ETV Bharat / sports

দেওবাৰে পেৰিছ অলিম্পিকৰ সামৰণি অনুষ্ঠান: জনপ্ৰিয় অভিনেতা টম ক্ৰুজৰ উপস্থিতিৰ সম্ভাৱনা - PARIS OLYMPICS 2024

author img

By ETV Bharat Assamese Team

Published : Aug 11, 2024, 11:11 AM IST

Paris Olympics 2024: আজি 2024 বৰ্ষৰ পেৰিছ অলিম্পিকৰ অন্তিমটো দিন ৷ দেওবাৰে অনুষ্ঠিত হ’ব এই সামৰণি অনুষ্ঠান ৷ এই অনুষ্ঠানত জনপ্ৰিয় অভিনেতা টম ক্ৰুজৰ লগতে বহু নামী-দামী তাৰকা শিল্পীয়ে অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে ৷

paris-olympics-2024-closes-with-hollywood-ending-starring-tom-cruise
জনপ্ৰিয় অভিনেতা টম ক্ৰুজ (AP)

স্প’ৰ্টছ ডেস্ক, 11 আগষ্ট: দেওবাৰে অন্ত পৰিব পেৰিছ অলিম্পিকৰ ৷ হলীউডৰ তাৰকা টম ক্ৰুজে এই সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে ৷ একেটা অনুষ্ঠানতে ফ্ৰান্সৰ ৰাজধানী তথা চলিত বৰ্ষৰ আয়োজক পেৰিছে 2028 চনৰ অলিম্পিকৰ আয়োজক লছ এঞ্জেলছক আনুষ্ঠানিকভাৱে অলিম্পিকৰ দায়িত্বৰ বাঘজৰী অৰ্পণ কৰিব ৷ লগতে 14 টা সোণৰ পদকৰ সন্দৰ্ভতো সিদ্ধান্ত ল’ব বুলি জানিব পৰা গৈছে ।

বৰ্তমান ইউৰোপত "মিছন ইম্প’চিবল" চিৰিজৰ শেহতীয়া খণ্ডটোৰ চিত্ৰগ্ৰহণ কৰি থকা টম ক্ৰুজে সামৰণি অনুষ্ঠানত অভিনয় প্ৰদৰ্শন কৰাৰ সম্ভাৱনা আছে । খবৰ অনুসৰি, জনপ্ৰিয় অভিনেতাগৰাকীয়ে পেৰিছৰ পৰা লছ এঞ্জেলছক অলিম্পিকৰ দায়িত্ব অৰ্পণ কৰাৰ সময়তে এক দৰ্শনীয় ষ্টাণ্ট ছিকুৱেন্স প্ৰদৰ্শন কৰিব, য’ত এখন চহৰৰ পৰা আনখন চহৰলৈ অলিম্পিকৰ পতাকা প্ৰদান কৰা হ’ব ।

পেৰিছৰ অলিম্পিক ইভেণ্টত ক্ৰুজৰ নিয়মীয়া উপস্থিতি পৰিলক্ষিত হৈ আহিছে । শনিবাৰে তেওঁ আমেৰিকাৰ মহিলা দলটোৱে খেলা ফুটবল মেচখন উপভোগ কৰে, য’ত মহিলা দলটোৱে পঞ্চমটো স্বৰ্ণ পদক লাভ কৰিছিল । ইয়াৰ উপৰিও সামৰণি অনুষ্ঠানত লছ এঞ্জেলছৰ পৰা কেলিফৰ্ণিয়াৰ অভিনেতা বিলি আইলিছ আৰু ৰেড হট চিলি পেপাৰ্ছেও অতিথিৰ তালিকাত অন্তৰ্ভুক্ত হোৱাৰ সম্ভাৱনা আছে ।

ষ্টেড ডি ফ্ৰান্সত অনুষ্ঠিত হ’বলগীয়া সামৰণি অনুষ্ঠানটো পৰিচালনা কৰিব থমাছ জলিয়ে । থমাছ জলিয়ে হ’ল চেইন নদীত অনুষ্ঠিত হোৱা আকৰ্ষণীয় মুকলি অনুষ্ঠানৰ আঁৰৰ ব্যক্তিগৰাকী ৷ জলিয়ে 11 আগষ্টত অলিম্পিক গেমছ শেষ হ’ব আৰু অলিম্পিকৰ শিখা নিৰ্বাপিত হ’ব বুলি জনায় । সেই মুহূৰ্তটোৱে সকলোকে সোঁৱৰাই দিব যে এই অলিম্পিক গেমছ কিমান মূল্যৱান ।

উল্লেখ্য যে, পেৰিছ অলিম্পিকৰ পদক তালিকাৰ শীৰ্ষত আছে চীন আৰু দ্বিতীয় স্থানত আমেৰিকা ৷ ভাৰতে এটা ৰূপ আৰু পাঁচটা ব্ৰঞ্জৰ পদক লাভ কৰি তালিকাৰ 71 সংখ্যক স্থানত আছে ৷

লগতে পঢ়ক: বিনেশ ফ’গাটৰ আবেদনক লৈ সিদ্ধান্ত হ'ব ১১ আগষ্টত - PARIS OLYMPICS 2024

যশপ্ৰীত বুমৰাহে মোৰ স্মেছ সহ্য কৰিব নোৱাৰিব : ছাইনা নেহৱালৰ দাবী - SAINA NEHWAL

ভাৰতৰ ডাবল অলিম্পিক পদক বিজয়ী : কোন কোন আছে এই তালিকাত - Paris Olympics 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.