেখ কৰে যে ২০১০ চনত ব্ৰাজিলৰ বিৰুদ্ধে ডেভিছ কাপ টাইত ভাৰতৰ হৈ খেলি ৰিকাৰ্ডো মেলোৰ বিৰুদ্ধে তেওঁৰ পঞ্চম জয় তেওঁৰ শ্ৰেষ্ঠ মুহূৰ্তবোৰৰ ভিতৰত এটা ।

"এইটো নিশ্চিতভাৱে ডেভিছ কাপৰ ইতিহাসৰ এক মুহূৰ্ত । এইটো এতিয়ালৈকে মোৰ সৰ্বশ্ৰেষ্ঠ মুহূৰ্ত । ইয়াত কোনো সন্দেহ নাই যে চেন্নাইত ডাবলছ আৰু তাৰ পিচত বাংগালোৰত ছাৰ্বিয়াৰ বিৰুদ্ধে পাঁচটা ছেটত জয়লাভ বিৰল মুহূৰ্ত । সেই সময়ত এইটো সৰ্বশ্ৰেষ্ঠ দল আছিল আৰু ইয়াৰ পৰিৱেশ অতি সৌহাৰ্দ্যপূৰ্ণ আছিল । মই মোৰ পত্নীৰ (সুপ্ৰিয়া) প্ৰতি কৃতজ্ঞ । কাৰণ তেওঁ এই যাত্ৰাত যথেষ্ট ত্যাগ কৰিছে ।" নিজৰ অৱসৰ ঘোষণা কৰি বোপান্নাই কয় ।

উল্লেখ্য যে বোপান্নাই তেওঁৰ সমৰ্থনৰ দ্বাৰা ভাৰতৰ দ্বৈত খেলুৱৈসকলক সহায় কৰি আহিছে আৰু ভৱিষ্যতে এ আই টি এৰ পৰিচালনাত যোগদান কৰাৰ সুযোগ পালে কোনো আপত্তি নাথাকিব । শেষত তেওঁ কয়, "যেতিয়া মই ইয়াৰ বাবে সাজু হ'ম, মই নিশ্চিতভাৱে উক্ত পদৰ বিষয়ে বিবেচনা কৰিম । মই এতিয়াই এই বিষয়ে ক'ব খোজা নাই কাৰণ মই এতিয়াও প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি আছোঁ । এতিয়াই মই এইটো কৰিব নিবিচাৰোঁ, কিয়নো মই এতিয়া এই ক্ষেত্ৰত মোৰ এশ শতাংশ প্ৰতিশ্ৰুতি দিব নোৱাৰিম ।"

লগতে পঢ়ক :বেলজিয়ামৰ প্ৰতিদ্বন্দ্বীক পোনপটীয়া ছেটত পৰাস্ত ভাৰতৰ তাৰকা শ্বাটলাৰ লক্ষ্য সেনৰ - Paris Olympics 2024
লগতে পঢ়ক :পেৰিছ অলিম্পিক পুৰুষ হকী : আৰ্জেণ্টিনাৰ বিৰুদ্ধে ১-১ ব্যৱধানত ড্ৰ ভাৰতৰ - Paris Olympics 2024

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.