ETV Bharat / sports

আই পি এলৰ এলিমিনেটৰত আৰ আৰ বনাম আৰ চি বি; কাৰ কিমান শক্তি ? - IPL 2024 - IPL 2024

RR vs RCB Eliminator Match : ৰাজস্থান ৰয়েলছ আৰু ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ মাজত চলিত ছিজনৰ আই পি এলৰ এলিমিনেটৰ মেচখন বুধবাৰে অনুষ্ঠিত হ'ব । তাৰ পূৰ্বে দুয়োটা দলৰ খেলুৱৈসকল আৰু দল দুটাৰ শক্তিৰ ওপৰত এবাৰ চকু ফুৰাওঁ আহক ।

RR vs RCB Eliminator
আজি এলিমিনেটৰত আৰআৰ বনাম আৰচিবি (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : May 22, 2024, 2:08 PM IST

স্প’ৰ্টছ ডেস্ক, ২২ মে' : চলিত ছিজনৰ আই পি এল চূড়ান্ত পৰ্যায়ত উপনীত হৈছে । মঙলবাৰে কোৱালিফায়াৰ মেচত কলকাতা নাইট ৰাইডাৰ্ছে ছানৰাইজাৰ্ছ হায়দৰাবাদক অনায়াসে পৰাস্ত কৰি ফাইনেলত উপনীত হৈছে । আনহাতে, বুধবাৰে সন্ধিয়া ৭.৩০ বজাৰ পৰা ৰাজস্থান ৰয়েলছ আৰু ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ মাজত আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত হ'ব এলিমিনেটৰ মেচ ।

এই মেচখনত ৰাজস্থানৰ অধিনায়ক সঞ্জু ছেমছন আৰু আৰ চি বিৰ অধিনায়ক ফাফ ডু প্লেচিছে তেওঁলোকৰ সম্পূৰ্ণ শক্তিৰে অৱতীৰ্ণ হ'ব । কাৰণ এই মেচখনত পৰাজয়ৰ অৰ্থ হৈছে আই পি এল ২০২৪ ৰ চেম্পিয়ন হোৱাৰ সপোন ভংগ । এনে পৰিস্থিতিত দুয়োগৰাকী অধিনায়কে এই মেচখনত তেওঁলোকৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন আগবঢ়াবলৈ চেষ্টা কৰিব । মেচখনৰ পূৰ্বে দুয়োটা দলৰ বেটিং আৰু বলিং শক্তিৰ ওপৰত এবাৰ আলোকপাত কৰোঁ আহক ।

বৰ্তমান ৰাজস্থান ৰয়েলছৰ বেটিং অধিনায়ক সঞ্জু ছেমছন আৰু ৰিয়ান পৰাগৰ ওপৰত অধিক নিৰ্ভৰশীল হৈছে । এই দুয়োগৰাকী বেটছমেনে চলিত ছিজনত দলটোৰ হৈ ভাল ৰাণ সংগ্ৰহ কৰিছে । কিন্তু এই দুগৰাকী বেটছমেনৰ বাহিৰে দলটোৰ আন কোনো বেটছমেনে এনে প্ৰভাৱ পেলাব পৰা নাই ।

তৎসত্ত্বেও দলটোৱে এই গুৰুত্বপূৰ্ণ মেচখনত যশস্বী জয়ছোৱাল আৰু ৰ'ভমেন পাৱেলৰ বেটৰ পৰা বিস্ফোৰক ইনিংছ আৰু ৰাণ আশা কৰিব । যুজবেন্দ্ৰ চাহাল, আবেশ খান, ট্ৰেণ্ট ব'ল্ট আৰু সন্দীপ সিঙে আৰ আৰৰ হৈ বলিঙত উৎকৃষ্ট প্ৰদৰ্শন কৰিব পাৰে ।

আৰ আৰৰ বিপজ্জনক খেলুৱৈ:

বেটছমেন

সঞ্জু ছেমছন : মেচ-14, ৰাণ - 501 (0 শতক/ ৫ অৰ্ধ শতক)

ৰিয়ান পৰাগ : মেচ-14, ৰাণ - 531 (0 শতক/৪ অৰ্ধ শতক)

যশস্বী জয়ছোৱাল : মেচ-14, ৰাণ - 348 (1 শতক / 1 অৰ্ধ শতক)

বলাৰ

যুজবেন্দ্ৰ চাহাল : মেচ-১৩, উইকেট-১৭

আবেশ খান : মেচ-১৪, উইকেট-১৩

ট্ৰেট ব'ল্ট : মেচ-14, উইকেট-12

অলৰাউণ্ডাৰ

ৰ'ভমেন পাৱেল : মেচ-8, ৰাণ - 81 (অৰ্ধ শতক - 0/ উইকেট – 0)

আনহাতে, আৰচিবিৰ নিৰ্ভৰযোগ্য খেলুৱৈ ফাফ ডু প্লেচিছ আৰু বিৰাট কোহলীয়ে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ বাবে এই মেচখনত তাণ্ডৱ সৃষ্টি কৰিব পাৰে । এই দুয়োগৰাকীৰ উপৰি ৰজত পাতিদাৰ আৰু কেমেৰুন গ্ৰীণেও বেটেৰে যাদু দেখুৱাবলৈ সম্পূৰ্ণৰূপে সাজু থাকিব । ইফালে বলিঙত মহম্মদ চিৰাজ, যশ দয়াল আৰু কৰণ শৰ্মাই আৰ চি বিৰ হৈ ভাল প্ৰদৰ্শন কৰিব বুলি আশা কৰিব পাৰি । ইয়াৰ বাহিৰেও গ্লেন মেক্সৱেল বলৰ সৈতে মিতব্যয়ী প্ৰমাণিত হ'ব পাৰে ।

আৰ চি বিৰ বিপজ্জনক খেলুৱৈ:

বেটছমেন

বিৰাট কোহলী : মেচ-14, ৰাণ - 708 (1 শতক/ ৫ অৰ্ধ শতক)

ফাফ ডু প্লেচিছ : মেচ-14, ৰাণ - 421 (0 শতক/ 4 অৰ্ধ শতক)

ৰজত পাতিদাৰ : মেচ-14, ৰাণ - 361 (0 শতক/5 অৰ্ধ শতক)

বলাৰ

মহম্মদ চিৰাজ : মেচ-১৩, উইকেট-১৩

যশ দয়াল : মেচ-১৩, উইকেট-১৫

কৰণ শৰ্মা : মেচ-৮, উইকেট-৬

অলৰাউণ্ডাৰ

কেমেৰুণ গ্ৰীণ : মেচ-12, ৰাণ - 228 (অৰ্ধ শতক - 2/ উইকেট – ৯)

লগতে পঢ়ক : আই পি এল 2024 ৰ ফাইনেলত কেকেআৰ; প্ৰথম কোৱালিফায়াৰত আঠ উইকেটত পৰাস্ত কামিন্স বাহিনী - KKR VS SRH QUALIFIER 1

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.