ETV Bharat / sports

আন্তঃৰাষ্ট্ৰীয় টেষ্ট ক্ৰিকেটত 500 উইকেট দখল ৰবিচন্দ্ৰন অশ্বিনৰ - R Ashwin scales Mount 500

R Ashwin scales Mount 500: ভাৰত আৰু ইংলেণ্ডৰ মাজত অনুষ্ঠিত শৃংখলাৰ তৃতীয়খন টেষ্টৰ দ্বিতীয় দিনা টেষ্ট ক্ৰিকেটত 500 উইকেট দখলৰ অভিলেখ গঢ়িলে ৰবিচন্দ্ৰন অশ্বিনে ।

R Ashwin
R Ashwin scales Mount 500
author img

By ETV Bharat Assamese Team

Published : Feb 16, 2024, 9:42 PM IST

নিউজ ডেস্ক, 16 ফেব্ৰুৱাৰী: ভাৰতীয় ক্ৰিকেট দলৰ জ্যেষ্ঠ খেলুৱৈ তথা অফ স্পীনাৰ ৰবিচন্দন অশ্বিনে আন্তঃৰাষ্ট্ৰীয় টেষ্ট ক্ৰিকেটত সংগ্ৰহ কৰিলে 500 উইকেট ৷ শ্ৰীলংকাৰ স্পীন তাৰকা মুথিয়া মুৰলীধৰণৰ পিচত টেষ্ট ক্ৰিকেটত দ্ৰুততম 500 টা উইকেট সংগ্ৰহ কৰা দ্বিতীয়গৰাকী খেলুৱৈত পৰিণত হৈছে অশ্বিন ৷ তামিলনাডুৰ খেলুৱৈগৰাকীয়ে 98 খন আন্তঃৰাষ্ট্ৰীয় টেষ্ট মেচত 500 উইকেট সংগ্ৰহ কৰাৰ বিপৰীতে মুৰলীধৰণে 87 খন মেচত দখল কৰিছিল 500 উইকেট ৷ বৰ্তমান এই তালিকাৰ শীৰ্ষত আছে মুৰলীধৰণ ৷

ইফালে অশ্বিনে অৰ্জন কৰিছে আন এক কৃতিত্বও ৷ টেষ্ট ক্ৰিকেটত আটাইতকৈ কম মেচত 500 উইকেট সংগ্ৰহ কৰা প্ৰথমগৰাকী ভাৰতীয় বলাৰ হৈছে অশ্বিন ৷ ভাৰতৰ প্ৰাক্তন অধিনায়ক তথা কিংবদন্তি লেগ স্পীনাৰ অনিল কুম্বলেৰ নামতো আছে 500 উইকেটৰ অভিলেখ ৷ 132 খন মেচত মুঠ 619 টা উইকেট সংগ্ৰহ কৰিছিল কুম্বলেই ৷

ৰাজকোটৰ নিৰঞ্জন শ্বাহ ষ্টেডিয়ামত ভাৰত আৰু ইংলেণ্ডৰ মাজত অনুষ্ঠিত হোৱা তৃতীয়খন টেষ্ট মেচত বিপক্ষ দলটোৰ জেক ক্ৰ’লিৰ উইকেট দখলৰ পিচতে অশ্বিন এই অভিলেখৰ গৰাকী হয় ৷ চলি থকা টেষ্টৰ দ্বিতীয় দিনটোত তেওঁ এই অভিলেখ ৰচনা কৰে । 37 বৰ্ষীয় ক্ৰিকেটাৰ গৰাকীৰ উপৰিও আন্তঃৰাষ্ট্ৰীয় টেষ্ট ক্ৰিকেটৰ তালিকাত থকা আন বলাৰসকল হৈছে মুথিয়া মুৰলীধৰণ (800), শ্বেন ৱাৰ্ণ (708), অনিল কুম্বলে (619), নাথন লায়ন (517) ৷

অশ্বিনে ২৫,৭১৪ টা বলত ৫০০টা টেষ্ট উইকেট সম্পূৰ্ণ কৰিছিল, যিটো টেষ্ট ক্ৰিকেটৰ ইতিহাসত দ্বিতীয় । টেষ্টত অষ্ট্ৰেলিয়াৰ গ্লেন মেকগ্ৰাথে মাত্ৰ ২৫৫২৮ টা ডেলিভাৰী কৰি ৫০০ উইকেট দখল কৰে । লগতে, ৯৭ সংখ্যক ৰেডবল ফিক্সাৰত ৫০০ উইকেট দখল কৰা নৱম বলাৰ অশ্বিন । প্ৰথম ১৬খন টেষ্ট মেচত অশ্বিনে ৯ বাৰ পাঁচ উইকেট দখল কৰাৰ লগতে ৩০০ উইকেট দখল কৰা ক্লাবত প্ৰথম দখল কৰিছে ।

বিশাখাপট্টনমত অনুষ্ঠিত দ্বিতীয়খন টেষ্টত ইংলেণ্ডৰ বেটছমেন জো ৰুটে অক্ষৰ পেটেলক কেচ দি অশ্বিনৰ ৪৯৯ সংখ্যক টেষ্ট উইকেটত পৰিণত হয় । ঘৰুৱা টেষ্ট মেচত ভাৰতৰ হৈ ৰেকাৰ ইন চিফ হিচাপে পৰিগণিত হোৱা অশ্বিনে নিজৰ দেশৰ হৈ সুন্দৰ প্ৰদৰ্শন কৰি আহিছে ।

লগতে পঢ়ক: ৪৪৫ ৰাণত সমাপ্ত ভাৰতৰ প্ৰথম ইনিংছ, পেনাল্টিৰ বাবে ইংলেণ্ডে পালে অতিৰিক্ত ৫ ৰাণ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.