ETV Bharat / sports

ইউৰোপত এফআইএইচ হকী লীগৰ বাবে ৰাওনা ভাৰতীয় মহিলা হকী দল - FIH Pro League 2024

author img

By ETV Bharat Assamese Team

Published : May 17, 2024, 4:43 PM IST

INDIAN WOMEN HOCKEY TEAM: ভাৰতীয় মহিলা হকী দলটো এফআইএইচ প্ৰ' লীগৰ বাবে বেলজিয়ামলৈ ৰাওনা হৈছে । চেলিমা টেটৰ অধিনায়কত্বত দলটোৱে সুন্দৰ প্ৰদৰ্শন কৰিব বুলি আশা কৰা হৈছে । উল্লেখ্য যে এফআইএইচৰ প্ৰথম পৰ্যায়ত ভাৰতৰ প্ৰদৰ্শন ভাল নাছিল ।

FIH Pro League 2024
এফআইএইচ হকী লীগৰ বাবে বেলজিয়ামলৈ ৰাওনা ভাৰতীয় মহিলা হকী দল (IANS Photo)

স্পৰ্টছ ডেস্ক, ১৭ মে' : চেলিমা টেটেৰ নতুন অধিনায়কত্বত ভাৰতীয় মহিলা হকী দলটো এফআইএইচ প্ৰ' লীগ ২০২৩-২৪ৰ বাবে বেলজিয়ামলৈ ৰাওনা হৈছে । বুধবাৰৰ পৰা বেলজিয়ামৰ এণ্টৱাৰ্পত আৰম্ভ হোৱা এই লীগৰ ইউৰোপীয় পৰ্যায়ত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে শেহতীয়া ঘৰুৱা শৃংখলাৰ পৰা লাভ কৰা অভিজ্ঞতাৰে ভাল ফল দেখুৱাব বুলি আশা কৰা হৈছে ।

উল্লেখ্য যে প্ৰাক্তন অধিনায়ক সবিতা পুনিয়াৰ নেতৃত্বত ভাৰতে ভুৱনেশ্বৰ আৰু ৰূঢ়কেলাত অনুষ্ঠিত প্ৰথম লীগত আঠখন মেচৰ ভিতৰত মাত্ৰ দুখনতহৈ জয়ী হয় আৰু নটা দলৰ তালিকাৰ ষষ্ঠ স্থানলৈ অৱনমিত হয় ।

আনহাতে, চলিত মাহৰ আৰম্ভণিতে ঝাৰখণ্ডৰ মিডফিল্ডাৰ চেলিমা টেটেক অধিনায়কত্ব অৰ্পণ কৰা হয় আৰু নৱনীত কৌৰক তেওঁৰ সহকাৰী হিচাপে নিযুক্ত কৰা হয় । তেওঁৰ অধিনায়কত্বত ভাৰতে প্ৰথম শৃংখলা 4-2 ব্যৱধানত জয় কৰে । শুকুৰবাৰে এণ্টৱাৰ্পলৈ ৰাওনা হোৱাৰ পূৰ্বে চেলিমা টেটেয়ে কয়, "ভাৰতীয় মহিলা হকী দলৰ অধিনায়ক হিচাপে আমাৰ প্ৰতিভাশালী দলটোক এফআইএইচ হকী প্ৰ' লীগৰ ইউৰোপীয় পৰ্যায়লৈ লৈ যোৱাটো এক গৌৰৱৰ বিষয় । আমি আমাৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন দেখুৱাবলৈ আৰু আন্তঃৰাষ্ট্ৰীয় মঞ্চত আমাৰ দেশক গৌৰৱান্বিত কৰিবলৈ যথাসাধ্য চেষ্টা কৰিম । দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে শেহতীয়া শৃংখলাটোৱে আমাক বহুতো শিকাইছে আৰু আমি সেইবোৰ কাৰ্যকৰী কৰিবলৈ আগ্ৰহী ।"

Embarking on a journey of determination! 🌟🏑

The Indian Women's Hockey Team leaves for the FIH Pro League 2023-24 Belgium and England leg.🛫

Catch all the thrilling matches live on @JioCinema & @Sports18 Network! 📺#HockeyIndia #IndiaKaGame #FIHProLeague24 #IndianWomensTeampic.twitter.com/TrBkgqAox6

