ETV Bharat / sports

বিনেশ ফোগাটৰ আবেদনৰ আজি হ’ব সিদ্ধান্ত, ৰূপৰ পদক লাভৰ আশা ভাৰতৰ - Paris Olympics 2024

author img

By ETV Bharat Sports Team

Published : Aug 10, 2024, 7:38 PM IST

Paris Olympics 2024 : ভাৰতীয় মল্লযুঁজাৰু বিনেশ ফ’গাটক মল্লযুঁজৰ ফাইনেলৰ পৰা অযোগ্য ঘোষণা কৰাৰ বিৰুদ্ধে দাখিল কৰা আবেদনৰ শুনানি সম্পূৰ্ণ হৈছে । এই সন্দৰ্ভত আজি নিশা ৯:৩০ বজাত CAS-এ সিদ্ধান্ত ল’ব । পঢ়ক সম্পূৰ্ণ খবৰ.

Paris Olympics 2024
বিনেশ ফোগাটৰ আবেদনৰ আজি হ’ব সিদ্ধান্ত (ANI)

স্পৰ্টছ ডেস্ক, ১০ আগষ্ট : ভাৰতীয় মল্লযুঁজাৰু বিনেশ ফ’গাটে পেৰিছ অলিম্পিকত মহিলাৰ ৫০ কেজি মল্লযুঁজৰ ফাইনেলৰ পৰা অযোগ্য ঘোষণা কৰাৰ বিৰুদ্ধে ক’ৰ্ট অৱ আৰ্বিট্ৰেচন ফৰ স্প’ৰ্টছ (CAS)ত আবেদন দাখিল কৰিছিল । CAS ৰ তদৰ্থ বিভাগত ইয়াৰ শুনানি সমাপ্ত হোৱাৰ লগে লগে ভাৰতীয় অলিম্পিক সন্থাই (IOA) অনুকূল সিদ্ধান্তৰ আশা কৰা বুলি কয় ।

লগতে পঢ়ক: দেহৰ বৰ্ধিত ওজনৰ বাবেই অযোগ্য বিনেশ ফোগাট ! স্বৰ্ণজয়ৰ স্বপ্ন আধৰুৱা হৈ ৰ’ল ভাৰতীয় মল্লযুঁজাৰুগৰাকীৰ - PARIS OLYMPICS 2024

আজি নিশা ৯:৩০ বজাৰ ভিতৰত এই সিদ্ধান্ত আহিব বুলি তদৰ্থ বিভাগে জনাইছিল ৷ তদৰ্থ বিভাগে কৈছিল, "দেওবাৰে পেৰিছ অলিম্পিকৰ সামৰণি অনুষ্ঠানৰ পূৰ্বে এই সিদ্ধান্ত আহিব পাৰে ।" মল্লযুঁজাৰু বিনেশ ফ’গাটে ক্ৰীড়া আদালতৰ তদৰ্থ বিভাগত দাখিল কৰা আবেদনৰ ইতিবাচক সমাধানৰ আশাবাদী ভাৰতীয় অলিম্পিক সন্থা । আজি নিশা ৯:৩০ বজাৰ ভিতৰত ইয়াৰ সিদ্ধান্ত আহিব । এই তথ্য দি CAS এ এক বিবৃতি প্ৰকাশ কৰিছে ।

পেৰিছ অলিম্পিকত অযোগ্য ঘোষণা হোৱাৰ পাচত বিনেশৰ ঠাইত ছেমি ফাইনেলত তেওঁৰ হাতত পৰাস্ত হোৱা কিউবাৰ মল্লযুঁজাৰু ইউছনেলিছ গুজমান লোপেজে ফাইনেলত প্ৰৱেশ কৰে । ভাৰতীয় মল্লযুঁজাৰু বিনেশ ফ’গাটে নিজৰ আবেদনত তেওঁক লোপেজৰ সৈতে যৌথ ৰূপৰ পদক দিয়াৰ দাবী জনাইছে কাৰণ মঙলবাৰে তেওঁৰ মেচসমূহৰ সময়ত তেওঁৰ ওজন নিৰ্ধাৰিত সীমাৰ ভিতৰত আছিল । বিনেশৰ পক্ষত আদালতত এই বিষয়টো উপস্থাপন কৰে সুপৰিচিত জ্যেষ্ঠ অধিবক্তা হৰিশ ছালভে আৰু বিদুষ্পত সিংঘানিয়াই ।

লগতে পঢ়ক: "মা কুস্তি জিকিছিল, মই হাৰিছিলো" অৱসৰ ঘোষণা কৰি বিনেশ ফোগাটৰ আবেগিক পোষ্ট - PARIS OLYMPICS 2024

৩ ঘণ্টা ধৰি চলা শুনানিটো IOA কয়, "বিষয়টো এতিয়াও বিবেচনাধীন, গতিকে বৰ্তমান মাত্ৰ ক’ব পাৰি যে একমাত্ৰ মধ্যস্থতাকাৰী ডাঃ এনাবেল বেনেট এ চি (অষ্ট্ৰেলিয়া)-এ সকলো পক্ষ বিনেশ ফ’গাট, ইউনাইটেড বিশ্ব মল্লযুঁজ, আন্তঃৰাষ্ট্ৰীয় অলিম্পিক সমিতি আৰু আই অ’ এ সকলো কথা প্ৰায় ৩ ঘণ্টা ধৰি শুনিছে ।" উল্লেখ্য যে, শুনানিৰ পূৰ্বে সংশ্লিষ্ট সকলো পক্ষকে তেওঁলোকৰ বিশদ আইনী শপতনামা দাখিল কৰাৰ সুযোগ দিয়া হৈছিল । ইয়াৰ পিছতে তৰ্ক আৰম্ভ হৈছিল ।

শুনানিৰ সময়ত সহযোগিতা আৰু যুক্তিৰ বাবে আই অ’ এৰ সভাপতি পি টি উষাই ছালভে, সিংঘানিয়া আৰু ক্ৰিদা আইনী দলটোক ধন্যবাদ জনায় । ড৹ উষাই কয়, "এই গোচৰৰ ৰায় যিয়েই নহওক কিয়, আমি তেওঁৰ সৈতে থিয় দিছো আৰু তেওঁৰ কৃতিত্বৰ বাবে আমি গৌৰৱান্বিত ।"

লগতে পঢ়ক: বিনেশ ফোগাটে এতিয়াও ৰূপৰ পদক লাভ কৰিব পাৰিবনে ? সিদ্ধান্ত কেতিয়া আহিব জানক - Paris Olympics 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.