ETV Bharat / sports

হেট্ৰিক অৰ্জনত ব্যৰ্থ মনু ভাকৰ: মহিলাৰ ২৫ মিটাৰ পিষ্টল ইভেণ্টত চতুৰ্থ স্থান - Paris Olympics 2024

author img

By ETV Bharat Sports Team

Published : Aug 3, 2024, 4:59 PM IST

Paris Olympics 2024 Shooting: ইতিহাস ৰচনা কৰাত ব্যৰ্থ ভাৰতৰ তাৰকা শ্বুটাৰ মনু ভাকৰ ৷ শনিবাৰে পেৰিছ অলিম্পিকত ২৫ মিটাৰ পিষ্টল ফাইনেলত চতুৰ্থ স্থান দখল কৰে মানুৱে । পঢ়ক সম্পূৰ্ণ খবৰ...

Paris Olympics 2024 Shooting
হেট্ৰিক অৰ্জনত ব্যৰ্থ মনু ভাকৰ (AP Photo)

স্প’ৰ্টছ ডেস্ক, ৩ আগষ্ট: ভাৰতৰ তাৰকা শ্বুটাৰ মনু ভাকৰে পেৰিছ অলিম্পিকত ইতিহাস সৃষ্টিৰ পৰা বঞ্চিত হৈছে । শনিবাৰে পেৰিছ অলিম্পিকত ২৫ মিটাৰ পিষ্টলত চতুৰ্থ স্থান দখল কৰি পেৰিছত তৃতীয়টো পদক লাভৰ পৰা বঞ্চিত হয় মানু । এই ইভেণ্টত মনুৱে পদক লাভ কৰিবলৈ সক্ষম হোৱা হ’লে তেওঁ এটা অলিম্পিকত ৩ টা পদক লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় খেলুৱৈত হিচাপে চিহ্নিত হ’লহেঁতেন । অৱশ্যে পেৰিছত অনুষ্ঠিত হোৱা ১০ মিটাৰ এয়াৰ পিষ্টল মহিলাৰ একক আৰু ১০ মিটাৰ এয়াৰ পিষ্টল মিক্সড টিম ইভেণ্টত ব্ৰঞ্জৰ পদক লাভ কৰিছে মনু ভাকৰে ।

লগতে পঢ়ক: ২৫ মিটাৰ পিষ্টল ফাইনেলৰ বাবে যোগ্যতা অৰ্জন মনু ভাকৰৰ : আন এক পদক লাভৰ আশা - Paris Olympics 2024

পদকৰ হেট্ৰিক অৰ্জনত ব্যৰ্থ মনু ভাকৰ:

শ্বুটিং চেন্সেশন মনু ভাকৰে শনিবাৰে মহিলাৰ ২৫ মিটাৰ পিষ্টল ফাইনেলত মুঠ ২৮ পইণ্টেৰে চতুৰ্থ স্থান দখল কৰে ৷ তেওঁ নূন্যতম ব্যৱধানত প’ডিয়ামত স্থান দখল কৰাত ব্যৰ্থ হয় । দুবাৰকৈ অলিম্পিক চেম্পিয়ন ভাকৰ প্ৰথম ৰাউণ্ডৰ পিচত দ্বিতীয় স্থানত থাকে । আনকি সপ্তম ছিৰিজৰ শেষলৈকে মনু পদক লাভৰ অৱস্থাত আছিল ।

৮ম ছিৰিজত শ্বুট অফত পৰাস্ত:

৮ম ছিৰিজত ৫টা শ্বটৰ ভিতৰত মাত্ৰ দুটা শ্বট (১০.২ বা তাতকৈ অধিক স্ক’ৰ কৰা) কৰাৰ পিচত ভাকৰে শীৰ্ষ ৩ত স্থান লাভৰ বাবে শ্বুট অফত প্ৰৱেশ কৰে । কিন্তু শ্বুট অফত হাংগেৰীৰ শ্বুটাৰ ভেৰ’নিকা মেজৰে তেওঁক চেৰ পেলাই ব্ৰঞ্জৰ পদক দখল কৰে ।

লগতে পঢ়ক: মনু ভাকৰৰ ফটো ব্যৱহাৰ কৰি নজনাব অভিনন্দন, পাব পাৰে আইনী জাননী - PARIS OLYMPICS 2024

কোৰিয়াই স্বৰ্ণ পদক লাভ কৰে:

মহিলাৰ ২৫ মিটাৰ পিষ্টল ফাইনেলত কোৰিয়াৰ ইয়াং জিনে ৩৭ পইণ্টেৰে স্বৰ্ণ পদক লাভ কৰে । আনহাতে আয়োজক ফ্ৰান্সৰ শ্বুটাৰ কেমিল জেড্ৰজেভস্কিয়ে দশম ছিৰিজৰ পিচত শ্বুট অফত ৰূপৰ পদক লাভ কৰি সন্তুষ্ট হ’বলগীয়া হয় ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.