ETV Bharat / sports

আৰচিবি বনাম কেকেআৰ: ১ ৰাণত পৰাস্ত বেংগালুৰু - IPL 2024 - IPL 2024

IPL 2024: আইপিএলৰ দেওবাৰ বিশেষ দুখন মেচৰ প্ৰথমখন মেচত কলকাতা নাইট ৰাইডাৰ্ছে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুক ১ ৰাণত পৰাস্ত কৰে । প্ৰথমে বেটিং কৰি কেকেআৰৰে ২২২ ৰাণ সংগ্ৰহ কৰিছিল ।

IPL 2024
আৰচিবি বনাম কেকেআৰ: অধিনায়ক শ্ৰেয়সৰ অৰ্ধশতক
author img

By ETV Bharat Assamese Team

Published : Apr 21, 2024, 8:05 PM IST

Updated : Apr 21, 2024, 9:13 PM IST

স্পৰ্টছ ডেস্ক,২১ এপ্ৰিল : আইপিএলত আজি দুখনকৈ গুৰুত্বপূৰ্ণ মেচ । প্ৰথমখন মেচ কলকাতা নাইট ৰাইডাৰ্ছ আৰু ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ মাজত অনুষ্ঠিত হৈছিল । ৰোমাঞ্চকৰ মেচখনত কেকেআৰয়ে ১ ৰাণত বেংগালুৰুক পৰাস্ত কৰে । এই জয়ৰ পিচতে এই ছিজনত পইণ্ট তালিকাৰ ২ নম্বৰ স্থানলৈ যায় দলটো । আৰচিবিৰ দল এতিয়াও পইণ্ট তালিকাৰ ১০ নম্বৰতে আছে ।

এই দুয়োটা দলৰ মাজত এতিয়ালৈকে মুঠ ৩৪ খন খেল খেলা হৈছে । য'ত আৰচিবিয়ে ১৪ খন আৰু কেকেআৰয়ে ২০ খন মেচত জয়ী হৈছে ।

ছিজনৰ প্ৰথমাৰ্ধত নিৰাশজনক প্ৰদৰ্শনৰ পিচত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু পুনৰ উভতি আহিব বুলি আশা কৰা হৈছিল আৰু প্লে অফৰ দৌৰত তেওঁলোকৰ আশা জীয়াই ৰাখিবলৈ আগ্ৰহী আছিল । কিন্তু ফাফ ডু প্লেচিছ বাহিনীয়ে খেলখনৰ অন্তিম পৰ্যায়লৈ যুঁজ দিয়ে যদিও পৰাস্ত হয় ।

খেলখনত আৰচিবিয়ে টছত জয়ী হৈ প্ৰথমে ফিল্ডিং কৰে । ২০ অভাৰৰ অন্তত কলকাতাই ৬ টা উইকেট হেৰুৱাই ২২২ ৰাণ সংগ্ৰহ কৰে । কলকাতাৰ হৈ অপেনাৰ পি চল্টে ১৪ টা বলত ৪৮ ৰাণৰ আক্ৰমণাত্মক ইনিংছ খেলে । তাৰ পিচত অধিনায়ক শ্ৰেয়স আয়াৰেও ৩৬ টা বলত ৫০ ৰাণৰ আকৰ্ষণীয় ইনিংছ খেলে ৷

ইফালে ২২৩ ৰাণৰ লক্ষ্যৰ পিচত দৌৰি আৰচিবিৰ হৈ কোহলীয়ে ৭ টা বলত ১৮ ৰাণ সংগ্ৰহ কৰে । একেদৰে জেক্সে ৩২ টা বলত ৫৫ ৰাণৰ আকৰ্ষণীয় ইনিংছ খেলে । ৰজত পাতিদাৰেও ২৩ বলত ৫২ ৰাণ কৰে । অন্তিম পৰ্যায়ত দীনেশ কাৰ্তিক আৰু কৰণ শৰ্মাই দলটোক বিজয়ৰ আশা দেখুৱাইছিল । কিন্তু তেওঁলোকৰ এই প্ৰদৰ্শনৰ পিছতো আৰচিবি জয়ী হ'ব নোৱাৰিলে । অন্তিম বলত বেংগালুৰুক জয়ৰ বাবে ৩ ৰাণৰ প্ৰয়োজন আছিল । অৱশ্যে ক্ৰিজত থকা ফাৰ্গুছন আৰু চিৰাজে দলক বিজয়ৰ মুখ দেখুৱাব নোৱাৰিলে ।

লগতে পঢ়ক :দিল্লীৰ বিৰুদ্ধে ১৬ টা বলত অৰ্ধশতকৰ অভিলেখ গঢ়িলে ট্ৰেভিছ হেডে - IPL 2024

Last Updated : Apr 21, 2024, 9:13 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.