ETV Bharat / sports

14 বছৰৰ মূৰত ভাৰতৰ মাটিত দুভৰিৰ যাদু দেখুৱাবলৈ সাজু লিঅ’নেল মেছি - LIONEL MESSI TO PLAY IN INDIA

Footballer Lionel Messi: সুদীৰ্ঘ সময়ৰ পিছত ভাৰতত খেলিবলৈ সাজু আৰ্জেণ্টিনাৰ ফুটবল তাৰকা লিঅ’নেল মেছি ৷ এই মেচখন ক’ত অনুষ্ঠিত হ’ব, জানিবলৈ পঢ়ক এই প্ৰতিবেদন ৷

Lionel Messi to play in india
লিঅ’নেল মেছি (AFP Photo)
author img

By ETV Bharat Sports Team

Published : Nov 20, 2024, 2:03 PM IST

স্প’ৰ্টছ ডেস্ক: আৰ্জেণ্টিনাৰ তাৰকা ফুটবলাৰ লিঅ’নেল মেছি 14 বছৰৰ পিছত ভাৰতৰ ভূমিত নিজৰ যাদু দেখুৱাবলৈ সাজু হৈছে ৷ কিংবদন্তী খেলুৱৈজনে শেষবাৰৰ বাবে 2011 চনত ভাৰতত মাটিত খেলিছিল ৷ এই মেচখন অনুষ্ঠিত হৈছে কলকাতাৰ চল্ট লেকত আৰ্জেণ্টিনা আৰু ভেনিজুৱেলাৰ মাজত ৷

এতিয়া 14 বছৰৰ পিছত প্ৰিন্স অৱ ফুটবলৰ যাদু পুনৰ এবাৰ দেখা যাব ভাৰতৰ মাটিত ৷ বিশ্ব চেম্পিয়ন আৰ্জেণ্টিনা দলে অহা বছৰ কৰিব ভাৰত ভ্ৰমণ ৷

লিঅ’নেল মেছিয়ে খেলিব কেৰালাত

ভাৰতীয় ফুটবল অনুৰাগীসকলৰ বাবে ভাল খবৰ, বিশেষকৈ কেৰালা আৰু পশ্চিমবংগৰ লোকসকলৰ বাবে । আৰ্জেণ্টিনাৰ ফুটবল দলে 2025 চনত কেৰালাত আন্তঃৰাষ্ট্ৰীয় খেলত অংশগ্ৰহণ কৰিবলৈ হৈছে সাজু ৷ কেৰালাৰ ক্ৰীড়ামন্ত্ৰী ভি আব্দুৰহিমানে সদৰী কৰিছে এই কথা ৷

LIONEL MESSI TO PLAY IN INDIA
লিঅ’নেল মেছি (AFP Photo)

মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি, আৰ্জেণ্টিনাৰ ফুটবল দলৰ লগতে খেলত অংশগ্ৰহণৰ বাবে কেৰালালৈ আহিব কিংবদন্তী ফুটবলাৰ লিঅ’নেল মেছি ৷ এই খেলখন আয়োজন কৰাৰ বাবে প্ৰয়োজনীয় পুঁজি পৃষ্ঠপোষকতাৰ জৰিয়তে প্ৰদান কৰা হ'ব বুলি কেৰালাৰ ক্ৰীড়ামন্ত্ৰীগৰাকীয়ে অনুভৱ কৰে ৷

কেৰালাৰ ক্ৰীড়ামন্ত্ৰীৰ ঘোষণা

কেৰালাৰ ক্ৰীড়ামন্ত্ৰী ভি আব্দুৰহিমানে বুধবাৰে আনুষ্ঠানিকভাৱে ঘোষণা কৰে যে, কিংবদন্তী ফুটবলাৰ লিঅ’নেল মেছিৰ লগতে আৰ্জেণ্টিনাৰ ফুটবল দলটোৱে অহা বছৰ এখন আন্তঃৰাষ্ট্ৰীয় বন্ধুত্বপূৰ্ণ খেলৰ বাবে ৰাজ্যখন ভ্ৰমণ কৰিব ৷

