পেৰিছ অলিম্পিকত দৃশ্যমান ভাৰতীয় হকীৰ শক্তি : ৪৪ বছৰৰ পাচত সোণৰ আশা দেশবাসীৰ - Paris Olympics 2024 - PARIS OLYMPICS 2024
Paris 2024 Olympics Hockey : ২০২৪ চনৰ পেৰিছ অলিম্পিকত ভাৰতীয় হকী দলটোৱে এতিয়ালৈকে উজ্জ্বল প্ৰদৰ্শন আগবঢ়াইছে । ব্ৰিটেইনৰ বিৰুদ্ধে শ্বুট আউটত জয়লাভ কৰি ভাৰতে ছেমি ফাইনেলত প্ৰৱেশ কৰিছে । এতিয়া ভাৰতে জাৰ্মানীৰ বিৰুদ্ধে ছেমি ফাইনেল মেচ খেলিব । সম্পূৰ্ণ খবৰ পঢ়ক...

Published : Aug 5, 2024, 7:53 PM IST
স্পৰ্টছ ডেস্ক, 5 আগষ্ট : ভাৰতীয় হকী দলৰ অলিম্পিকত এক সোণালী ইতিহাস আছে ৷ ভাৰতীয় হকী সমগ্ৰ বিশ্বতে বিখ্যাত আছিল যদিও টকিঅ’ অলিম্পিকৰ কেইবছৰমান পূৰ্বে এই দলটোৱে নিজৰ প্ৰদৰ্শনত অবিৰত উত্থান-পতনৰ মাজেৰে পাৰ হৈছিল ৷ টকিঅ’ অলিম্পিকৰ ব্ৰঞ্জৰ পদক ভাৰতীয় হকী দলৰ বাবে এক ডাঙৰ কৃতিত্ব আছিল ৷ এতিয়া ভাৰতীয় হকীৰ পুৰণি গৌৰৱ পুনৰ উত্থান দেখা গৈছে পেৰিছ অলিম্পিকত ৷
ভাৰতীয় হকী দলটোৱে গ্ৰেট ব্ৰিটেইনক ৰোমাঞ্চকৰ কোৱাৰ্টাৰ ফাইনেল খেলত পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰে ৷ এই মেচত শোণিপত নিবাসী অভিষেক নেন আৰু সুমিতে ভাৰতৰ জয়ৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ৷ হকী দলৰ এই জয়ৰ পিচত খেলুৱৈসকলৰ পৰিয়ালকে ধৰি সমগ্ৰ দেশৰ আশা আৰু অধিক বৃদ্ধি পাইছে ৷ এইবাৰ পদকৰ ৰং সলনি হ’ব বুলি আশা কৰা হৈছে ৷ হকীত স্বৰ্ণ পদক লাভ কৰাৰ সম্ভাৱনা সন্দৰ্ভতো আশা বৃদ্ধি পাইছে ৷
কোৱাৰ্টাৰ ফাইনেলত ভাৰতৰ জয়ৰ কৃতিত্ব গলৰক্ষক শ্ৰীজেশৰ হাতত, যিয়ে পেনাল্টি শ্বুট আউটত 2 টা গল প্ৰতিহত কৰি নিজৰ প্ৰতিভা প্ৰমাণ কৰিলে ৷ একে সময়তে ভাৰতৰ ডিফেন্সৰ দুগৰাকী মহান খেলুৱৈ অভিষেক নেন আৰু সুমিতেও অৰিহণা যোগাইছিল ৷ দুয়োৰে পৰিয়ালৰ সদস্য আৰু ক্ৰীড়াপ্ৰেমীৰ মাজত এতিয়া আনন্দমুখৰ পৰিৱেশে বিৰাজ কৰিছে ৷
অভিষেক নেনৰ পিতৃ আৰু সুমিতৰ ভাতৃ জয়সিংহই এই জয়ৰ বাবে সমগ্ৰ ভাৰতীয় হকী দলটোক কৃতিত্ব দিছে ৷ অৱশ্যে সুমিত আৰু অভিষেকৰ সৈতে পৰিয়ালৰ লোকে এতিয়ালৈকে কথা পাতিব পৰা নাই, কাৰণ দুয়োজন খেলুৱৈয়ে আগন্তুক মেচখনৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে ৷
1972 চনৰ মিউনিখ অলিম্পিকৰ পাচত এইবাৰ ভাৰতে একেৰাহে দুখন অলিম্পিকৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে ৷ ছ’চিয়েল মিডিয়াত ভাৰতীয় দলৰ উৎকৃষ্ট প্ৰদৰ্শনত অনুৰাগীসকল অতিশয় সুখী ৷ কিন্তু অমিত ৰোহিদাসক ৰঙা কাৰ্ড দিয়া আৰু পিচত এখন মেচৰ বাবে নিষিদ্ধ হোৱাৰ বাবে অনুৰাগীৰ মাজত কিছু হতাশাৰ সৃষ্টি হৈছে ৷ ভাৰতৰ বিজয়ৰ পিচত পি আৰ শ্ৰীজেশ আৰু তেওঁৰ সহযোগীসকলে ছ’চিয়েল মিডিয়াত যথেষ্ট আদৰ লাভ কৰিছে ৷
নিৰ্দিষ্ট ৬০ মিনিট আৰু শ্বুট আউটৰ সময়ত অবিশ্বাস্য ছেভৰ বাবে ভাৰতৰ কোৱাৰ্টাৰ ফাইনেল জয়ৰ নায়ক আছিল পি আৰ শ্ৰীজেশ। এয়া তেওঁৰ শেষ অলিম্পিক, আশা কৰা হৈছে যে দলটোৱে তেওঁক স্মৰণীয় বিদায় দিব।
লগতে পঢ়ক : পেৰিছ অলিম্পিকত ইতিহাস সৃষ্টি কৰিলে ভাৰতীয় খেলুৱৈয়ে : গঢ়িলে ৫টা ডাঙৰ অভিলেখ - PARIS OLYMPICS 2024