ETV Bharat / sports

ইউৰো কাপত অঘটন; ২ গ'লৰ ব্যৱধানত পৰ্তুগালক পৰাস্ত জৰ্জিয়াৰ - EURO 2024

author img

By ETV Bharat Assamese Team

Published : Jun 27, 2024, 11:24 AM IST

EURO 2024: ইউৰো ২০২৪ত পৰ্তুগালক পৰাস্ত কৰি ইতিহাস ৰচনা কৰিলে জৰ্জিয়াই । জৰ্জ মিকাউটাডজে আৰু কভাৰাটস্কেলিয়াই জৰ্জিয়াৰ বিজয়ত অৰিহণা যোগায় । এই বিজয়ৰ লগে লগে নকআউট পৰ্যায়ত উপনীত জৰ্জিয়া ।

EURO 2024
২ গ'লৰ ব্যৱধানত পৰ্তুগালক পৰাস্ত জৰ্জিয়াৰ (AP Photos)

স্পৰ্টছ ডেস্ক,২৭ জুন : ফুটবল অনুৰাগীক আচৰিত কৰি ইউৰো ২০২৪ত জৰ্জিয়াই ক্ৰিষ্টিয়ানো ৰোণাল্ডো নেতৃত্বাধীন পৰ্তুগালক ২-০ গ'লত পৰাস্ত কৰে । জৰ্জিয়াৰ হাতত পৰ্তুগালৰ এই পৰাজয় ইউৰোপিয়ান চেম্পিয়নশ্বিপৰ ইতিহাসৰ আটাইতকৈ ডাঙৰ অঘটন হিচাপে পৰিগণিত হৈছে । লক্ষণীয়ভাৱে জৰ্জিয়ান ফুটবলাৰ খ্ভিচা কভাৰাটস্কেলিয়াই খেলৰ পূৰ্বে স্বীকাৰ কৰিছিল যে তেওঁৰ বাবে বহু বছৰ ধৰি ৰোণাল্ডো নায়ক হৈ আহিছে । আনকি ৰোণাল্ডোৰ চাৰ্টটো তেওঁ কিমান বিচাৰিছিল সেই কথাও উল্লেখ কৰে । কিন্তু গ্ৰুপ পৰ্যায়ৰ খেলখনত জৰ্জিয়ান খেলুৱৈগৰাকীৰ দলে নায়ক ৰোণাল্ডোৰ দলকে পৰাস্ত কৰাৰ লগে লগে ফুটবল বিশ্বত ব্যাপক চৰ্চা আৰম্ভ হৈছে । পৰ্তুগালৰ বাবে হতাশাজনক নিশা হ'লেও জৰ্জিয়াৰ ই ঐতিহাসিক নিশা হিচাপে পৰিগণিত হৈছে ।

উল্লেখ্য যে ইউৰো ২০২৪ ত নকআউট পৰ্যায়ত উপনীত হ'বলৈ জৰ্জিয়া দলটোক মাত্ৰ এটা জয়ৰ প্ৰয়োজন আছিল । খেলখন আৰম্ভ হোৱাৰ মাত্ৰ ৯৩ ছেকেণ্ডৰ পিচতে জৰ্জিয়াই প্ৰথমটো গ'ল কৰে । জৰ্জিয়াৰ হৈ কভাৰাটস্কেলিয়াই প্ৰথমটো গ'ল কৰিবলৈ সক্ষম হয় ।

আনহাতে মিকাউটাডজে ৫৭ মিনিটত আন এটা গ'ল কৰে আৰু পৰ্তুগালক আচৰিত কৰি তোলে । জৰ্জিয়াই মুখ্য প্ৰতিযোগিতাত প্ৰথম বাৰলৈ তৃতীয় স্থানৰ অন্যতম দল হিচাপে আত্মপ্ৰকাশ কৰে । পৰ্তুগালে প্ৰথম দুখন খেল জয়ী হোৱাৰ পিচত ইতিমধ্যে পৰৱৰ্তী ৰাউণ্ডৰ বাবে যোগ্যতা অৰ্জন কৰিছে ।

জৰ্জিয়ানসকলে অহা দেওবাৰে ক'লনত স্পেইনৰ মুখামুখি হ'ব । আনহাতে পৰ্তুগালে সোমবাৰে ফ্ৰেংকফুর্টত স্লোভেনিয়াৰ সৈতে খেলিব । স্লোভেনিয়া হৈছে আন এটা গুৰুত্বপূৰ্ণ দল যিয়ে যোৱা মাৰ্চত পৰ্তুগালক ২-০ গ'লত পৰাস্ত কৰিছিল ।

লক্ষণীয়ভাৱে ইউৰো ২০২৪ত ৰোণাল্ডোৱে এতিয়ালৈ এটাও গ'ল কৰিব পৰা নাই । বাকী খেলবোৰত তেওঁৰ ওপৰত সকলোৰে দৃষ্টি নিবদ্ধ থাকিব । আনখন গ্ৰুপ মেচত তুৰ্কীয়ে চেক গণৰাজ্যক ২-১ গ'লত পৰাস্ত কৰে । ইফালে জৰ্জিয়াৰ বিজয়ে হাংগেৰীকো নিৰাশ কৰি তুলিছে ।

লগতে পঢ়ক :তাৰকা ৰোণাল্ডোৰ সৈতে ছেলফি তোলাৰ হেঁপাহ, অভাৱনীয় পৰিৱেশ ইউৰো ২০২৪ত - EURO 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.