ETV Bharat / sports

টি 20 ৰ শেষৰ পাঁচ অভাৰত সৰ্বাধিক ছয়ৰ অভিলেখ: শীৰ্ষত কেইবাজনো ভাৰতীয় - MOST SIXES FOR INDIA

author img

By ETV Bharat Sports Team

Published : Sep 8, 2024, 1:01 PM IST

Most sixes for India in last five overs in T20I: বেটিং বিক্ৰমৰে ছয়ৰ বৰষুণ কৰা ক্ৰিকেটাৰৰ তালিকাত আছে কেইবাগৰাকীও ভাৰতীয় খেলুৱৈ ৷ সময়ে সময়ে প্ৰতিগৰাকী খেলুৱৈয়ে মেচত ছয়ৰ বৰষুণৰে স্থাপন কৰিছে অভিলেখ ৷ পিছে টি 20 মেচৰ শেষৰ পাঁচ অভাৰতো আছে অভিলেখসংখ্যক ছয় ৷ এই ছয়সমূহ কোবোৱাৰ ক্ষেত্ৰত কোনে লাভ কৰিছে শীৰ্ষস্থান, জানক এই প্ৰতিবেদনত ৷

MOST SIXES FOR INDIA
ভাৰতীয় ক্ৰিকেট দল (IANS PHOTO)

স্প’ৰ্টছ ডেস্ক, 8 ছেপ্টেম্বৰ: ভাৰতীয় ক্ৰিকেট দলৰ তাৰকা বেটছমেনসকল আক্ৰমণাত্মক শৈলীৰ বাবে জনাজাত । টি-20 ক্ৰিকেটত ভাৰতীয় বেটছমেনৰ বেটৰ পৰা ছয় আৰু চাৰিৰ বৰষুণ হোৱা প্ৰত্যক্ষ কৰাৰ সৌভাগ্য ঘটে দৰ্শক তথা অনুৰাগীৰ ।

হাৰ্দিক পাণ্ডিয়া, সূৰ্যকুমাৰ যাদৱ আৰু বিৰাট কোহলীৰ দৰে তাৰকা বেটছমেনসকলে ডেথ অভাৰত সদায়ে দলৰ হৈ দ্ৰুত ৰাণ সংগ্ৰহ কৰি আহিছে । এই প্ৰতিবেদন সেইসকল ক্ৰিকেটাৰৰ কাহিনীৰে প্ৰস্তুত কৰা হৈছে, যিসকলে ভাৰতৰ হৈ আন্তৰাষ্ট্ৰীয় টি-20 ক্ৰিকেটত অন্তিম 5 অভাৰত সৰ্বাধিক ছয় কোবাইছে ।

টি-20 ক্ৰিকেটত অন্তিম 5 অভাৰত সৰ্বাধিক ছয় কোবোৱা বেটছমেনসকল

  1. হাৰ্দিক পাণ্ডিয়া: ভাৰতীয় ক্ৰিকেট দলৰ বিপদজনক অলৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়া হৈছে ভাৰতৰ হৈ আন্তঃৰাষ্ট্ৰীয় টি-20 ক্ৰিকেটত অন্তিম 5 অভাৰত সৰ্বাধিক ছয় কোবোৱা বেটছমেনৰ তালিকাৰ শীৰ্ষস্থানত​ থকা বেটছমেন । পাণ্ডিয়াই টীম ইণ্ডিয়াৰ হৈ 535 টা বলত 59 টা ছয় কোবাইছে ।
    MOST SIXES FOR INDIA
    হাৰ্দিক পাণ্ডিয়া (IANS PHOTO)
  2. বিৰাট কোহলী: টীম ইণ্ডিয়াৰ তাৰকা বেটছমেন বিৰাট কোহলী, যিয়ে সম্প্ৰতি টি-20 ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিছে । ক্ৰিকেটাৰগৰাকীয়ে আন্তৰাষ্ট্ৰীয় টি-20 ক্ৰিকেটৰ অন্তিম 5 অভাৰত ভাৰতৰ হৈ সৰ্বাধিক ছয় কোবোৱা দ্বিতীয়গৰাকী বেটছমেন । বিৰাটে 536 টা বলত মুঠ 55 টা ছয় কোবাইছে ।
    MOST SIXES FOR INDIA
    বিৰাট কোহলী (IANS PHOTO)
  3. সূৰ্যকুমাৰ যাদৱ: ভাৰতৰ শীৰ্ষস্থানৰ টি-20 বেটছমেন সূৰ্যকুমাৰ যাদৱ তেওঁৰ বিস্ফোৰক শৈলীৰ বাবে জনাজাত । আন্তৰ্জাতিক টি-20 ক্ৰিকেটত ভাৰতৰ হৈ শেষৰ 5 অভাৰত সৰ্বাধিক ছয় কোবোৱা বেটছমেনৰ তালিকাত সূৰ্য আছে তিনি নম্বৰ স্থানত ৷ সূৰ্যই 243 টা বলত 39 টা ছয় কোবাইছে ।
    MOST SIXES FOR INDIA
    সূৰ্যকুমাৰ যাদৱ (IANS PHOTO)
  4. এম এছ ধোনী: ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনীকো এই তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে । ভাৰতৰ হৈ আন্তৰাষ্ট্ৰীয় টি-20 ফৰ্মেটত শেষৰ 5 অভাৰত সৰ্বাধিক ছয় কোবোৱা বেটছমেনসকলৰ ভিতৰত ধোনীয়ে লাভ কৰিছে চতুৰ্থ স্থান ৷ তেওঁ 667 টা বলত মুঠ 36 টা ছয় কোবাইছে ।
  5. যুৱৰাজ সিং: টি-20 ক্ৰিকেটত এটা অভাৰত ছয়টা ছয় কোবোৱা প্ৰাক্তন ভাৰতীয় বেটছমেন যুৱৰাজ সিঙকো এই তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে । সিঙে আন্তৰাষ্ট্ৰীয় টি-20 ক্ৰিকেটত অন্তিম 5 অভাৰত ভাৰতৰ হৈ 213 টা বলত কোবাইছে 34 টা ছয় ৷ তাৰ লগে লগে যুৱৰাজ সিং অন্তিম 5 অভাৰত ভাৰতৰ হৈ সৰ্বাধিক ছয় কোবোৱা পঞ্চমগৰাকী বেটছমেনত পৰিণত হয় ।

লগতে পঢ়ক: নিষিদ্ধ ক্ৰিকেট: অন্যথা ভৰিব লাগিব 10 হাজাৰ টকাৰ জৰিমনা - BAN ON CRICKET

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.