ETV Bharat / sports

এখন অবিশ্বাস্য ক্ৰিকেট মেচ; মাথো এটা বলত সংগ্ৰহ 286 ৰাণ - 286 Run in 1 ball - 286 RUN IN 1 BALL

Historical moment in cricket: ক্ৰিকেটৰ ইতিহাসতো এনে এক অভিলেখ আছে, য’ত মাত্ৰ এটা বলত সংগ্ৰহ কৰা হৈছিল 286 ৰাণ । শুনাত অবিশ্বাস্য় যেন লাগিলেও এয়াই সঁচা ৷ পঢ়ক আমাৰ এই বিশেষ প্ৰতিবেদন ৷

286 Run in 1 ball
এখন ঐতিহাসিক ক্ৰিকেট মেচ (Getty Image)
author img

By ETV Bharat Sports Team

Published : Sep 28, 2024, 6:57 PM IST

স্প’ৰ্টছ ডেস্ক, 28 ছেপ্টেম্বৰ: বৰ্তমান সময়ত ক্ৰিকেটত এটা অভাৰত ক্ৰমাগতভাৱে ছয়টাকৈ 6 বা 4 কোবোৱা সকলোৱে শুনি আহিছে ৷ যি একেবাৰে নতুন কথা নহয় ৷ পিছে আজিৰ পৰা বহুবছৰ পূৰ্বে ক্ৰিকেটৰ ইতিহাসত এনে এক অভিলেখ স্থাপন হৈছিল, যি কথা জানিলে হয়তো আজিৰ প্ৰজন্মই মিছা বুলিয়ে ধৰি ল’ব ৷

পিছে এই কথা মিছা নহয় ৷ প্ৰায় 130 বছৰ পূৰ্বে ক্ৰিকেটৰ ইতিহাসত এনে এখন খেল অনুষ্ঠিত হৈছিল, য’ত বেটছমেনে এটা বল কোবাই সংগ্ৰহ কৰিছিল 286 ৰাণ ৷

130 বছৰত প্ৰথমবাৰৰ বাবে এনে ঘটনা

1894 চনত ক্ৰিকেটৰ ইতিহাসত সংঘটিত হৈছিল এই অদ্ভূত ঘটনা ৷ এখন এদিনীয়া মেচত এগৰাকী বেটছমেনে মাত্ৰ এটা বলত চাৰি বা ছয় নমৰাকৈ সংগ্ৰহ কৰিছিল অভিলেখসংখ্যক ৰাণ । 1894 চনৰ জানুৱাৰীত লণ্ডনৰ পৰা প্ৰকাশিত 'পাল-মাল গেজেট' নামৰ বাতৰি কাকতখনত প্ৰকাশিত হৈছিল এই প্ৰতিবেদন ৷ য’ত এই অবিশ্বাস্য যদিও সঁচা অভিলেখৰ খবৰ প্ৰকাশিত হৈছিল ৷

এয়া কেনেদৰে সম্ভৱ

সেই সময়ত আজিৰ দৰে নাছিল অত্যাধুনিক কেমেৰাৰ ব্যৱস্থা ৷ কাকতখনৰ প্ৰতিবেদনত প্ৰকাশ কৰা অনুসৰি, সেই চনৰ 15 জানুৱাৰীত ভিক্টোৰিয়া আৰু স্ক্ৰেচ-ইলেভেন নামৰ দুটা দলৰ মাজত অনুষ্ঠিত এখন এদিনীয়া মেচত এই অভিলেখ স্থাপন হৈছিল ৷

বনবাৰী খেলপথাৰত অনুষ্ঠিত খেলখনত সেই সময়ত ক্ৰিজত আছিল ভিক্টোৰিয়াৰ বেটছমেনসকল ৷ তাৰে এগৰাকী বেটছমেনে এটা শ্বট কোবাবলৈ লওতে বলটো ওপৰলৈ গৈ এডাল গছত লাগি ধৰে ৷

6 কিল’মিটাৰলৈকে দৌৰিলে বেটছমেনে

বলটো ছিটিকি গৈ গছত লাগি ধৰাৰ পাছৰে পৰা বেটছমেনে ৰাণ সংগ্ৰহৰ বাবে দৌৰিবলৈ ধৰে ৷ কিন্তু গছত আৱদ্ধ হৈ ৰোৱা বলটো তললৈ নমাই অনাটো ইমানো সহজ নাছিল ৷ বলাৰে সেই বলটো হেৰুওৱা বুলি ঘোষণা কৰিবলৈ আম্পায়াৰক আবেদন জনাইছিল, যাতে বেটছমেনক ৰাণ সংগ্ৰহৰ ক্ষেত্ৰত বাধা দিব পৰা যায় ৷ কিন্তু আম্পায়াৰে এই আবেদন প্ৰত্যাখ্যান কৰে ৷

প্ৰতিবেদনত উল্লেখ কৰা হৈছিল যে, ফিল্ডিং কৰা দলটোৱে শেষত গছ কাটিবলৈ সিদ্ধান্ত লৈছিল যদিও তাত কোনো ধৰণৰ গছ কটা সঁজুলি পোৱা নগ’ল ৷ অৱশ্যে, কেইঘণ্টামানৰ পিছত শূন্যলৈ গুলী ফুটাই বেটছমেনক ৰাণ সংগ্ৰহত বাধা প্ৰদান কৰা হয় ৷ তেতিয়ালৈকে বেটছমেনে প্ৰায় 6 কিল’মিটাৰ দৌৰি সংগ্ৰহ কৰিছিল 286 ৰাণ ৷

অৱশ্যে বহু লোকে 130 বছৰ পুৰণি এই আমোদজনক কথাটো বিশ্বাস কৰিবলৈ টান পায় ৷ তেতিয়াৰে পৰা এখন ক্ৰিকেট মেচত বেটছমেনে দৌৰি সৰ্বাধিক 4 ৰাণ সংগ্ৰহ কৰাৰ বাবে নিয়ম বান্ধি দিয়া হয় ৷ অৱশ্যে বৰ্তমান সময়ত এনেধৰণে ৰাণ সংগ্ৰহ কৰাটো কোনোপধ্যে সম্ভৱ নহয় ৷

লগতে পঢ়ক: এটাও বল নপৰাকৈ পৰিত্যক্ত ভাৰত-বাংলাদেশৰ কানপুৰ টেষ্টৰ দ্বিতীয় দিনৰ খেল - IND VS BAN 2ND TEST

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.