ETV Bharat / sports

দুঘণ্টাত সকলোতকৈ বেছি বল খেলিও শূন্যতে হৈছিল আউট; তথাপিও ইতিহাস সৃষ্টিৰে নায়কত পৰিণত - LONGEST DUCK IN TEST CRICKET

Geoff allott played 77 balls: সকলোতকৈ বেছি বল খেলি শূন্যত আউট হোৱাৰ পিছতো ইতিহাস ৰচনাকাৰী এগৰাকী ক্ৰিকেটাৰৰ কাহিনীৰে প্ৰস্তুত কৰা হৈছে এই প্ৰতিবেদন ৷

longest duck in test cricket
জেফ এলট (AFP Photo)
author img

By ETV Bharat Sports Team

Published : Nov 19, 2024, 7:51 PM IST

স্প’ৰ্টছ ডেস্ক: যদি কোনো খেলুৱৈয়ে এখন খেলত 12 অভাৰতকৈ অধিক সময়ত বেটিং কৰাৰ লগতে ক্ৰিজত 101 মিনিট সময় কটোৱাৰ পিছতো শূন্যত আউট হয়, তেন্তে বেটছমেনজনক সমালোচনা কৰাটো আচৰিত কথা নহয় ।

কিন্তু এই সকলোবোৰ অভিলেখ অৰ্জন কৰাৰ পিছতো যদি প্ৰদৰ্শনৰ ভিত্তিত খেলুৱৈগৰাকী দেশৰ নায়কত পৰিণত হৈ পৰে, তেন্তে আচৰিত হোৱাটোৱে স্বাভাৱিক । এই ঘটনা প্ৰায় 25 বছৰ পূৰ্বে সংঘটিত হৈছিল ।

এই মেচখন অনুষ্ঠিত হৈছিল নিউজিলেণ্ড আৰু দক্ষিণ আফ্ৰিকাৰ মাজত । মেচখনত দক্ষিণ আফ্ৰিকাৰ বেটছমেন ডেৰিল কালিনানে 275 ৰাণৰ ইনিংছ খেলে যদিও জেফ এলটে মেচখনত খেলিছিল এক নিৰ্ণায়ক ইনিংছ ৷ খেলুৱৈগৰাকীয়ে কোনো ৰাণ সংগ্ৰহ নকৰাকৈয়ে ক্ৰিজত বৰ্তি আছিল ৷ প্ৰকৃততে সেই মেচখনত হৈছিল কি ?

এই মেচখন কেতিয়া হৈছিল

এই মেচখন 1999 চনৰ 27 ফেব্ৰুৱাৰীৰ পৰা 3 মাৰ্চলৈ অনুষ্ঠিত হৈছিল । অকলেণ্ডত অনুষ্ঠিত এই মেচখনত দক্ষিণ আফ্ৰিকাই প্ৰথমে বেটিং কৰি 621 ৰাণত 5 টা উইকেট হেৰুৱাই প্ৰথম ইনিংছ ঘোষণা কৰে । প্ৰথম ইনিংছত কুলিনানে সৰ্বাধিক অপৰাজিত 275 ৰাণ সংগ্ৰহ কৰাৰ বিপৰীতে গেৰী কাৰ্ষ্টেনেও 128 ৰাণ সংগ্ৰহ কৰে । আনহাতে, জণ্টি ৰোডছে 63 ৰাণ সংগ্ৰহ কৰাৰ বিপৰীতে শ্বন পলকেও 69 ৰাণ সংগ্ৰহ কৰিছিল । নিউজিলেণ্ডৰ হৈ ক্ৰিছ হেৰিছে দুটা উইকেট দখল কৰে ।

কোনো ৰাণ সংগ্ৰহ নকৰাকৈ 11 নং স্থানত বেটিং কৰি ইতিহাস সৃষ্টি

ইয়াৰ পিছত বেটিং কৰিবলৈ অহা নিউজিলেণ্ডৰ প্ৰথম ইনিংছ 352 ৰাণত শেষ হৈছিল । মেট হৰ্ণে সৰ্বাধিক 93 আৰু ক্ৰিছ হেৰিছে অপৰাজিত 68 ৰাণ সংগ্ৰহ কৰিছিল । কিন্তু এই দুয়োজন ইতিহাসত নাম লিপিবদ্ধ কৰা খেলুৱৈ নাছিল ৷ বৰঞ্চ 11 নম্বৰত বেটিং কৰিবলৈ অহা বেটছমেন জেফ এলটে সংগ্ৰহ কৰা নাছিল এটাও ৰাণ ৷ ক্ৰিছ হেৰিছৰ সৈতে 27.2 অভাৰত 32 ৰাণৰ অংশীদাৰিত্ব অৰ্জন কৰে এলটে । এই আটাইবোৰ ৰাণ আহিছিল হেৰিছৰ বেটৰ পৰা ৷

77 টা বলৰ অন্তত জেক কালিছৰ বলত পলকৰ হাতত কেচ তুলি দি এলটে পেভিলিয়নলৈ উভতি আহে । কিন্তু টেষ্ট ক্ৰিকেটত সৰ্বাধিক বল খেলি শূন্য ৰাণ সংগ্ৰহৰ বিশ্ব অভিলেখ আজিও ক্ৰিকেটাৰগৰাকীৰ নামত আছে । কিন্তু ক্ৰিজত 101 মিনিটত শূন্য ৰাণৰ অভিলেখ ভংগ কৰে জেমছ এণ্ডাৰছনে ।

পৰাজয়ৰ পৰা হাত সাৰিলে নিউজিলেণ্ডে

নিউজিলেণ্ডে ফ’ল’ অন খেলি ইনিংছ হেৰুওৱাৰ পৰা হাত সাৰিবলৈ চেষ্টা কৰিছিল । দ্বিতীয় ইনিংছত মেট হৰ্ণে 60 ৰাণ, ৰজাৰ টৌজে 65 ৰাণ আৰু নাথান এষ্টলে অপৰাজিত 69 ৰাণ সংগ্ৰহ কৰি দলটোক পৰাজয়ৰ গৰাহৰ পৰা ৰক্ষা কৰে । কিন্তু অমীমাংসিত এই ফলাফলত সৰ্ববৃহৎ অৱদান আছিল জেফ এলটৰ 77 বলত সংগৃহীত 101 মিনিটৰ ইনিংছ, যিয়ে দক্ষিণ আফ্ৰিকাক নিউজিলেণ্ডক পুনৰ বল আউট কৰিবলৈ পৰ্যাপ্ত সময় প্ৰদান নকৰিলে ।

লগতে পঢ়ক: অশ্বিন আৰু লায়নৰ মাজত আধিপত্যৰ যুঁজ; কোন হ’ব ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীত ৰজা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.