ETV Bharat / sports

অলিম্পিকৰ সামৰণি অনুষ্ঠানত ভাৰতৰ পতাকাবাহী হ’ব মনু ভাকৰ - Paris Olympics 2024

author img

By ETV Bharat Sports Team

Published : Aug 4, 2024, 10:29 PM IST

Updated : Aug 4, 2024, 10:53 PM IST

Paris Olympics 2024 closing ceremony: অলিম্পিকত ভাৰতৰ হৈ দুটা ব্ৰঞ্জৰ পদক লাভ কৰা মনু ভাকৰক পেৰিছ অলিম্পিক ২০২৪ৰ সামৰণি অনুষ্ঠানত মহিলা পতাকাবাহী হিচাপে দেখা যাব । সম্পূৰ্ণ খবৰ পঢ়ক...

Paris Olympics 2024
অলিম্পিকৰ সামৰণি অনুষ্ঠানত ভাৰতৰ পতাকাবাহী হ’ব মনু ভাকৰ (AP)

স্পৰ্টছ ডেস্ক, ৪ আগষ্ট: ভাৰতৰ দুবাৰৰ অলিম্পিক ব্ৰঞ্জৰ পদক বিজয়ী মনু ভাকৰে পেৰিছ অলিম্পিকৰ সামৰণি অনুষ্ঠানত ভাৰতৰ পতাকা বাহক হ’ব । ভাৰতীয় অলিম্পিক সন্থাৰ সূত্ৰই জনোৱা মতে, সামৰণি অনুষ্ঠানত ভাৰতৰ মহিলা পতাকাবাহী হ’ব ভাকৰ । অৱশ্যে ভাৰতৰ পুৰুষ পতাকা বাহক এতিয়াও নিশ্চিত হোৱা নাই । ১১ আগষ্টত অনুষ্ঠিত হ’ব পেৰিছ অলিম্পিকৰ সামৰণি অনুষ্ঠান ।

Paris Olympics 2024
অলিম্পিকৰ সামৰণি অনুষ্ঠানত ভাৰতৰ পতাকাবাহী হ’ব মনু ভাকৰ (ANI PHOTOS)

ভাকৰে পেৰিছত সৰ্বোত্তম প্ৰদৰ্শন আগবঢ়াই গ্ৰীষ্মকালীন গেমছত দুটা ব্ৰঞ্জৰ পদক লাভ কৰি বহু কৃতিত্ব অৰ্জন কৰে । ২২ বছৰীয়া শ্বুটাৰগৰাকীৰ বাবে পেৰিছ অলিম্পিক এক প্ৰকাৰে মুক্তিৰ দিন আছিল । ২০২১ চনত টকিঅ’ অলিম্পিকৰ ১০ মিটাৰ এয়াৰ পিষ্টলৰ অৰ্হতা ৰাউণ্ডৰ সময়ত তেওঁৰ বন্দুকৰ বিজুতি ঘটিছিল, যাৰ ফলত সময় হেৰুৱাইছিল । তেওঁৰ ওচৰত নিজৰ শ্ব’ট সম্পূৰ্ণ কৰিবলৈ অতি কম সময় আছিল । চূড়ান্ত ৰাউণ্ডলৈ যোগ্যতা অৰ্জন কৰিবলৈ প্ৰয়োজনীয় শীৰ্ষ আঠত স্থানত লাভ তেওঁ ব্যৰ্থ হয় ৷ প্ৰতিযোগিতাখনত তেওঁ ১২ নম্বৰ স্থানত থাকে ৷

লগতে পঢ়ক: পেৰিছত ইতিহাস ৰচনা মনুৰ : ১০ মিটাৰ এয়াৰ পিষ্টল মিক্সত ভাৰতৰ ব্ৰঞ্জ - Paris Olympics 2024

মহিলাৰ ব্যক্তিগত ১০ মিটাৰ এয়াৰ পিষ্টল ইভেণ্টত তৃতীয় স্থান দখল কৰি ভাকৰে চলি থকা অলিম্পিকত ভাৰতৰ হৈ প্ৰথমটো পদক লাভ কৰে ৷ ইয়াৰ পিচত সাৰবজোৎ সিং সৈতে তেওঁ ১০ মিটাৰ এয়াৰ পিষ্টল (মিক্সড টিম) ইভেণ্টত ব্ৰঞ্জৰ পদক লাভ কৰে । কিন্তু অন্তিমখন ইভেণ্টত তেওঁ ঐতিহাসিক গ্ৰেণ্ড ট্ৰেবলৰ পৰা বঞ্চিত হৈ মহিলাৰ ২৫ মিটাৰ পিষ্টল শ্বুটিং ইভেণ্টত চতুৰ্থ স্থান দখল কৰে । ইয়াৰ লগতে তেওঁ একে অলিম্পিকত তিনিটা পদক লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় হোৱাৰ সুযোগ হেৰুৱায় ।

স্বাধীনতাৰ পিচত অলিম্পিকত একেটা সংস্কৰণতে দুটাকৈ পদক লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় খেলুৱৈ হিচাপে পৰিগণিত হয় ভাকৰ । ইয়াৰ পূৰ্বে ১৯০০ চনৰ অলিম্পিকত নৰ্মান প্ৰিচাৰ্ডে ভাৰতক প্ৰতিনিধিত্ব কৰি দুটা পদক লাভ কৰিছিল ৷ তেওঁ ২০০ মিটাৰ আৰু ২০০ মিটাৰ হাৰ্ডলছত ৰূপৰ পদক লাভ কৰিছিল । তদুপৰি ভাকৰে অলিম্পিকত একাধিক ব্যক্তিগত পদক লাভ কৰা অভিজাত খেলুৱৈৰ এটা গোটত যোগদান কৰে: পিভি সিন্ধু (ৰিঅ’ ২০১৬ত বেডমিণ্টন ৰূপ আৰু টকিঅ’ ২০২০ত ব্ৰঞ্জ) আৰু সুশীল কুমাৰ (২০০৮ চনৰ বেইজিং অলিম্পিকত মল্লযুঁজত ব্ৰঞ্জ আৰু ২০১২ চনৰ লণ্ডন অলিম্পিকত ৰূপ পদক) ।

লগতে পঢ়ক: হেট্ৰিক অৰ্জনত ব্যৰ্থ মনু ভাকৰ: মহিলাৰ ২৫ মিটাৰ পিষ্টল ইভেণ্টত চতুৰ্থ স্থান - Paris Olympics 2024

Last Updated : Aug 4, 2024, 10:53 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.