ETV Bharat / sports

কোৱাৰ্টাৰ ফাইনেলত পৰাস্ত মল্লযুঁজাৰু ঋতিকা হুদা, পেৰিছ অলিম্পিকত ভাৰতৰ অভিযান সমাপ্ত - Paris Olympics 2024

author img

By ETV Bharat Sports Team

Published : Aug 10, 2024, 8:38 PM IST

Paris Olympics 2024 Wrestling: মহিলাৰ ফ্ৰীষ্টাইল ৭৬ কেজি মল্লযুঁজৰ কোৱাৰ্টাৰ ফাইনেলত পৰাস্ত ভাৰতৰ যুৱ মল্লযুঁজাৰু ঋতিকা হুদা । এই পৰাজয়ৰ লগে লগে পেৰিছ অলিম্পিকত ভাৰতৰ অভিযান প্ৰায় সমাপ্ত হৈছে । পঢ়ক সম্পূৰ্ণ খবৰ...

Paris Olympics 2024
কোৱাৰ্টাৰ ফাইনেলত পৰাস্ত মল্লযুঁজাৰু ঋতিকা হুডা (AP Photo)

স্পৰ্টছ ডেস্ক, ১০ আগষ্ট : মহিলাৰ ফ্ৰীষ্টাইল ৭৬ কেজি মল্লযুঁজৰ কোৱাৰ্টাৰ ফাইনেল মেচত পৰাজয়ৰ সন্মুখীন হৈছে ভাৰতৰ যুৱ মল্লযুঁজাৰু ঋতিকা হুদা । এই পৰাজয়ৰ লগে লগে পেৰিছ অলিম্পিকত ভাৰতৰ অভিযানৰ অন্ত পৰিল । ইয়াৰ লগতে এইবাৰ ভাৰতে স্বৰ্ণ পদক অবিহনে পেৰিছ অলিম্পিকত নিজৰ অভিযান সমাপ্ত কৰাটো প্ৰায় নিশ্চিত হৈ পৰিছে ।

লগতে পঢ়ক: বিনেশ ফোগাটৰ পদক নিশ্চিত: অলিম্পিকৰ মল্লযুঁজৰ ফাইনেলত প্ৰথমগৰাকী ভাৰতীয় মহিলা খেলুৱৈ - PARIS OLYMPICS 2024

কোৱাৰ্টাৰ ফাইনেলত পৰাস্ত ঋতিকা হুদা

ভাৰতৰ যুৱ মল্লযুঁজাৰু ২১ বছৰীয়া ঋতিকা হুদাক কোৱাৰ্টাৰ ফাইনেলত কিৰ্গিস্তানৰ শীৰ্ষ ছিড অপৰি মেডেট কাইজীৰ হাতত পৰাস্ত হয় । ৬ মিনিটৰ খেলৰ অন্তত দুয়োৰে মাজত ১-১ ত খেলখন ড্ৰ’ হৈ সমাপ্ত হয় । কিন্তু খেলখনত শেষ পইণ্টটো লাভ কৰে কিৰ্গিস্তানৰ অপৰি মেডেট কাইজীয়ে । ফলত তেওঁক বাউটোৰ বিজয়ী ঘোষণা কৰা হয় ।

কোৱাৰ্টাৰ ফাইনেলত পৰাস্ত ঋতিকা

কোৱাৰ্টাৰ ফাইনেল মেচখনত ঋতিকাই সুন্দৰ প্ৰদৰ্শন কৰি কিৰ্গিস্তানৰ বিশ্ব চেম্পিয়ন মল্লযুঁজাৰুগৰাকীক বেছি সুযোগ নিদিলে । সমগ্ৰ বাউটত ঋতিকাই নিজৰ শক্তি দেখুৱাইছিল যদিও দুৰ্ভাগ্যজনকভাৱে পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হয় ।

লগতে পঢ়ক: দেহৰ বৰ্ধিত ওজনৰ বাবেই অযোগ্য বিনেশ ফোগাট ! স্বৰ্ণজয়ৰ স্বপ্ন আধৰুৱা হৈ ৰ’ল ভাৰতীয় মল্লযুঁজাৰুগৰাকীৰ - PARIS OLYMPICS 2024

ব্ৰঞ্জৰ পদকৰ আশা অক্ষত

৭৬ কেজি মল্লযুঁজত ঋতিকা এতিয়াও ৰিপেচেজৰ জৰিয়তে ব্ৰঞ্জৰ পদকৰ দৌৰত আছে । যদি এই ইভেণ্টৰ কাইজীয়ে ফাইনেলত প্ৰৱেশ কৰে তেন্তে ঋতিকাই ব্ৰঞ্জৰ পদকৰ বাবে মেচ খেলিব।

প্ৰি-কোৱাৰ্টাৰ ফাইনেলত হাংগেৰীৰ বাৰ্নাডেটক পৰাস্ত কৰে ঋতিকাই

ইয়াৰ পূৰ্বে প্ৰি-কোৱাৰ্টাৰ ফাইনেল বাউটত ভাৰতীয় খেলুৱৈগৰাকীয়ে ২০২৪ চনৰ ইউৰোপীয় চেম্পিয়নশ্বিপৰ ব্ৰঞ্জৰ পদক বিজয়ী হাংগেৰীৰ বাৰ্নাডেট নাগীৰ সৈতে মুখামুখি হৈছিল । মহিলাৰ ৭৬ কেজি ফ্ৰীষ্টাইল মল্লযুঁজৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰি ঋতিকাই হাংগেৰীৰ অষ্টম ছিড বাৰ্নাডেট নাগীক ১২-২ (কাৰিকৰী শ্ৰেষ্ঠত্ব) ত পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে । ভাৰতীয় যুৱ খেলুৱৈ ঋতিকাই যোৱা বছৰ বিশ্ব ২৩ বছৰ অনুৰ্ধ চেম্পিয়নশ্বিপত স্বৰ্ণ পদক লাভ কৰিছিল ।

লগতে পঢ়ক: কুস্তিত ব্ৰঞ্জ অৰ্জনেৰে অলিম্পিক পদক বিজয়ী সৰ্বকনিষ্ঠ ভাৰতীয়ত পৰিণত অমন চেহৰাৱত - Paris Olympics 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.