ETV Bharat / sports

ইণ্ডোনেছিয়া অ’পেনৰ প্ৰথম ৰাউণ্ডৰ পৰাই বাহিৰ পি ভি সিন্ধু - Indonesia Open 2024

author img

By ETV Bharat Assamese Team

Published : Jun 6, 2024, 1:16 PM IST

PV Sindhu out in first round : ইণ্ডোনেছিয়া অ’পেন বি ডব্লিউ এফ চুপাৰ ১০০০ শৃংখলাৰ প্ৰথমখন খেলতে পৰাজয়ৰ সন্মুখীন হৈছে পূৰ্বৰ দুবাৰৰ অলিম্পিক পদক বিজয়ী ভাৰতীয় খেলুৱৈ পি ভি সিন্ধু ৷ সিন্ধুৰ পৰাজয়ে স্বাভাৱিকতে ভাৰতীয় দৰ্শক আৰু অনুৰাগীক নিৰাশ কৰে ৷

Indonesia Open 2024
ভাৰতীয় বেডমিণ্টন তাৰকা খেলুৱৈ পি ভি সিন্ধু (ETV Bharat Assam)

স্প’ৰ্টছ ডেস্ক, 6 জুন : ভাৰতৰ দুবাৰৰ অলিম্পিকৰ পদকপ্ৰাপ্ত খেলুৱৈ পি ভি সিন্ধুই বুধবাৰে ইণ্ডোনেছিয়া অ’পেন বি ডব্লিউ এফ চুপাৰ 1000 শৃংখলাৰ প্ৰথমখন খেলতে পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছে ৷ ভাৰতীয় খেলুবৈগৰাকীয়ে বিশ্বৰ 10 নং স্থানৰ চীনা টাইপেই খেলুৱৈ ৱেন চি চুৰ হাতত পৰাস্ত হয় ।

আনহাতে, মহিলা ডাবলছৰ ক্ষেত্ৰত ভাৰতৰ বাবে দিনটো আছিল মধ্যমীয়া ৷ আন দুগৰাকী ভাৰতীয় খেলুৱৈ ক্ৰমে তানিশা ক্ৰেষ্টো আৰু অশ্বিনী পোনাপ্পাই প্ৰতিদ্বন্দ্বী খেলুৱৈ কানাডাৰ জেকি ডেণ্ট আৰু ক্ৰিষ্টাল লাইকক 21-15, 21-15 ছেটত পৰাস্ত কৰে ৷

লগতে পঢ়ক: হাৰ্দিকৰ ধুমুহা, আয়াৰলেণ্ডৰ বিৰুদ্ধে 8 উইকেটত সহজ বিজয় ভাৰতৰ - T20 World Cup 2024

বিপৰীতে ৰুটাপাৰ্ণা পাণ্ডা আৰু ভগ্নী শ্বেতাপাৰ্ণাৰ যুটীটোক পৰাস্ত কৰে দক্ষিণ কোৰিয়াৰ কিম চ'য়ং আৰু হিয়ঙে ৷ 36 মিনিটতে সমাপ্ত হোৱা খেলখনত দক্ষিণ কোৰিয়াৰ যুটীটোৱে ভাৰতীয় যুটীটোক পৰাস্ত কৰে 12-21, 9-21 ছেটত ৷

ইণ্ডোনেছিয়া অ’পেনত অভিযান আৰম্ভ কৰাৰ লগে লগে পি ভি সিন্ধুৰ ওপৰত দৃষ্টি আৱদ্ধ আছিল দেশবাসীৰ ৷ কিন্তু দেশবাসীয়ে আশা কৰাৰ দৰে ফলাফল দিবলৈ খেলুৱৈগৰাকী সমৰ্থ নহ’ল ৷

