ETV Bharat / sports

শীতত ফুটবলৰ উন্মাদনা; বিজয়ীৰ খিতাপ দখল খোৱাং আঠাবাৰী ফুটবল দলৰ - FOOTBALL TOURNAMENT IN DIBRUGARH

শীত নেওচি ফুটবল খেল উপভোগ সহস্ৰাধিক ৰাইজৰ ৷ ড° ভূপেন হাজৰিকাৰ সোঁ‌ৱৰণী নৱম বাৰ্ষিক ফুটবল প্ৰতিযোগিতাত বিজয়ীৰ খিতাপ দখল খোৱাং আঠাবাৰী ফুটবল দলৰ ৷

FOOTBALL TOURNAMENT IN DIBRUGARH
ড° ভূপেন হাজৰিকাৰ সোঁ‌ৱৰণী নৱম বাৰ্ষিক ফুটবল প্ৰতিযোগিতা (ETV Bharat Assam)
author img

By ETV Bharat Sports Team

Published : Dec 15, 2024, 1:35 PM IST

স্প’ৰ্টছ ডেস্ক: শীতৰ এটি নিশা আৰু এখন ফুটবল মেচ, হয়তো ইয়াতকৈ ভাল কম্বিনেচন আৰু নোলাব ৷ শীতক নেওচি ফুটবলৰ উন্মাদনাত শনিবাৰৰ নিশা বিলীন হ'ল মৰাণ ।

দুভৰিৰ যাদু চাবলৈ হাড় কঁপোৱা শীতকো নেওচি ওলাই আহিল হাজাৰ হাজাৰ ৰাইজ । কিয়নো ড৹ ভূপেন হাজৰিকা সমন্বয় ক্ষেত্ৰ পৰিচালনা সমিতিৰ উদ্যোগত ডিব্ৰুগড়ৰ তিলৈ হাইস্কুল খেলপথাৰত শনিবাৰে নিশা অনুষ্ঠিত হৈছিল নৱম বাৰ্ষিক ফুটবল প্ৰতিযোগিতাৰ চূড়ান্ত খেলখন ।

শীতত ফুটবলৰ উন্মাদনা (ETV Bharat Assam)

17 নৱেম্বৰৰ পৰা অনুষ্ঠিত হোৱা ফুটবল প্ৰতিযোগিতাখনত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ মুঠ 26 টা ফুটবল দলে অংশগ্ৰহণ কৰে ৷ এই প্ৰতিযোগিতাৰ ফাইনেল মেচখন অনুষ্ঠিত হয় খোৱাং আঠাবাৰী আৰু মৰাণ ফুটবল একাডেমীৰ ফুটবল দল দুটাৰ মাজত ।

বিধায়ক চক্ৰধৰ গগৈয়ে মুকলি কৰা চূড়ান্ত খেলখনত দুয়োটা দলে তীব্ৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াই যদিও আঠাবাৰী ফুটবল দলৰ হৈ অমৰ কছাৰীয়ে খেলৰ 22 মিনিটত এটা গ’ল প্ৰদান কৰি দলৰ অগ্ৰগতিক অৰিহণা যোগায় ৷ আনহাতে, খেলৰ 24 মিনিটত মৰাণ ফুটবল একাডেমীৰ হৈ দেৱজিত গগৈয়ে আন এটা গ’ল প্ৰদান কৰি 1-1 ৰ সমতা স্থাপন কৰে ৷ ইয়াৰ পিছত কোনো এটা দলে গ’ল প্ৰদান কৰিবলৈ সক্ষম নহ’ল ৷

FOOTBALL TOURNAMENT IN DIBRUGARH
টাইব্ৰেকাৰ পদ্ধতিৰে খেলৰ ফলাফল নিৰ্ণয় (ETV Bharat Assam)

অৱশেষত টাইব্ৰেকাৰ পদ্ধতিৰে খোৱাং আঠাবাৰী ফুটবল দলে মৰাণ ফুটবল একাডেমীৰ দলটোক 4-5 গ'লত পৰাস্ত কৰি বিজয়ীৰ খিতাপ অৰ্জন কৰে । জিলাখনত ক্ৰীড়াৰ এক সুন্দৰ পৰিৱেশ গঢ়িবলৈ বিগত কেইবছৰমানৰে পৰা ড৹ ভূপেন হাজৰিকা সমন্বয় ক্ষেত্ৰ পৰিচালনা সমিতিয়ে অনুষ্ঠিত কৰি আহিছে এই ফুটবল প্রতিযোগিতা ৷

খেল মুকলি কৰি খোৱাং সমষ্টিৰ বিধায়ক গগৈয়ে এনেদৰে কয়, "ড৹ ভূপেন হাজৰিকা সমন্বয় ক্ষেত্ৰ পৰিচালনা সমিতিৰ উদ্যোগত অনুষ্ঠিত কৰা এখন সুন্দৰ খেল উপভোগ কৰিবলৈ পাই আনন্দিত হৈছো । উদ্যোক্তাসকলে ভূপেন হাজৰিকাৰ নামটো জীয়াই ৰাখিবলৈ ক্ৰীড়া ক্ষেত্ৰখনৰ জৰিয়তে গ্ৰামাঞ্চল, বাগিচা অঞ্চলত বিয়পি থকা নতুন প্ৰজন্মৰ খেলুৱৈসকলক উলিয়াই আনিবলৈ যি ব্যৱস্থা কৰিলে, তাৰবাবে উদ্যোক্তাসকলক ধন্যবাদ জনাইছো । এই প্ৰতিযোগিতাৰ পৰা অনাগত দিনত ভাল ভাল খেলুৱৈ ওলাই আহিব আৰু ক্ৰীড়াক্ষেত্ৰখনত আগুৱাই যাবলৈ সুযোগ লাভ কৰিব" ৷

FOOTBALL TOURNAMENT IN DIBRUGARH
খোৱাং আঠাবাৰী ফুটবল দললৈ বিজয়ী দলৰ সন্মান (ETV Bharat Assam)

"তিলৈ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত সুৰক্ষিত ভূমিত যি সুধাকণ্ঠ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তি স্থাপনৰ কাম কৰা হৈছে, তাৰবাবে পূৰ্বে 3 লাখ টকা প্ৰদান কৰাৰ পাছতেই পুনৰ 12 লাখ টকা সুধাকণ্ঠ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তিৰ স্থানত পকী দেৱাল নিৰ্মাণ কৰাৰ বাবে প্ৰদান কৰা হৈছে । খুব কম সময়ৰ ভিতৰত তিলৈ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত সুৰক্ষিত ভূমিত সুধাকণ্ঠ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তি স্থাপন কৰা স্থানত এক সুন্দৰ পৰিৱেশ গঢ়ি উঠিব" বুলি বিধায়কগৰাকীয়ে লগতে কয় ৷

লগতে পঢ়ক: সম্প্ৰীতিৰ বাৰ্তা কঢ়িয়াই অসম-নাগালেণ্ড সীমান্তত অনুষ্ঠিত বন্ধুত্বমূলক ভলীবল খেল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.