স্প’ৰ্টছ ডেস্ক: আন ক্লাবসমূহত কৰা সুন্দৰ প্ৰদৰ্শনৰ দৰে লিঅ’নেল মেছিয়ে ইণ্টাৰ মিয়ামিৰ হৈও মেজৰ লীগ ফুটবলত আগবঢ়াইছে সুন্দৰ প্ৰদৰ্শন । মেছিয়ে চলিত বৰ্ষৰ ছিজনত 19 খন খেলত অংশগ্ৰহণ কৰি 20 টা গ'ল প্ৰদান কৰিছে ৷
আৰ্জেণ্টিনাৰ ফুটবল তাৰকাগৰাকীয়ে আটলাণ্টা ইউনাইটেডৰ বিৰুদ্ধে শেহতীয়াকৈ হোৱা মুখামুখিত এটা গ'ল কৰে ৷ অৱশ্যে এয়া ইণ্টাৰ মিয়ামিৰ 2-3 ৰ পৰাজয় প্ৰতিহত কৰিবলৈ পৰ্যাপ্ত নাছিল । ফলত ইণ্টাৰ মিয়ামি এম এল এছ কাপৰ প্লে-অফ পৰ্যায়ৰ পৰা বাহিৰ হয় দলটো ।
মেছিয়ে ভংগ কৰে ৰ’নাল্ডোৰ অভিলেখ
বাৰ্চিলোনাৰ কিংবদন্তীগৰাকীয়ে কেৰিয়াৰত 850 টা গ'ল কৰে, যিটো পৰ্তুগীজ তাৰকা ক্ৰিষ্টিয়ানো ৰ’নাল্ডোৱে ইতিমধ্যে অৰ্জন কৰা অভিলেখৰ সমান । অৱশ্যে আটাইতকৈ কম খেলত এই কৃতিত্ব অৰ্জন কৰাৰ ক্ষেত্ৰত মেছিয়ে ৰ’নাল্ডোক অতিক্ৰম কৰে । ৰ’নাল্ডোৱে 1,179 খন মেচত 850 টা গ'ল কৰিছিল ৷ আনহাতে, মেছিয়ে 1,081 খন মেচত এই কৃতিত্ব অৰ্জন কৰে ৷
Lionel Messi has managed to reach 850 career goals in 98 fewer games than Cristiano Ronaldo 👀🎯 pic.twitter.com/zluv8M4mW3
— Football for Life (@footballdtlife) November 14, 2024
1000 গ'লৰ লক্ষ্য
ৰ’নাল্ডোৱে শেহতীয়াকৈ এক বঁটা প্ৰদান অনুষ্ঠানত মন্তব্য কৰিছিল যে, তেওঁ কেৰিয়াৰত 1,000 গ'ল প্ৰদানৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে ৷ পৰ্তুগীজ ফুটবল ফেডাৰেচনৰ এক অনুষ্ঠানত তেওঁ কয়, "যদি মই 1,000 গ'ল কৰিব পাৰো, তেতিয়াতো ভালেই ৷ কিন্তু মই নোৱাৰিলেও ফুটবলৰ ইতিহাসৰ সৰ্বাধিক গ’লদাতা হিচাপেই চিহ্নিত হৈ ৰ’ম" ৷
Lionel Messi 🇦🇷 and Cristiano Ronaldo 🇵🇹 stats in 2024.
— REMA GIRLFRIEND (@remagirlfriend) November 14, 2024
CR7 Stats:
🏟️ 46 Games
⚽ 35 Goals
🅰️ 6 Assists
M10 Stats.
🏟️ 34 Games
⚽ 29 Goals
🅰️ 17 Assists
Legends. 🐐❤️ pic.twitter.com/jqIZYr80Yk
ৰ’নাল্ডো বনাম মেছি
আৰ্জেণ্টিনাৰ তাৰকা ফুটবলাৰ লিঅ’নেল মেছিয়ে 8 টা বেলন ডি'অৰ খিতাপ জিকিছে ৷ বিপৰীতে ৰ’নাল্ডোৱে নিজৰ কেৰিয়াৰত 5 টা খিতাপ জিকিছে । আৰ্জেণ্টিনাই আঠবাৰকৈ ফিফা বিশ্বৰ দ্বাৰা সৰ্বশ্ৰেষ্ঠ খেলুৱৈৰ বঁটা লাভ কৰিছে ৷ আনহাতে, তেওঁলোকৰ প্ৰতিদ্বন্দ্বীৰ ওচৰত এনেধৰণৰ পাঁচটা বঁটা মজুত আছে ।
লগতে পঢ়ক: 27 লাখ টকা দৰমহা, 50 দিনৰ ছুটী; চাকৰি বিচাৰি থকাসকলে কৰিব পাৰে আবেদন