বৰ্তমান বিশ্বৰ বেডমিণ্টনৰ ৰেটিং তালিকাত 20 তম স্থানত থকা সিন্ধুৱে শৃংখলাটোৰ প্ৰথমখন খেলতে পৰাজয়বৰণ কৰে ৷ ইণ্ডোনেছিয়াৰ ৰাজধানীৰ ইষ্টোৰা চেনিয়ান স্প’ৰ্টছ পেলেচৰ 2 নং ক'ৰ্টত অনুষ্ঠিত 70 মিনিটৰ খেলখনত ৱেন চি চুৰ বিৰুদ্ধে 15-21, 21-15, 14-21 ছেটত পৰাজিত হয় ভাৰতীয় খেলুৱৈগৰাকী ৷

লগতে পঢ়ক: বিবাহ বিচ্ছেদৰ উৰাবাতৰিৰ মাজতে হাৰ্দিক পাণ্ডিয়াৰ সৈতে থকা ফটো শ্বেয়াৰ নাতাশাৰ - Natasa Hardik Pandya Divorce

2016 চনত ৰিঅ' অলিম্পিকত ৰূপৰ পদক আৰু টকিঅ' অলিম্পিকত ব্ৰঞ্জৰ পদক অৰ্জন কৰা সিন্ধুৱে খেলখনত চীনা প্ৰতিপক্ষৰ বিৰুদ্ধে নিজৰ ছন্দ হেৰুৱায় ৷ চীনা টাইপেই প্ৰতিদ্বন্দ্বীগৰাকীয়ে খেলৰ আৰম্ভণিতে 10-2 ৰ অগ্ৰগতি লাভ কৰি তাক বৰ্তাই ৰাখে ৷ ৱেইৱে পৰৱৰ্তী তিনি পইণ্ট লাভ কৰাৰ পিছত সিন্ধুৱে 8-17 আৰু তাৰপিছত 15-18 লৈ পইণ্টৰ ব্যৱধান হ্ৰাস কৰিবলৈ সক্ষম হয় ৷ প্ৰথম ছেটটো চীনা খেলুৱৈগৰাকীয়ে 21-15 ছেটত নিজৰ দখললৈ আনে ।

দ্বিতীয় ছেটতো চীনা খেলুৱৈগৰাকীয়ে সুন্দৰ আৰম্ভণি ঘটায় ৷ চীনা প্ৰতিপক্ষৰ সমানে ভাৰতীয় খেলুৱৈগৰাকীয়ে 4-4, 7-7, 13-13 পইণ্টত সমতা স্থাপন কৰে যদিও পিছলৈ সিন্ধুৱে 17-13 ছেটত অগ্ৰগতি লাভ কৰে ৷ 28 বছৰীয়া ভাৰতীয় তাৰকাগৰাকীয়ে খেলখনত অগ্ৰগতি লাভ কৰাৰ লগতে 21-15 ত দ্বিতীয় ছেটতো নিজৰ আয়ত্বলৈ আনিবলৈ সক্ষম হয় ৷

নিৰ্ণায়ক তথা অন্তিম ছেটত ভাৰতীয় খেলুৱৈ সিন্ধুৱে 6-3 পইণ্টৰে সুন্দৰ অগ্ৰগতি লাভ কৰে ৷ কিন্তু পিছত 12-12 ত চীনা খেলুৱৈগৰাকীয়ে সিন্ধুৰ সৈতে সমতা স্থাপন কৰি 16-12 ৰ অগ্ৰগতি লাভ কৰে ৷ খেলুৱৈগৰাকীয়ে একেৰাহে পাঁচ পইণ্ট লাভ কৰে ৷ সিন্ধুৱে পিছত দুটা পইণ্ট লাভ কৰে যদিও চীনা খেলুৱৈগৰাকীয়ে 20-13 ৰ অগ্ৰগতি লাভ কৰে ৷ অৱশেষত পি ভি সিন্ধুৱে 14-21 ছেটৰ ব্যৱধানত খেলখনত পৰাজয়বৰণ কৰে ৷

লগতে পঢ়ক: আয়াৰলেণ্ডৰ বিৰুদ্ধে প্ৰথম মেচৰ পূৰ্বে টীম ইণ্ডিয়াৰ কঠোৰ অনুশীলন - T20 World Cup 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.