ETV Bharat / sports

৪ ৰানত জয়লাভ কলকাতা নাইট ৰাইডাৰ্ছৰ; খেলৰ হিৰো আন্দ্ৰে ৰাছেল - IPL 2024 - IPL 2024

IPL 2024 : শনিবাৰে ক'লকাতাৰ ইডেন গাৰ্ডেনছত অনুষ্ঠিত আই পি এলৰ ১৭ সংখ্যক সংস্কৰণৰ এক উত্তেজনাপূৰ্ণ মেচত ক'লকাতা নাইট ৰাইডাৰ্ছে ৪ ৰাণত পৰাস্ত কৰিলে ছান ৰাইজাৰ্ছ হায়দৰাবাদক । বেটে-বলে জিলিকিল ঘৰুৱা দলটোৰ তাৰকা অল ৰাউণ্ডাৰ আন্দ্ৰে ৰাছেল ।

KKR Vs SRH
কলকাতা নাইট ৰাইডাৰ্ছৰ বনাম ছানৰাইজাৰ্ছ হায়দৰাবাদ
author img

By ETV Bharat Assamese Team

Published : Mar 23, 2024, 7:44 PM IST

Updated : Mar 24, 2024, 10:45 AM IST

স্পৰ্টছ ডেস্ক, ২৩ মাৰ্চ : জয়েৰে নিজৰ আই পি এল ২০২৪ ৰ অভিযান আৰম্ভ কৰিলে কলকাতা নাইট ৰাইডাৰ্ছে । শনিবাৰে চলিত সংস্কৰণৰ তৃতীয়খন মেচত ছানৰাইজাৰ্ছ হায়দৰাবাদক ৪ ৰানত পৰাস্ত কৰি জয়লাভ কৰে শ্বাহৰুখ খানৰ দলে ।

কেকেআৰৰ জয়ত মুখ্য ভূমিকা পালন কৰে ষ্টাৰ অল ৰাউণ্ডাৰ আন্দ্ৰে ৰাছেলে । ৰাছেলে ২৫ টা বলত ৬৪ ৰাণৰ এক বিধ্বংসী ইনিংছ খেলি নিজৰ দলক বিজয় লক্ষ্যত উপনীত কৰোৱায় । তাৰ পিচত বলিং কৰি তেওঁ ২ অভাৰত ২৫ ৰানত ২ টা উইকেটো দখল কৰে । যাৰ বাবে ৰাছেলক প্লেয়াৰ অফ দ্য মেচ সন্মান আগবঢ়োৱা হয় ।

হায়দৰাবাদৰ হৈ হেনৰিক ক্লাচেনে ২৯ টা বলত ৬৩ ৰানৰ এক আক্ৰমণাত্মক ইনিংছ খেলে যদিও তেওঁ নিজৰ দলটোক জয়ী কৰোৱাত অসফল হয়। ইয়াৰ পূৰ্বে ২০৯ ৰাণৰ লক্ষৰ পম খেদি অপেনাৰ ময়ংক আগৰৱাল আৰু অভিষেক শৰ্মাই হায়দৰাবাদৰ দলটোক এক আগ্ৰাসী আৰম্ভণি দিয়ে আৰু ৫ অভাৰত ৬০ ৰাণ লৈ যায় । কিন্তু ৫.৩ অভাৰত ব্যক্তিগত ৩২ ৰাণত ময়ংক আৰু ৭.২ অভাৰত দলীয় স্কোৰ ৭১ ৰাণত অভিষেক শৰ্মা (৩২) ৷

উল্লেখ্য যে, আই পি এল ২০২৪ ৰ তৃতীয়খন খেল শনিবাৰে কলকাতাৰ ইডেন গাৰ্ডেনত কলকাতা নাইট ৰাইডাৰ্ছ আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদৰ মাজত অনুষ্ঠিত হয় । এই মেচখনত টছত পৰাস্ত হোৱাৰ পাচত কেকেআৰে প্ৰথমে বেটিং কৰিবলৈ আহি ২০ অভাৰত ৭ টা উইকেট হেৰুৱাই ২০৮ ৰান সংগ্ৰহ কৰে ।

এই লক্ষ্যত উপনীত হোৱাত দলটোক সহায় কৰাত ফিলিপ ছল্ট, ৰমনদীপ সিং, ৰিংকু সিং আৰু আন্দ্ৰে ৰাছেলৰ গুৰুত্বপূৰ্ণ অৱদান আছিল । এই চাৰিজন বেটছমেনৰ বাহিৰে কেকেআৰৰ কোনো খেলুৱৈয়ে বেছি সময় উইকেটত থাকিব নোৱাৰিলে ।

