স্প’ৰ্টছ ডেস্ক: শেহতীয়াকৈ সমাপ্ত হৈছে আই পি এল 2025 ৰ মেগা নিলাম । 24 নৱেম্বৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে চৌদি আৰৱৰ জেদ্দাত অনুষ্ঠিত এই মেগা নিলাম আশা কৰাতকৈও বেছি আকৰ্ষণীয় আছিল । মুঠ 10 টা ফ্ৰেঞ্চাইজিয়ে 182 গৰাকী খেলুৱৈৰ বাবে 639.15 কোটি টকা ব্যয় কৰে । য’ত আছে 62 গৰাকী বিদেশী খেলুৱৈ ৷ খেলুৱৈসকলক তেওঁলোকৰ দক্ষতা, ক্ষমতা আৰু প্ৰদৰ্শনৰ ওপৰত ভিত্তি কৰি দৰমহা প্ৰদান কৰা হয় । যিয়ে নিজৰ দলটোক অধিক শক্তিশালী কৰি তোলে ।
নিলামৰ পিছত ক্ৰিকেটপ্ৰেমীৰ দৃষ্টি আৱদ্ধ থাকিব দলসমূহৰ অপেনিং যুটিৰ ওপৰত ৷ কিয়নো ক্ৰিকেটৰ সবাতোকৈ চুটি ফৰ্মেট টি-20 ক্ৰিকেটত অপেনিং যুটিয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ৷ যদিহে পাৱাৰ প্লে’ত দুৰ্দান্ত প্ৰদৰ্শনৰে অ’পেনাৰসকলে ভাল আৰম্ভণি কৰে, তেন্তে দলটোৱে ৰাণ সংগ্ৰহৰ ক্ষেত্ৰত শক্তিশালী স্থিতিত উপনীত হ’ব পাৰে ৷
চলিত ছিজনত মুম্বাই ইণ্ডিয়ানছ, ৰাজস্থান ৰয়েলছ, চেন্নাই ছুপাৰ কিংছ, ছানৰাইজাৰ্ছ হায়দৰাবাদ আৰু ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৰ ফ্ৰেঞ্চাইজিয়ে অন্ততঃ এটা শক্তিশালী অ’পেনাৰ যুটিক ক্ৰিজলৈ পঠোৱা দেখা গৈছিল ৷
বৰ্তমানৰ মেগা নিলামত জছ বাটলাৰ হৈ পৰিছে সৰ্বাধিক মূল্যৰ নিয়মীয়া অ’পেনাৰ । ক্ৰিকেটাৰগৰাকীক 15.75 কোটি টকাত ক্ৰয় কৰিছে গুজৰাট টাইটানছে । মুঠতে এই ছিজনৰ বাবে কোনটো দলে কাক অ’পেনাৰ হিচাপে ক্ৰিজলৈ পঠিয়াব, সেয়া চাবলৈ অনুৰাগীসকলে আগ্ৰহেৰে অপেক্ষা কৰি আছে ।
আগন্তুক ছিজনৰ বাবে 10 গৰাকী অ’পেনাৰৰ তালিকা (আনুমানিক) আৰু ফ্ৰেঞ্চাইজিয়ে ইয়াৰ বাবে কিমান টকা খৰচ কৰিছে, তাৰ সবিশেষ জানো আহক-
- কলকাতা নাইট ৰাইডাৰ্ছ: সুনীল নাৰিন (12 কোটি টকা) - কুইণ্টন ডি কক (3.60 কোটি টকা)
- ছানৰাইজাৰ্ছ হায়দৰাবাদ: অভিষেক শৰ্মা (14 কোটি টকা) - ট্ৰেভিছ হেড (14 কোটি টকা)
- ৰাজস্থান ৰয়েলছ: যশস্বী জয়ছোৱাল (18 কোটি টকা) - সঞ্জু ছেমচন (18 কোটি টকা)
- ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু: বিৰাট কোহলী (21 কোটি টকা) - ফিলিপ ছল্ট (11.50 কোটি টকা)
- মুম্বাই ইণ্ডিয়ানছ: ৰোহিত শৰ্মা (16.30 কোটি টকা) - উইল জেকছ (5.25 কোটি টকা)
- চেন্নাই ছুপাৰ কিংছ: ৰুতুৰাজ গাইকোৱাড় (18 কোটি টকা) - ডেভন কনৱে’ (6.25 কোটি টকা)
- পঞ্জাৱ কিংছ: প্ৰভছিমৰন সিং (4 কোটি টকা) - জছ ইংগলিশ (2.60 কোটি টকা)
- দিল্লী কেপিটেলছ: কে এল ৰাহুল (14 কোটি টকা) - জেক ফ্ৰেজাৰ মেকগাৰ্ক (9 কোটি টকা)
- লক্ষ্ণৌ ছুপাৰজায়েণ্টছ: আইডেন মাৰ্ক্ৰাম (2 কোটি টকা) - মিচেল মাৰ্ছ (3.40 কোটি টকা)
- গুজৰাট টাইটানছ: শুভমন গিল (16.5 কোটি) - জছ বাটলাৰ (15.75 কোটি টকা)
লগতে পঢ়ক: আই পি এলৰ নিলামত কোটিপতি হৈয়েই বিপদত পৰিল এইগৰাকী খেলুৱৈ...