— Hockey India (@TheHockeyIndia) May 17, 2024

ভাৰতীয় মহিলা হকী দলটোৱে অহা বুধবাৰে এণ্টৱাৰ্পত ইউৰোপীয় লেগৰ প্ৰথমখন মেচত আৰ্জেণ্টিনাৰ বিৰুদ্ধে খেলিব । লীগৰ এই সংস্কৰণ বেলজিয়াম আৰু ইংলেণ্ডত অনুষ্ঠিত হ'ব । ইয়াৰে ভিতৰত এণ্টৱাৰ্পত ২৬ মে'লৈ মেচ অনুষ্ঠিত হ'ব ।

আনহাতে, লণ্ডনে ১-৯ জুনলৈকে খেল আয়োজন কৰিব । ৩ৰ পৰা ১১ মে'লৈ দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ছয়খন মেচৰ শৃংখলাত ভাৰতে প্ৰথম তিনিখন মেচ ক্ৰমে ১-০, ৫-১ আৰু ৩-১ ব্যৱধানত জয়লাভ কৰে । অৱশ্যে, আলহী দলটোৱে চতুৰ্থ 2-2 (2-4 পেনাল্টি শ্বুট আউট জয়) আৰু পঞ্চম 1-1 (3-1 পেনাল্টি শ্বুট আউট জয়) মেচত শক্তিশালীভাৱে প্ৰত্যাৱৰ্তন কৰে ।

আনহাতে, উপ-অধিনায়ক নৱনীতে কয়, "সফলতা অৰ্জনৰ বাবে তেওঁ চেলিমা আৰু দলটোক সমৰ্থন কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ । উপ-অধিনায়ক হিচাপে নিযুক্ত হোৱাটো এক বিশেষ অধিকাৰ আৰু দায়িত্ব দুয়োটায়ে । আমাৰ অধিনায়ক চেলিমা টেটেৰ সৈতে মই আমাৰ দলৰ সদস্যসকলক প্ৰতিখন মেচত তেওঁলোকৰ সৰ্বশ্ৰেষ্ঠ প্ৰদান কৰিবলৈ সমৰ্থন আৰু অনুপ্ৰেৰণা দিবলৈ প্ৰতিশ্ৰুতিবদ্ধ । দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে শেহতীয়া শৃংখলাটোৱে আমাৰ স্থিতিস্থাপকতা আৰু দৃঢ়তা প্ৰদৰ্শন কৰিছে আৰু আমি সেই গতিক ইউৰোপত আগন্তুক প্ৰত্যাহ্বানলৈ লৈ গৈ আছোঁ ।"

লগতে পঢ়ক : দৰ্শকে আৰু খেলপথাৰত দেখিবলৈ নাপাব সুনীল ছেত্ৰীৰ দুভৰিৰ যাদু - Sunil Chhetri Announces Retirement

স্পৰ্টছ ডেস্ক, ১৭ মে' : চেলিমা টেটেৰ নতুন অধিনায়কত্বত ভাৰতীয় মহিলা হকী দলটো এফআইএইচ প্ৰ' লীগ ২০২৩-২৪ৰ বাবে বেলজিয়ামলৈ ৰাওনা হৈছে । বুধবাৰৰ পৰা বেলজিয়ামৰ এণ্টৱাৰ্পত আৰম্ভ হোৱা এই লীগৰ ইউৰোপীয় পৰ্যায়ত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে শেহতীয়া ঘৰুৱা শৃংখলাৰ পৰা লাভ কৰা অভিজ্ঞতাৰে ভাল ফল দেখুৱাব বুলি আশা কৰা হৈছে ।

উল্লেখ্য যে প্ৰাক্তন অধিনায়ক সবিতা পুনিয়াৰ নেতৃত্বত ভাৰতে ভুৱনেশ্বৰ আৰু ৰূঢ়কেলাত অনুষ্ঠিত প্ৰথম লীগত আঠখন মেচৰ ভিতৰত মাত্ৰ দুখনতহৈ জয়ী হয় আৰু নটা দলৰ তালিকাৰ ষষ্ঠ স্থানলৈ অৱনমিত হয় ।

