ETV Bharat / sports

ভাৰতীয় পুৰুষ ক্ৰিকেট দলৰ বলিং প্ৰশিক্ষক হিচাপে নিযুক্তি মৰ্ণে মৰ্কেল - Indian team New Bowling Coach - INDIAN TEAM NEW BOWLING COACH

Indian cricket team bowling coach : দক্ষিণ আফ্ৰিকাৰ প্ৰাক্তন পেচাৰ মৰ্ণে মৰ্কেলক ভাৰতীয় জ্যেষ্ঠ পুৰুষ ক্ৰিকেট দলৰ বলিং প্ৰশিক্ষক হিচাপে নিযুক্তি দিয়া হৈছে । ১ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব মৰ্ণে মৰ্কেলৰ কাৰ্যকাল । সম্পূৰ্ণ খবৰ পঢ়ক...

Indian cricket team bowling coach
ভাৰতীয় পুৰুষ ক্ৰিকেট দলৰ বলিং প্ৰশিক্ষক হিচাপে নিযুক্তি মৰ্ণে মৰ্কেল (Getty)
author img

By ETV Bharat Sports Team

Published : Aug 14, 2024, 6:32 PM IST

স্প’ৰ্টছ ডেস্ক, ১৪ আগষ্ট: ভাৰতীয় ক্ৰিকেট দলৰ নতুন বলিং প্ৰশিক্ষক হিচাপে বুধবাৰে নিযুক্তি দিয়া হৈছে দক্ষিণ আফ্ৰিকাৰ প্ৰাক্তন স্পীষ্টাৰ মৰ্ণে মৰ্কেলক । ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ সম্পাদক জয় শ্বাহে এই কথা নিশ্চিত কৰিছে । পিটিআইৰ সৈতে হোৱা এক সাক্ষাৎকাৰত শ্বাহে কয়, "হয়, মৰ্ণ মৰ্কেলক ভাৰতৰ জ্যেষ্ঠ পুৰুষ দলৰ বলিং প্ৰশিক্ষক হিচাপে নিযুক্তি দিয়া হৈছে ।"

৩৯ বছৰীয়া মৰ্কেল ভাৰতৰ বৰ্তমানৰ মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰৰ সৈতে লক্ষ্ণৌ চুপাৰ জায়েন্টছ (এলএছজি)ৰ প্ৰশিক্ষণ কৰ্মচাৰীৰ অংশ আছিল, যিয়ে ২০২২ চনৰ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত ফ্ৰেঞ্চাইজিটো অস্তিত্বত অহাৰ সময়ত এলএছজিৰ পৰামৰ্শদাতা হিচাপে দুবছৰৰ বাবে ফ্ৰেঞ্চাইজিৰ সেৱা আগবঢ়াইছিল আৰু দুয়োবাৰে প্লে অফত উপনীত হোৱাত সহায় কৰিছিল ।

দক্ষিণ আফ্ৰিকাৰ প্ৰাক্তন বেগী বলাৰগৰাকীয়ে ২০২৩ চনত ভাৰতত অনুষ্ঠিত এদিনীয়া বিশ্বকাপৰ সময়ত পাকিস্তান ক্ৰিকেট দলৰ বলিং প্ৰশিক্ষক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল । অৱশ্যে, পাকিস্তান ক্ৰিকেট ব'ৰ্ডৰ (পিচিবি) সৈতে তেওঁৰ চুক্তি সমাপ্ত হোৱাৰ কেইমাহমান পূৰ্বে তেওঁ এই পদৰ পৰা পদত্যাগ কৰে ।