দলটোৰ প্রথম আঘাত আছিল মাত্র দুটা ৰান কৰা সুনীল নাৰিনৰ ৰূপত ৷ ইয়াৰ পিছত তিনি নম্বৰত বেটিং কৰিবলৈ অহা ভেংকটেশ আয়াৰেও বিশেষ প্ৰদৰ্শন দেখুৱাব নোৱাৰিলে । টি নটৰাজনৰ বলত তেওঁ জনছনৰ হাতত কেচ আউট হয় আৰু চতুৰ্থ অভাৰৰ তৃতীয়টো বলত ৭ ৰান সংগ্ৰহ কৰি পেভিলিয়নলৈ উভতি আহে ।

তামিলনাডুৰ এইগৰাকী বলাৰে একেটা অভাৰত অধিনায়ক শ্ৰেয়াছ আয়াৰৰ ৰূপত আন এটা উইকেট দখল কৰে । চতুৰ্থ অভাৰৰ পঞ্চম বলত কোনো ৰান নকৰাকৈ পেভেলিয়নমুখী হৈছিল ২৯ বছৰীয়া বেটছমেনগৰাকী ।

দলটোৱে ৩২ ৰানৰ স্ক’ৰত তিনিটা উইকেট হেৰুৱায় । এই ক্ৰম ইয়াতেই থমকি নাথাকিল, কেকেআৰক চতুৰ্থটো আঘাত মায়ংক মাৰ্কাণ্ডেই নীতিশ ৰাণাৰ ৰূপত দিয়ে ৷ মাত্ৰ ৯ ৰানতে সন্তুষ্ট থাকিবলগীয়া হয় নীতিশ । ৫১ ৰানৰ নামমাত্ৰ স্ক’ৰত ৪টা উইকেট হেৰুৱাইছিল কলকাতাই ।

দলটোক এটা ভাল অংশীদাৰিত্বৰ প্ৰয়োজন আছিল । এনে পৰিস্থিতিত ফিলিপ ছল্ট আৰু ৰমনদীপ সিঙৰ মাজত পঞ্চম উইকেটৰ বাবে ৫৪ ৰানৰ অংশীদাৰিত্ব আছিল । এই অংশীদাৰিত্ব ভংগ কৰিছিল পেট কামিন্সে । ১৩ অভাৰৰ প্ৰথমটো বলত তেওঁ ৰমনদীপক মাৰ্কাণ্ডেৰ হাতত কেচ আউট কৰে ।

২৬ বছৰীয়া বেটছমেনগৰাকীয়ে ৩৫ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে ফিল ছল্টে তিনিটা চাৰি আৰু তিনিটা ছয়ৰ সহায়ত ৫৪ ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হয় । আঠ নম্বৰত বেটিং কৰিবলৈ অহা আন্দ্ৰে ৰাছেলৰ ধুমুহাময় ইনিংছৰ ফলত কলকাতা নাইট ৰাইডাৰ্ছে শেষৰ পাঁচ অভাৰত ৮৫ ৰান সংগ্ৰহ কৰি এটা উইকেট হেৰুৱাইছিল ।

ৰাছেল আৰু ৰিংকু সিঙৰ মাজত সপ্তম উইকেটৰ বাবে ৮১ ৰানৰ অংশীদাৰিত্ব হয় । ৱেষ্ট ইণ্ডিজৰ তাৰকা অলৰাউণ্ডাৰগৰাকীয়ে ২৫টা বলত তিনিটা চাৰি আৰু ৭টা ছয় সহায়ত ৬৪ ৰানৰ এটা সুন্দৰ ইনিংছ খেলে । আনহাতে, ৰিংকু সিঙে তিনিটা চাৰিৰ সহায়ত ২৩ ৰান কৰিবলৈ সক্ষম হয় । কিন্তু টি নটৰাজনৰ বলিঙৰ আগত তেওঁ তিষ্ঠিব নোৱাৰিলে ৷

নৱম স্থানত বেটিং কৰিবলৈ অহা ষ্টাৰ্কে ৬ ৰান সংগ্ৰহ কৰি অপৰাজিত হৈ থাকে । এই খেলখনত টি নটৰাজনে তিনিটা উইকেট লাভ কৰাৰ বিপৰীতে মায়ংক মাৰ্কেণ্ডেই দুটা উইকেট লাভ কৰে । একে সময়তে পেট কামিন্সেও এটা উইকেট দখল কৰে ।

লগতে পঢ়ক: আই পি এল 2024ৰ উদ্বোধনী খেলত চিএছকেৰ হাতত ৬ উইকেটত পৰাস্ত আৰচিবি - IPL 2024

Last Updated : Mar 24, 2024, 10:45 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.