ETV Bharat / sports

অপ্ৰতিৰোধ্য ভাৰত: দক্ষিণ কোৰিয়াৰ বিৰুদ্ধে 3-1 গ’লত জয় - ASIAN HOCKEY CHAMPIONS TROPHY 2024

author img

By ETV Bharat Sports Team

Published : Sep 12, 2024, 4:30 PM IST

India vs South Korea Hockey: এছিয়ান হকী চেম্পিয়নছ ট্ৰফী 2024 ত অব্যাহত আছে ডিফেণ্ডিং চেম্পিয়ন ভাৰতৰ জয়ৰ ধাৰা ৷ প্ৰতিযোগিতাৰ চতুৰ্থখন খেলত প্ৰতিদ্বন্দ্বী দক্ষিণ কোৰিয়াক 3-1 গ’লত পৰাস্ত কৰে ভাৰতে ৷ ক্ৰমাগত চাৰিখনকৈ খেলত অংশগ্ৰহণ কৰি আটাইকেইখনতে জয় লাভ কৰিছে দলটোৱে ৷

ASIAN HOCKEY CHAMPIONS TROPHY 2024
এছিয়ান হকী চেম্পিয়নছ ট্ৰফী 2024 (AP Photo)

স্প’ৰ্টছ ডেস্ক, 12 ছেপ্টেম্বৰ: চীনত চলি থকা এছিয়ান হকী চেম্পিয়নছ ট্ৰফী 2024 প্ৰতিযোগিতাত সুন্দৰ প্ৰদৰ্শন অব্যাহত ৰাখিছে ভাৰতে ৷ এই প্ৰতিযোগিতাত জয়ৰ ধাৰা অব্যাহত ৰখা ভাৰতে ক্ৰমাগত চতুৰ্থখন খেলত অংশগ্ৰহণ কৰি দক্ষিণ কোৰিয়াৰ বিৰুদ্ধে জয় লাভ কৰে ৷ ভাৰতে প্ৰতিপক্ষক 3-1 গ’লত পৰাস্ত কৰে ৷

বুধবাৰে মালয়েছিয়াক 8-1 গ’লত পৰাস্ত কৰি ছেমি ফাইনেলৰ পথ প্ৰশস্ত কৰাৰ পিছত ভাৰতীয় দলটোৱে বৃহস্পতিবাৰে আন এখন মেচত দক্ষিণ কোৰিয়াৰ বিৰুদ্ধে 3-1 গ’লত জয় লাভ কৰে ৷

ভাৰতৰ বিৰুদ্ধে 3-1 গ'লত পৰাস্ত দক্ষিণ কোৰিয়া

এছিয়ান হকী চেম্পিয়নছ ট্ৰফী 2024 ত বৰ্তমানলৈকে অপ্ৰতিৰোধ্য হৈ আছে ডিফেণ্ডিং চেম্পিয়ন ভাৰত ৷ দলটোৱে বৰ্তমানলৈকে অংশগ্ৰহণ কৰা আটাইকেইখন খেলতে জয় লাভ কৰিছে ৷

বৃহস্পতিবাৰে দক্ষিণ কোৰিয়াৰ বিৰুদ্ধে অনুষ্ঠিত খেলখনত বিবেক সাগৰ প্ৰসাদে (8 মিনিট), হৰমনপ্ৰীত সিঙে (9.43 মিনিট) ত ভাৰতৰ হৈ গ’ল প্ৰদান কৰে । মেচখনত য়াং জিহুনে (29 মিনিট) দক্ষিণ কোৰিয়াৰ হৈ একমাত্ৰ গ’লটো কৰে ।

হাফ টাইমলৈ 2-1 ত ভাৰতৰ অগ্ৰগতি

পেৰিছ অলিম্পিক 2024 ৰ ব্ৰঞ্জৰ পদক বিজয়ী টীম ইণ্ডিয়াই সমগ্ৰ খেলখনত বিস্তাৰ কৰিছিল আধিপত্য । প্ৰতিপক্ষৰ বিৰুদ্ধে আক্ৰমণাত্মক ভংগীমাৰে খেলৰ 8 মিনিটত বিবেক সাগৰ প্ৰসাদে ভাৰতৰ হৈ প্ৰথমটো গ’ল প্ৰদান কৰে ৷

পৰৱৰ্তী সময়ত পেনাল্টি কৰ্ণাৰত অধিনায়ক হৰমনপ্ৰীত সিঙে বলটো গ’ল পোষ্টৰ দিশত মাৰি পঠিয়ায় ৷ হাফ টাইমৰ ঠিক আগতে য়াং জিহুনে দক্ষিণ কোৰিয়াক দিয়া পেনাল্টি কৰ্ণাৰত এটা সুন্দৰ গ’ল কৰে । হাফ টাইমলৈ খেলখনত ভাৰতে 2-1 ৰ অগ্ৰগতি লাভ কৰে ।

দ্বিতীয়াৰ্ধত ৰোমাঞ্চকৰ খেল

দ্বিতীয়াৰ্ধত ভাৰত-দক্ষিণ কোৰিয়াৰ মাজত অনুষ্ঠিত খেলখনত বহুকেইটা উত্তেজনাপূৰ্ণ মুহূৰ্ত আছিল ৷ খেলখনৰ 43 মিনিটত ভাৰতে পেনাল্টি কৰ্ণাৰ লাভ কৰে ৷ এই সময়তে ভাৰতৰ হৈ তৃতীয়টো গ’ল কৰে ।

এই গ’লটোৰ পিছত দক্ষিণ কোৰিয়াই ভাৰতক উভতি ধৰিবলৈ চেষ্টা চলাই ব্যৰ্থ হয় ৷ যাৰ বাবে এছিয়ান হকী চেম্পিয়নছ ট্ৰফী 2024 ত ক্ৰমাগত চতুৰ্থটো বিজয় সাব্যস্ত কৰে ভাৰতে ৷

অপৰাজিত ভাৰত

ভাৰতে প্ৰতিযোগিতাখনত আয়োজক দেশ চীনক 3-0 গ’লত পৰাস্ত কৰি আৰম্ভ কৰিছিল অভিযান । ইয়াৰ পিছত ক্ৰমে জাপান (5-1) আৰু মালয়েছিয়া (8-1) ত পৰাস্ত কৰাৰ পিছত চিৰ প্ৰতিদ্বন্দ্বী দক্ষিণ কোৰিয়াৰ বিৰুদ্ধেও 3-1 গ’লত জয় লাভ কৰে ৷ ডিফেণ্ডিং চেম্পিয়ন টীম ইণ্ডিয়াই পুনৰ খিতাপ দখলৰ লক্ষ্যৰে যে যুঁজত অৱতীৰ্ণ হৈছে, সেয়া প্ৰায় স্পষ্ট হৈ পৰিছে ৷

লগতে পঢ়ক: ভাৰতীয় হকী দলৰ দুৰ্বাৰ গতিৰ সন্মুখত 5-1 ত ধৰাশায়ী জাপান - ASIAN HOCKEY CHAMPIONS TROPHY 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.