তিনিখন খেলৰ টি-২০ আৰু এদিনীয়া শৃংখলাৰ বাবে ভাৰতৰ শ্ৰীলংকা ভ্ৰমণ আৰম্ভ হোৱাৰ পূৰ্বে মৰ্কেলক নিযুক্তি দিয়াৰ সম্ভাৱনা আছিল যদিও ব্যক্তিগত সমস্যাৰ বাবে পেচাৰগৰাকীয়ে দলত যোগদান কৰিব পৰা নাছিল । তেওঁৰ অনুপস্থিতিত ছাইৰাজ বহুতুলে ছয়খন বগা বল খেলৰ বাবে অন্তৱৰ্তীকালীন ক্ষমতাত সেৱা আগবঢ়াইছিল । বলিং প্ৰশিক্ষক হিচাপে তেওঁৰ প্ৰথম এচাইনমেণ্ট হ’ব ঘৰুৱা ক্ষেত্ৰত বাংলাদেশৰ বিৰুদ্ধে টেষ্ট ছিৰিজ ।

জুলাই মাহত গৌতম গম্ভীৰ ভাৰতীয় দলৰ মুখ্য প্ৰশিক্ষক হোৱাৰ পাচত এতিয়া দলটোত বলিং প্ৰশিক্ষকৰ অভাৱো পূৰণ হৈছে । ১ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব মৰ্ণে মৰ্কেলৰ কাৰ্যকাল । ইয়াৰ পূৰ্বে গৌতম গম্ভীৰক ২০২৭ চনলৈ টিম ইণ্ডিয়াৰ প্ৰশিক্ষক হিচাপে নিযুক্তি দিয়া হৈছিল । গম্ভীৰ মুখ্য প্ৰশিক্ষক হোৱাৰ পিছত তেওঁৰ পছন্দৰ বহু প্ৰশিক্ষকে দলত সহায়ক কৰ্মচাৰী হিচাপে স্থান লাভ কৰিছে ।

বলিং প্ৰশিক্ষকৰ বাবে জহীৰ খান, লক্ষ্মীপতি বালাজী আৰু বিনয় কুমাৰৰ নাম চৰ্চা হৈছিল যদিও অৱশেষত মৰ্ণ মৰ্কেলক বলিং প্ৰশিক্ষক হিচাপে নিযুক্তি দিয়া হৈছে । ইয়াৰ পূৰ্বে অভিষেক নায়াৰ আৰু ৰিয়ান টেন ডোশ্বেটে ভাৰতীয় দলত সহায়ক কৰ্মচাৰী হিচাপে স্থান লাভ কৰিছিল । দুয়োজনে গৌতম গম্ভীৰৰ সৈতে কলকাতা নাইট ৰাইডাৰ্ছত কাম কৰিছে । একে সময়তে ফিল্ডিং প্ৰশিক্ষক হিচাপে টি দিলীপৰ কাৰ্যকাল বৃদ্ধি কৰা হয় ।

এই নিযুক্তিৰ পিছত মৰ্কেল এল এছ জিৰ সহায়ক কৰ্মচাৰীৰ অংশ নহ’ব কাৰণ আই পি এলৰ নিয়ম অনুসৰি ৰাষ্ট্ৰীয় টি-২০ ক্ষেত্ৰৰ সৈতে জড়িত কোনো প্ৰশিক্ষকে কোনো ফ্ৰেঞ্চাইজিৰ অংশ হ’ব নোৱাৰে । তেওঁ দক্ষিণ আফ্ৰিকাৰ হৈ ৮৬খন টেষ্ট, ১৪৪খন এদিনীয়া আৰু ৪৪খন টি-২০ মেচ খেলিছে । তেওঁ টেষ্ট ক্ৰিকেটত ১৬০ ইনিংছত ৩০৯টা উইকেট, এদিনীয়াত ১৮৮টা আৰু টি-২০ত ৪৭টা উইকেট দখল কৰিছে । ইয়াৰ উপৰিও বেটিঙতো তেওঁৰ নামত সকলো ফৰ্মেটতে ১২৩৪ ৰাণ আছে ।

লগতে পঢ়ক: ভাৰতীয় ক্ৰিকেট দলৰ সম্পূৰ্ণ সূচী, চেম্পিয়নছ ট্ৰফী পূৰ্বে এই দেশসমূহৰ বিৰুদ্ধে খেলিব শৃংখলা - Indian Cricket Team Schedule

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.