ETV Bharat / sports

নিউজীলেণ্ডৰ কেন্দ্ৰীয় চুক্তি নাকচ কেন উইলিয়ামছনৰ : এৰিলে সংক্ষিপ্ত সংস্কৰণৰ অধিনায়কত্বও - Kane Williamson Quits Captaincy - KANE WILLIAMSON QUITS CAPTAINCY

Kane Williamson Quits Captaincy: টি-২০ বিশ্বকাপত হতাশাজনক প্ৰদৰ্শনৰ পিচত কেন্দ্ৰীয় চুক্তি নাকচ ক্ৰিকেটাৰ কেন উইলিয়ামছনৰ ৷ ইয়াৰ লগতে এদিনীয়া আৰু টি-২০ ৰ অধিনায়কৰ পদো ত্যাগ কৰিছে কেন উইলিয়ামছনে । অৱশ্যে ৰেড বলৰ অধিনায়ক অৰ্থাৎ টেষ্টৰ অধিনায়ক হৈ থাকিব তেওঁ ।

Kane Williamson Quits Captaincy
নিউজীলেণ্ডৰ কেন্দ্ৰীয় চুক্তি নাকচৰ কেন উইলিয়ামছনৰ (Etv Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jun 19, 2024, 6:29 PM IST

স্পৰ্টছ ডেস্ক, ১৯ জুন: নিউজীলেণ্ডৰ অধিনায়ক কেন উইলিয়ামছনে ২০২৪-২৫ বৰ্ষৰ বাবে কেন্দ্ৰীয় চুক্তি নাকচ কৰিছে । নিউজীলেণ্ড ক্ৰিকেটে বুধবাৰে কয় যে আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰ গঢ়িবলৈ তেওঁ বগা বলৰ অধিনায়কৰ ভূমিকাৰ পৰাও পদত্যাগ কৰিছে । টি-২০ বিশ্বকাপ ২০২৪ৰ দলটোৰ হতাশাজনক অভিযানৰ পিচতেই এই ঘোষণা কৰা হৈছে, য’ত নিউজীলেণ্ডৰ দলটোৱে ২০১৪ ৰ পিচত প্ৰথমবাৰৰ বাবে পুৰুষৰ বিশ্বকাপৰ ছেমি ফাইনেলত প্ৰৱেশ কৰাত ব্যৰ্থ হয় ।

উইলিয়ামছনে নিউজীলেণ্ড ক্ৰিকেটক কয়, ‘ক্ৰিকেটৰ সকলো ফৰ্মেটতে দলটোক আগুৱাই লৈ যোৱাটো মোৰ বাবে অতি আবেগপ্ৰৱণ আৰু অৰিহণা যোগ্য এটা কাম । কিন্তু নিউজীলেণ্ডৰ গ্ৰীষ্মকালীন সত্ৰৰ সময়ত কেন্দ্ৰীয় চুক্তিৰ প্ৰস্তাৱ গ্ৰহণৰ অৰ্থ হৈছে বিশ্বৰ আন আন প্ৰান্তত খেলিবলৈ পোৱাৰ সুযোগ হেৰুওৱা ।

লগতে পঢ়ক: উন্নত প্ৰদৰ্শনেৰে ভাৰতৰ লক্ষ্য হ'ব ছেমি ফাইনেলত স্থান দখল - T20 World Cup 2024

কেন উইলিয়ামছনে বৰদিনৰ পূৰ্বে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ৮খন মেচ খেলিব আৰু ফেব্ৰুৱাৰী-মাৰ্চত পাকিস্তানত অনুষ্ঠিত হ’বলগীয়া আইচিচি চেম্পিয়নছ ট্ৰফী প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব ৷ নিউজীলেণ্ডৰ হৈ ৩৫০খনতকৈও অধিক আন্তঃৰাষ্ট্ৰীয় মেচত অংশগ্ৰহণ কৰা প্ৰবীণ খেলুৱৈগৰাকীয়ে কেন্দ্ৰীয় চুক্তি নাকচ কৰাৰ পিচত ভৱিষ্যতে এই চুক্তিত পুনৰ স্বাক্ষৰ কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰে ।

তেওঁ কয়, ‘নিউজীলেণ্ডৰ হৈ খেলাটো মোৰ বাবে অতি গুৰুত্বপূৰ্ণ আৰু দলটোক কিবা এটা ঘূৰাই দিয়াৰ মোৰ ইচ্ছা এতিয়াও হ্ৰাস পোৱা নাই । অৱশ্যে ক্ৰিকেটৰ বাহিৰত মোৰ জীৱনটো সলনি হৈছে । ঘৰত অথবা বিদেশত পৰিয়ালৰ সৈতে অধিক সময় কটাবলৈ আৰু তেওঁলোকৰ সৈতে অভিজ্ঞতা উপভোগ কৰাটো মোৰ বাবে আৰু অধিক গুৰুত্বপূৰ্ণ ।

লগতে পঢ়ক: ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষকৰ বাবে সাক্ষাৎকাৰত বহিল গৌতম গম্ভীৰ - Team India Head Coach

উইলিয়ামছনে নিউজীলেণ্ড দলক ৪০খন টেষ্ট, ৯১খন এদিনীয়া আৰু ৭৫খন টি-২০ত নেতৃত্ব দিছিল । ২০১১ চনত অভিষেক ঘটোৱা বাওঁহাতৰ পেচাৰগৰাকীয়ে ২০২১ চনত বিশ্ব টেষ্ট চেম্পিয়নশ্বিপত দলটোক জয়ী কৰোৱাৰ লগতে ২০১৫ আৰু ২০১৯ চনৰ এদিনীয়া বিশ্বকাপ ফাইনেল আৰু ২০২১ৰ টি-২০ বিশ্বকাপ ফাইনেলত প্ৰৱেশ কৰা দলটোক নেতৃত্ব দিছিল । চলিত বৰ্ষৰ আৰম্ভণিতে ১০০ সংখ্যক টেষ্টো খেলিছিল উইলিয়ামছনে ।

নিউজীলেণ্ড ক্ৰিকেটৰ চি ই অ’ স্কট উইনিঙে নিউজীলেণ্ড দলটোৰ হৈ উইলিয়ামছনে আগবঢ়োৱা অৱদানক স্বীকাৰ কৰে ৷ তেওঁ লগতে অভিজ্ঞ তাৰকা খেলুৱৈগৰাকীয়ে পৰিয়ালমুখী অগ্ৰাধিকাৰকে ধৰি তেওঁৰ অন্যান্য লক্ষ্যত উপনীত হ’বলৈ কিছু সময় ছুটী লোৱাৰ অধিকাৰ অৰ্জন কৰাৰ কথা স্বীকাৰ কৰে ।

লগতে পঢ়ক: কেৰিবিয়ান পিটছত এইসকল ভাৰতীয় বেটছমেনৰ ওপৰত থাকিব সকলোৰে দৃষ্টি... - T20 World Cup 2024

অধিনায়ক কেন উইলিয়ামছনৰ লগতে বেগী বলাৰ লাকী ফাৰ্গুচনেও কেন্দ্ৰীয় চুক্তিৰ প্ৰস্তাৱত স্বাক্ষৰ নকৰাৰ ইংগিত দিছে । অহা মাহত কেন্দ্ৰীয় চুক্তিৰ প্ৰস্তাৱৰ চূড়ান্ত তালিকা প্ৰকাশ পোৱাৰ সম্ভাৱনা আছে ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.