ETV Bharat / sports

হকীৰ ছেমি ফাইনেলৰ পূৰ্বে হৰমনপ্ৰীতৰ স্পষ্ট বক্তব্য, সকীয়ালে জাৰ্মানীক - Paris Olympics 2024 - PARIS OLYMPICS 2024

Paris Olympics 2024 Hockey : মঙলবাৰে পেৰিছ অলিম্পিকৰ ছেমি ফাইনেলত ভাৰতীয় পুৰুষ হকী দলে জাৰ্মানীৰ বিৰুদ্ধে খেলিব। এই ডাঙৰ মেচখনৰ পূৰ্বে ভাৰতীয় অধিনায়ক হৰমনপ্ৰীত সিঙে এটা ডাঙৰ মন্তব্য দিছে। পঢ়ক সম্পূৰ্ণ খবৰ...

Paris Olympics 2024 Hockey
ছেমি ফাইনেলৰ পূৰ্বে হৰমনপ্ৰীত সিঙৰ প্ৰতিক্ৰিয়া (AP Photo)
author img

By ETV Bharat Sports Team

Published : Aug 5, 2024, 8:19 PM IST

স্পৰ্টছ ডেস্ক, 5 আগষ্ট : পেৰিছ অলিম্পিক 2024ৰ কোৱাৰ্টাৰ ফাইনেলত ভাৰতীয় পুৰুষ হকী দলে ব্ৰিটেইনৰ বিৰুদ্ধে শ্বুট আউটত 4-2 গ’লত ৰোমাঞ্চকৰ জয় সাব্যস্ত কৰে ৷ হৰমনপ্ৰীত সিঙৰ নেতৃত্বত ভাৰতীয় দলটোৰ এতিয়া পৰৱৰ্তী লক্ষ্য হ’ব জাৰ্মানীৰ প্ৰত্যাহ্বান অতিক্ৰম কৰা ৷ মঙলবাৰে অনুষ্ঠিত হ’বলগীয়া ছেমি ফাইনেলত পদকৰ ৰং সলনি কৰাৰ উদ্দেশ্যেৰে খেলপথাৰত নামিব ভাৰতীয় দলটো ৷ ভাৰতৰ 140 কোটি দেশবাসীয়ে আশা কৰিছে যে হকী দলটোৱে পেৰিছ অলিম্পিকৰ ফাইনেলত প্ৰৱেশ কৰি 1980 চনৰ পিচত প্ৰথমবাৰৰ বাবে স্বৰ্ণ পদক দখল কৰিব ৷

জাৰ্মানীৰ বিৰুদ্ধে ফাইনেল খেলিব বিচাৰিছিল হৰমনপ্ৰীতে :

এই বৃহৎ ছেমি ফাইনেল মেচৰ পূৰ্বে ভাৰতীয় অধিনায়ক হৰমনপ্ৰীতে কয় যে দলটোৱে প্ৰত্যাহ্বানমূলক প্ৰতিদ্বন্দ্বী জাৰ্মানীৰ বিৰুদ্ধে ফাইনেল খেলিব বিচাৰিছে ৷ হৰমনপ্ৰীতে কয়, ‘আমি ফাইনেলত জাৰ্মানীৰ বিৰুদ্ধে খেলিব বিচাৰিছিলো ৷ অন্ততঃ অলিম্পিক গেমছৰ পূৰ্বে দলীয় বৈঠকৰ সময়ত আমি নিজৰ মাজতে এই কথা আলোচনা কৰিছিলো ৷ তেওঁলোক প্ৰত্যাহ্বানমূলক প্ৰতিদ্বন্দ্বী আৰু আমি যেতিয়া তেওঁলোকৰ বিৰুদ্ধে খেলো তেতিয়া মেচখন সাধাৰণতে শেষ চেকেণ্ডলৈকে উত্তেজনা থাকে ৷'

অমিত ৰোহিদাসৰ নিষেধাজ্ঞা সন্দৰ্ভত প্ৰতিক্ৰিয়া অধিনায়কৰ :

ছেমি ফাইনেলৰ পূৰ্বে ভাৰতীয় দলটোৱে বৃহৎ আঘাতৰ সন্মুখীন হৈছে ৷ কাৰণ তেওঁলোকৰ ডিফেণ্ডাৰ তথা এক নম্বৰ পেনাল্টি কৰ্ণাৰ অমিত ৰোহিদাসে এই মেচত খেলিব নোৱাৰিব ৷ কিয়নো এফ আই এইচে তেওঁৰ ওপৰত এখন মেচৰ বাবে নিষেধাজ্ঞা আৰোপ কৰিছে ৷ এই সন্দৰ্ভত হৰমনপ্ৰীতে কয়, ‘এইবোৰ কথা আমাৰ নিয়ন্ত্ৰণত নাই ৷ যদিও ছেমি ফাইনেলৰ বাবে অমিত খেলপথাৰত নথকাটো এটা ডাঙৰ আঘাত, কিন্তু আমি আমাৰ কামত মনোনিৱেশ কৰিছো ৷'

লগতে পঢ়ক : পেৰিছ অলিম্পিকত ইতিহাস সৃষ্টি কৰিলে ভাৰতীয় খেলুৱৈয়ে : গঢ়িলে ৫টা ডাঙৰ অভিলেখ - PARIS OLYMPICS 2024

কোৱাৰ্টাৰ ফাইনেলত শেষ মুহূৰ্তলৈকে যুঁজ :

হৰমনপ্ৰীত সিঙে আৰু কয়, ‘দেওবাৰে আমাৰ প্ৰদৰ্শনত যিটো থিয় হৈছিল সেয়া হ'ল অমিতৰ দৰে গুৰুত্বপূৰ্ণ পদত অতিৰিক্ত দায়িত্ব লোৱাৰ দলটোৰ সামৰ্থ্য ৷ প্ৰতিজন খেলুৱৈয়ে আগবাঢ়ি আহিছিল আৰু দায়িত্ব লৈছিল আৰু আমি শেষ মুহূৰ্তলৈকে যুঁজ দি আছিলোঁ ৷'

    ]

44 বছৰ ধৰি হকীৰ ফাইনেলত প্ৰৱেশ কৰিব পৰা নাই ভাৰত :

এতিয়া মঙলবাৰে নিশা 10.30 বজাৰ পৰা অনুষ্ঠিত হ’বলগীয়া ছেমি ফাইনেলত ‘চৰপঞ্চ’ৰ নেতৃত্বত ভাৰতীয় দলটোৱে কেনেদৰে প্ৰদৰ্শন কৰিব সেয়া চাবলৈ উদগ্ৰীৱ হৈ আছে দেশবাসী ৷ 44 বছৰৰ পাচত অলিম্পিকৰ হকী ফাইনেলত প্ৰৱেশৰ প্ৰতি লক্ষ্য ৰাখিছে ভাৰতে ৷ ভাৰতে শেষবাৰৰ বাবে হকী ফাইনেলত প্ৰৱেশ কৰিছিল 1980 চনত, য’ত ভাৰতে স্বৰ্ণ পদক লাভ কৰিছিল ৷

লগতে পঢ়ক : 9 দিনৰ পাচত অলিম্পিকত ভাৰতৰ হাতত মাত্ৰ ৩ টা পদক, যোৱা দুদিনত ২৮টা পদক লাভ কৰিছে আমেৰিকাই - paris olympics 2024

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.