এখন সংবাদমেল সম্বোধন কৰি মন্ত্ৰীগৰাকীয়ে কয় যে, খেলখন ৰাজ্য চৰকাৰৰ সম্পূৰ্ণ তত্বাৱধানত অনুষ্ঠিত হ'ব । মন্ত্ৰীগৰাকীয়ে কয়, "এই হাই প্ৰফাইল ফুটবল অনুষ্ঠান আয়োজনৰ বাবে সকলোধৰণৰ আৰ্থিক সহায় ৰাজ্যখনৰ ব্যৱসায়ীসকলে প্ৰদান কৰিব" ৷ তেওঁ ঐতিহাসিক এই অনুষ্ঠানটো আয়োজন কৰাৰ ক্ষেত্ৰত কেৰালাৰ সামৰ্থৰ ওপৰত আস্থা প্ৰকাশ কৰে ।

খেলৰ তাৰিখ পৰৱৰ্তী সময়ত কৰা হ'ব ঘোষণা

মন্ত্ৰীগৰাকীয়ে লগতে কয় যে, দলটো ডেৰ মাহৰ পিছত কেৰালাত উপস্থিত হ'ব আৰু আনুষ্ঠানিকভাৱে এই ঘোষণা কৰিব । চৰকাৰে মেচৰ বাবে প্ৰয়োজনীয় সকলো প্ৰস্তুতিৰ নেতৃত্ব দিব । দলটো গঠিত হোৱাৰ পিছত খেলৰ তাৰিখ নিৰ্ধাৰণৰ লগতে ঘোষণা কৰা হ'ব । অৱশ্যে বিপক্ষৰ দলটোৰ নাম পিছতহে ঘোষণা কৰা হ'ব । মন্ত্ৰীগৰাকীয়ে এইটোও স্পষ্ট কৰি দিছিল যে, কেৰালাত দুখনকৈ বন্ধুত্বপূৰ্ণ মেচ আয়োজন কৰা হ'ব ।

LIONEL MESSI TO PLAY IN INDIA
ফিফা বিশ্বকাপ 2022 ৰ চেম্পিয়ন আৰ্জেন্টিনা ফুটবল দল (AFP Photo)

আৰ্জেণ্টিনাৰ প্ৰতিদ্বন্দ্বী দল এতিয়াও ঘোষণা হোৱা নাই

কেৰালাত অনুষ্ঠিত হ'বলগীয়া এই আন্তঃৰাষ্ট্ৰীয় খেলখনত বিশ্বৰ এক নং স্থানৰ আৰ্জেণ্টিনাৰ দলটো কাৰ সৈতে মুখামুখি হ'ব, সেয়া এতিয়াও স্পষ্ট হোৱা নাই । অৱশ্যে আৰ্জেণ্টিনাই ফিফাৰ তালিকাৰ শীৰ্ষ 50 টা দলৰ কোনো এটাৰ সৈতে মুখামুখি হ’ব । ইয়াৰ ভিতৰত জাপানে (15) আৰ্জেণ্টিনাৰ বিৰুদ্ধে খেলপথাৰত অৱতীৰ্ণ হোৱাৰ সম্ভাৱনাই অধিক ।

ইয়াৰোপৰি ফিফা ৰেংকিঙৰ শীৰ্ষ-50 ত থকা এছিয়াৰ দল হৈছে ইৰাণ (19), দক্ষিণ কোৰিয়া (22), অষ্ট্ৰেলিয়া (24) আৰু কাটাৰ (46) । আৰ্জেণ্টিনাৰ ফুটবল দলটোক কেৰালালৈ অনাৰ বাবে মোটামুটিকৈ 100 কোটি টকাতকৈও অধিক ধনৰাশিৰ ব্যয় হ'ব ।

লগতে পঢ়ক: অন্তিম মেচত পৰাজয়ৰে ৰাফেল নাডালৰ বৰ্ণাঢ্য কেৰিয়াৰৰ সামৰণি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.