ETV Bharat / sports

ইতিহাস ৰচিলে ভাৰতীয় হকী দলে : ৫২ বছৰৰ পাচত অলিম্পিকত পৰাস্ত কৰিলে অষ্ট্ৰেলিয়াক - Paris Olympics 2024

author img

By ETV Bharat Sports Team

Published : Aug 2, 2024, 8:10 PM IST

Indian hockey team : পেৰিছ অলিম্পিক ২০২৪ৰ অন্তিমখন লীগ মেচত অষ্ট্ৰেলিয়াক ৩-২ গলত পৰাস্ত কৰিছে ভাৰতীয় হকী দলে। এই মেচখনত ভাৰতৰ হৈ অধিনায়ক হৰমনপ্ৰীত সিঙে সৰ্বাধিক ২টা গল দিয়ে। সম্পূৰ্ণ খবৰ পঢ়ক...

INDIAN HOCKEY TEAM IN PARIS
অষ্ট্ৰেলিয়াক ৩-২ গলত পৰাস্ত কৰে ভাৰতীয় হকী দলে (IANS PHOTOS)

স্পৰ্টছ ডেস্ক, 2 আগষ্ট : পেৰিছ অলিম্পিক 2024 ত আজি অৰ্থাৎ 2 আগষ্ট (শুকুৰবাৰ) ভাৰত আৰু অষ্ট্ৰেলিয়াৰ হকী দলৰ মাজত অন্তিমখন লীগ মেচ অনুষ্ঠিত হয় ৷ এই মেচখনত ভাৰতে অষ্ট্ৰেলিয়াক 3-2 গ’লত পৰাস্ত কৰে ৷ উল্লেখ্য যে, 52 বছৰৰ পাচত অলিম্পিকত অষ্ট্ৰেলিয়াক পৰাস্ত কৰিছে ভাৰতীয় হকী দলটোৱে ৷ 1972 চনত অলিম্পিকত ভাৰতে অষ্ট্ৰেলিয়াক পৰাস্ত কৰিছিল ৷ ইয়াৰ লগে লগে ভাৰতে অলিম্পিকত প্ৰথমবাৰৰ বাবে টাৰ্ফত অষ্ট্ৰেলিয়াক পৰাস্ত কৰিছে ৷

এই মেচখনত ভাৰতৰ হৈ অভিষেক আৰু হৰমনপ্ৰীত সিঙে আৰম্ভণিতে অষ্ট্ৰেলিয়াক বেকফুটত ঠেলি দিয়ে ৷ পেৰিছ অলিম্পিকত গ্ৰুপ পৰ্যায়ত ভাৰতে মুঠ 5 খন খেল খেলিছে, ইয়াৰে 3 খন মেচত জয়ী, 1 খন মেচ ড্ৰ’ আৰু 1 খন মেচত পৰাস্ত হৈছে ৷ এতিয়া কোৱাৰ্টাৰ ফাইনেলত দলটোৱে নিজৰ সৰ্বোচ্চ উজাৰি প্ৰদৰ্শন কৰা দেখা যাব ৷

প্ৰথম কোৱাৰ্টাৰত দেখা গ’ল ভাৰতৰ শক্তি :

এই মেচখনৰ প্ৰথম কোৱাৰ্টাৰত 12 মিনিটত ভাৰতীয় দলৰ হৈ অভিষেকে এক উজ্জ্বল ফিল্ড গল দিয়ে ৷ অষ্ট্ৰেলিয়াৰ গ’লৰক্ষক থমাছ ক্ৰেগে তেওঁৰ উজ্জ্বল শ্বট প্ৰতিহত কৰাৰ কোনো সুযোগ নাপালে ৷ ইয়াৰ জৰিয়তে তেওঁ ভাৰতৰ স্ক’ৰ 1-0 কৰে ৷ ইয়াৰ পাচতে খেলখনৰ 13 মিনিটত পেনাল্টি কৰ্ণাৰ লাভ কৰি অধিনায়ক হৰমনপ্ৰীতে এটা শ্বট দি ভাৰতৰ অগ্ৰগতি 2-0 লৈ বৃদ্ধি কৰে ৷ এই খেলখনৰ 15 মিনিটত অষ্ট্ৰেলিয়াৰ টমে এটা শ্বট লৈ গল দিবলৈ চেষ্টা কৰিছিল যদিও ভাৰতৰ গল ৰক্ষক শ্ৰীজেশে ইয়াক ৰক্ষা কৰিছিল ৷ ইয়াৰ লগে লগে ভাৰতে 2-0 গলত প্ৰথম কোৱাৰ্টাৰ সমাপ্ত কৰে ৷

লগতে পঢ়ক : ভাৰতীয় মিক্সড আৰ্চাৰী দলৰ বিস্ফোৰক প্ৰদৰ্শন : কোৱাৰ্টাৰ ফাইনেলত স্থান লাভ - Paris Olympics 2024
ভাৰতৰ হৈ হৰমনপ্ৰীতে 2 টা গল দিয়ে :

এই মেচখনৰ দ্বিতীয় কোৱাৰ্টাৰত অষ্ট্ৰেলিয়াই প্ৰথমটো গল দিয়ে ৷ খেলখনৰ 25 মিনিটত অষ্ট্ৰেলিয়াৰ হৈ ক্ৰেগ থমাছে এটা গল দি 2-1 ত অগ্ৰগতি লাভ কৰে ৷ তৃতীয় কোৱাৰ্টাৰত ভাৰতে তৃতীয়টো গল দিয়ে ৷ 32 মিনিটত ভাৰতে পেনাল্টি কৰ্ণাৰ লাভ কৰে, য’ত হমনপ্ৰীত সিঙে শ্বটটো লৈ দলৰ হৈ গল দিয়ে ৷ অধিনায়ক হৰমনপ্ৰীত সিঙে এই মেচখনৰ তৃতীয় আৰু দ্বিতীয়টো গল দিয়ে ৷ ইয়াৰ জৰিয়তে তেওঁ ভাৰতৰ অগ্ৰগতি 3-1 লৈ বৃদ্ধি কৰে ৷

ভাৰতে 3-2 গ’লত জয়লাভ কৰে :

এই খেলখনত গভাৰ্ছ ব্লেকে 55 মিনিটত অষ্ট্ৰেলিয়াৰ হৈ দ্বিতীয়টো গল দি 3-2 গ’লত অগ্ৰগতি লাভ কৰে ৷ ইয়াৰ পিচত খেলখনৰ শেষলৈকে দুয়োটা দলৰ কোনোৱে গল দিব নোৱাৰে আৰু ভাৰতে 3-2 গলত জয়লাভ কৰে ৷

লগতে পঢ়ক : ২৫ মিটাৰ পিষ্টল ফাইনেলৰ বাবে যোগ্যতা অৰ্জন মনু ভাকৰৰ : আন এক পদক লাভৰ আশা - Paris Olympics 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.