ETV Bharat / sports

পেৰিছ অলিম্পিক ২০২৪ : হকীৰ ছেমি ফাইনেলৰ বাবে নিষিদ্ধ ভাৰতৰ অমিত ৰোহিদাস - Paris Olympics 2024 - PARIS OLYMPICS 2024

Paris Olympics 2024 : পেৰিছ অলিম্পিকৰ ছেমি ফাইনেলত প্ৰৱেশ ভাৰতীয় পুৰুষ দলৰ । খেলখনৰ পূৰ্বে ভাৰতীয় হকী দলক মোক্ষম আঘাত । কোৱাৰ্টাৰ ফাইনেলত ৰেড কাৰ্ড লাভ কৰা অমিত ৰোহিদাসক এখন খেলৰ বাবে নিষিদ্ধ কৰা হৈছে ।

Paris Olympics 2024
হকীৰ ছেমি ফাইনেলৰ বাবে নিষিদ্ধ ভাৰতৰ অমিত ৰোহিদাস (AP Photo)
author img

By ETV Bharat Sports Team

Published : Aug 5, 2024, 2:14 PM IST

স্পৰ্টছ ডেস্ক,৫ আগষ্ট : ভাৰতৰ বাবে পেৰিছৰ পৰা এটাৰ পিচত আন এটা নিৰাশাজনক খবৰ আহিছে । ভাৰতৰ কেইবাগৰাকী পদকৰ দাবীদাৰ খেলুৱৈয়ে ইতিমধ্যে পেৰিছ অলিম্পিকৰ অভিযান সামৰিছে । ইয়াৰ মাজতে ভাৰতীয় হকী দলৰ বাবে আন এক হতাশাজনক খবৰ । ছেমি ফাইনেলৰ পূৰ্বে ভাৰতীয় দলৰ গুৰুত্বপূৰ্ণ খেলুৱৈক নিষিদ্ধ কৰা হৈছে ।

হকী খেলুৱৈক নিষিদ্ধ :

পেৰিছ অলিম্পিক ২০২৪ত ভাৰতীয় হকী দলে এতিয়ালৈকে সুন্দৰ প্ৰদৰ্শন কৰিছে । দেওবাৰে গ্ৰেট ব্ৰিটেইনৰ বিৰুদ্ধে কোৱাৰ্টাৰ ফাইনেল খেলখনত ভাৰতে শক্তিশালী প্ৰদৰ্শন কৰে আৰু শ্বুটআউট মেচখনত ভাৰত জয়ী হয় । এতিয়া ভাৰতে জাৰ্মানীৰ বিৰুদ্ধে ছেমি ফাইনেল খেলিব । কিন্তু ছেমি ফাইনেলৰ পূৰ্বে ভাৰতীয় হকী দলৰ বাবে ডাঙৰ খবৰ ।

ভাৰতীয় হকী দলৰ খেলুৱৈ অমিত ৰোহিদাসক পেৰিছ অলিম্পিকত এখন খেলৰ বাবে নিষিদ্ধ কৰা হৈছে । মঙলবাৰে জাৰ্মানীৰ বিৰুদ্ধে ছেমি ফাইনেল খেলখনত তেওঁ খেলিব নোৱাৰিব । দেওবাৰে গ্ৰেট ব্ৰিটেইনৰ বিৰুদ্ধে ভাৰতীয় হকী দলৰ কোৱাৰ্টাৰ ফাইনেল খেলখনৰ সময়ত অমিত ৰোহিদাসে ৰেড কাৰ্ড লাভ কৰিছিল । যাৰ বাবে তেওঁ পৰৱৰ্তী খেলৰ বাবে বঞ্চিত হৈছে ।

৪ আগষ্টত ভাৰত বনাম গ্ৰেট ব্ৰিটেইন খেলৰ সময়ত আচৰণ বিধি উলংঘা কৰাৰ বাবে আন্তঃৰাষ্ট্ৰীয় হকী ফেডাৰেশ্যনে (এফআইএইচ) এখন খেলৰ বাবে অমিত ৰোহিদাসক নিলম্বন কৰিছে । এই নিলম্বনৰ পিচত জাৰ্মানীৰ বিৰুদ্ধে ভাৰতৰ ছেমি ফাইনেল মেচত তেওঁ অংশগ্ৰহণ কৰিব নোৱাৰিব । ভাৰতে এতিয়া ১৫ গৰাকী খেলুৱৈৰ সৈতে জাৰ্মানীৰ বিৰুদ্ধে খেলিব ।

অমিত ৰোহিদাসক ৰেড কাৰ্ড :

গ্ৰেট ব্ৰিটেইনৰ বিৰুদ্ধে কোৱাৰ্টাৰ ফাইনেল খেলৰ দ্বিতীয় কোৱাৰ্টাৰত অমিত ৰোহিদাসে উইল কালনানৰ বিৰুদ্ধে মিড ফিল্ডত তীব্ৰ যুঁজত অৱতীৰ্ণ হৈছিল । গ্ৰেট ব্ৰিটেইনৰ ফৰৱাৰ্ডৰ পৰা আঁতৰি থাকিবলৈ প্ৰচেষ্টা চলোৱাৰ সময়তে ৰোহিদাসৰ হকী ষ্টিকে কালনানৰ মুখত আঘাত কৰে । যাৰ বাবে ৰেফাৰীয়ে অমিত ৰোহিদাসক ৰেড কাৰ্ড প্ৰদৰ্শন কৰে । প্ৰথমে ৰেফাৰীয়ে ইয়াক গুৰুতৰ অপৰাধ বুলি বিবেচনা কৰা নাছিল যদিও ভিডিঅ' ৰেফাৰেলৰ পিচত তেওঁক ৰেড কাৰ্ড প্ৰদৰ্শন কৰা হয় ।

উল্লেখ্য যে, ভাৰতৰ হকী দলটোৱে টকিঅ' অলিম্পিকতো ছেমি ফাইনেলত প্ৰৱেশ কৰিছিল । অৱশ্যে দলটোৱে ব্ৰঞ্জৰ পদকতে সন্তুষ্ট থাকিব লগা হৈছিল । এইবাৰ হকী দলৰ ওপৰত দেশবাসীৰ দৃষ্টি নিবদ্ধ আছে ।

লগতে পঢ়ক :পেনাল্টি শ্বুটআউটৰ জৰিয়তে গ্ৰেট ব্ৰিটেইনক পৰাস্ত কৰি ছেমিফাইনেলত প্ৰৱেশ ভাৰতীয় হকী দলৰ - Paris Olympics 2024

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.