আনহাতে, চলিত মাহৰ আৰম্ভণিতে ঝাৰখণ্ডৰ মিডফিল্ডাৰ চেলিমা টেটেক অধিনায়কত্ব অৰ্পণ কৰা হয় আৰু নৱনীত কৌৰক তেওঁৰ সহকাৰী হিচাপে নিযুক্ত কৰা হয় । তেওঁৰ অধিনায়কত্বত ভাৰতে প্ৰথম শৃংখলা 4-2 ব্যৱধানত জয় কৰে । শুকুৰবাৰে এণ্টৱাৰ্পলৈ ৰাওনা হোৱাৰ পূৰ্বে চেলিমা টেটেয়ে কয়, "ভাৰতীয় মহিলা হকী দলৰ অধিনায়ক হিচাপে আমাৰ প্ৰতিভাশালী দলটোক এফআইএইচ হকী প্ৰ' লীগৰ ইউৰোপীয় পৰ্যায়লৈ লৈ যোৱাটো এক গৌৰৱৰ বিষয় । আমি আমাৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন দেখুৱাবলৈ আৰু আন্তঃৰাষ্ট্ৰীয় মঞ্চত আমাৰ দেশক গৌৰৱান্বিত কৰিবলৈ যথাসাধ্য চেষ্টা কৰিম । দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে শেহতীয়া শৃংখলাটোৱে আমাক বহুতো শিকাইছে আৰু আমি সেইবোৰ কাৰ্যকৰী কৰিবলৈ আগ্ৰহী ।"

ভাৰতীয় মহিলা হকী দলটোৱে অহা বুধবাৰে এণ্টৱাৰ্পত ইউৰোপীয় লেগৰ প্ৰথমখন মেচত আৰ্জেণ্টিনাৰ বিৰুদ্ধে খেলিব । লীগৰ এই সংস্কৰণ বেলজিয়াম আৰু ইংলেণ্ডত অনুষ্ঠিত হ'ব । ইয়াৰে ভিতৰত এণ্টৱাৰ্পত ২৬ মে'লৈ মেচ অনুষ্ঠিত হ'ব ।

আনহাতে, লণ্ডনে ১-৯ জুনলৈকে খেল আয়োজন কৰিব । ৩ৰ পৰা ১১ মে'লৈ দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ছয়খন মেচৰ শৃংখলাত ভাৰতে প্ৰথম তিনিখন মেচ ক্ৰমে ১-০, ৫-১ আৰু ৩-১ ব্যৱধানত জয়লাভ কৰে । অৱশ্যে, আলহী দলটোৱে চতুৰ্থ 2-2 (2-4 পেনাল্টি শ্বুট আউট জয়) আৰু পঞ্চম 1-1 (3-1 পেনাল্টি শ্বুট আউট জয়) মেচত শক্তিশালীভাৱে প্ৰত্যাৱৰ্তন কৰে ।

আনহাতে, উপ-অধিনায়ক নৱনীতে কয়, "সফলতা অৰ্জনৰ বাবে তেওঁ চেলিমা আৰু দলটোক সমৰ্থন কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ । উপ-অধিনায়ক হিচাপে নিযুক্ত হোৱাটো এক বিশেষ অধিকাৰ আৰু দায়িত্ব দুয়োটায়ে । আমাৰ অধিনায়ক চেলিমা টেটেৰ সৈতে মই আমাৰ দলৰ সদস্যসকলক প্ৰতিখন মেচত তেওঁলোকৰ সৰ্বশ্ৰেষ্ঠ প্ৰদান কৰিবলৈ সমৰ্থন আৰু অনুপ্ৰেৰণা দিবলৈ প্ৰতিশ্ৰুতিবদ্ধ । দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে শেহতীয়া শৃংখলাটোৱে আমাৰ স্থিতিস্থাপকতা আৰু দৃঢ়তা প্ৰদৰ্শন কৰিছে আৰু আমি সেই গতিক ইউৰোপত আগন্তুক প্ৰত্যাহ্বানলৈ লৈ গৈ আছোঁ ।"

লগতে পঢ়ক : দৰ্শকে আৰু খেলপথাৰত দেখিবলৈ নাপাব সুনীল ছেত্ৰীৰ দুভৰিৰ যাদু - Sunil Chhetri Announces Retirement
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.