স্পৰ্টছ ডেস্ক, ২১ জানুৱাৰী : ভাৰত এ আৰু ইংলেণ্ড লায়ন্সৰ মাজত টেষ্ট মেচ অনুষ্ঠিত হৈছে । এই খেলখনত ভাৰতীয় দলৰ উইকেটকীপাৰ কে এছ ভৰতে এক আকৰ্ষণীয় শতক অৰ্জন কৰিছে । শতক অৰ্জনৰ পাছতে খেলুৱৈগৰাকীয়ে ভগৱান ৰামক স্মৰণ কৰে আৰু শতকটো ভগৱান ৰামক উৎসৰ্গিত কৰে । ২২ জানুৱাৰীত অযোধ্যাত ৰাম লালাৰ প্ৰাণ প্ৰতিষ্ঠা কাৰ্যসূচী অনুষ্ঠিত হ'ব আৰু তাৰ প্ৰাকক্ষণত ভগৱান ৰামৰ প্ৰতি থকা ভৰতৰ এই ভক্তিয়ে এতিয়া ক্ৰীড়াকে ধৰি বিভিন্ন ক্ষেত্ৰত চৰ্চা হৈছে । সমান্তৰালকৈ তেওঁক ধনু-কাঁড়ৰ এক বিশেষ ভংগী প্ৰদৰ্শন কৰাও দেখা গৈছে ।
কে এছ ভৰতে ভাৰত এ-ৰ হৈ খেলি ১৬৫ টা বলত ১১৮ ৰাণ সংগ্ৰহ কৰে । কে.এছ. ভাৰতৰ এই ইনিংছৰ বাবে ভাৰতে এই মেচখন ড্ৰ' কৰাত সফল হয় । এই ইনিংছৰ সৈতে তেওঁ ২৫ জানুৱাৰীৰ পৰা অনুষ্ঠিত হ'বলগীয়া ইংলেণ্ডৰ বিৰুদ্ধে প্ৰথমখন টেষ্ট মেচৰ বাবে তেওঁৰ যোগ্যতাও দাবী কৰে । ইংলেণ্ডৰ বিৰুদ্ধে টেষ্ট শৃংখলাৰ প্ৰথম দুখন খেলৰ বাবে ইতিমধ্যে ভৰতক দলত অন্তৰ্ভুক্ত কৰা হৈছে । কে এল ৰাহুলকো উইকেটকীপাৰ হিচাপে দলত অন্তৰ্ভুক্ত কৰা হৈছে ।
-
KS Bharat dedicated his century against England Lions to Shree Ram ahead of the 'Pran Pratishtha'. pic.twitter.com/awSgaIfvP7
— Mufaddal Vohra (@mufaddal_vohra) January 21, 2024 " class="align-text-top noRightClick twitterSection" data="
">KS Bharat dedicated his century against England Lions to Shree Ram ahead of the 'Pran Pratishtha'. pic.twitter.com/awSgaIfvP7
— Mufaddal Vohra (@mufaddal_vohra) January 21, 2024KS Bharat dedicated his century against England Lions to Shree Ram ahead of the 'Pran Pratishtha'. pic.twitter.com/awSgaIfvP7
— Mufaddal Vohra (@mufaddal_vohra) January 21, 2024
ভাৰত এ বনাম ইংলেণ্ড লায়ন্সৰ মাজৰ খেলখনত ভাৰতীয় দলটোৱে ইংলেণ্ডৰ সন্মুখত ৪৯০ ৰাণৰ কঠিন লক্ষ্য ৰাখিছিল । দ্বিতীয় দিনা ভাৰতে ৪ টা উইকেট হেৰুৱাই আৰু ইংলেণ্ডক জয়ৰ বাবে মাত্ৰ ৬ টা উইকেটৰ প্ৰয়োজন আছিল । কিন্তু ভাৰতে ৪ দিনীয়া টেষ্ট মেচখন ৫ টা উইকেট হেৰুৱাই ৪২৬ ৰাণত ড্ৰ' কৰিবলৈ সক্ষম হয় ।
উল্লেখ্য যে ৰাম লালাৰ প্ৰাণ প্ৰতিষ্ঠাক লৈ অযোধ্যাত ব্যাপক উছাহ দেখিবলৈ পোৱা গৈছে । ইতিমধ্যে অযোধ্যালৈ দেশ-বিদেশৰ অতিথিসকলৰ আগমন হৈছে । সমান্তৰালকৈ ৰামময় হৈ পৰিছে অযোধ্যাৰ লগতে সমগ্ৰ দেশ ।
লগতে পঢ়ক :ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানলৈ নিমন্ত্ৰিত অশ্বিন