ETV Bharat / sports

বেটিং ব্যৰ্থতা: প্ৰথম এদিনীয়াত সিংহল বাহিনীৰ বিৰুদ্ধে ড্ৰ’ খেলিলে ৰোহিত বাহিনীয়ে - India vs Sri Lanka

author img

By ETV Bharat Sports Team

Published : Aug 2, 2024, 6:38 PM IST

Updated : Aug 2, 2024, 10:54 PM IST

IND Vs SL 1st ODI : আৰ প্ৰেমদাচা ক্ৰিকেট ষ্টেডিয়ামত আজি অনুষ্ঠিত হোৱা প্ৰথমখন এদিনীয়া ড্ৰ’ ৰূপে সমাপ্ত হৈছে ৷ ৷ আজিৰ মেচখনত কলম্বোত ক’লা বেণ্ড পিন্ধি খেলপথাৰত নামিছিল টীম ইণ্ডিয়া ।

IND Vs SL 1st ODI
কলম্বোত ভাৰত-শ্ৰীলংকাৰ প্ৰথম এদিনীয়া (IANS PHOTOS)

স্পৰ্টছ ডেস্ক, 2 আগষ্ট : আজি কলম্বোৰ আৰ প্ৰেমদাচা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হোৱা তিনিখনীয়া মেচৰ শৃংখলাৰ প্ৰথমখন এদিনীয়াত ঘৰুৱা দল শ্ৰীলংকাৰ বিৰুদ্ধে ড্ৰ’ খেলে ভাৰতীয় দলে ৷ জয়ৰ নিচেই কাষ চাপিও টেইল এণ্ডাৰৰ বেটিং ব্যৰ্থতাৰ বাবে মেচখন ড্ৰ’ হয় ৷ শ্ৰীলংকাৰ বলাৰে নিয়ন্ত্ৰিত বলিঙেৰে 47.5 অভাৰতে 230 ৰাণত ভাৰতৰ আটাইকেইটা উইকেট দখল কৰি ইনিংছ সমাপ্ত কৰিবলৈ বাধ্য কৰায় ৷

231 ৰাণৰ বিজয় লক্ষ্য আগত লৈ ভাৰতীয় দলটোৱে এক সুস্থিৰ আৰম্ভণি কৰিছিল যদিও নিয়মীয়াকৈ উইকেটৰ পতন ঘটাত জয়ৰ কাষ চাপিও ড্ৰ’ খেলিবলৈ বাধ্য হয় ৷ 47.4 নম্বৰৰ অভাৰটোত, শিৱম ডুবেৰ উইকেটৰ পতন ঘটাত অন্তিমটো উইকেটৰ ৰূপত ক্ৰীজলৈ আহে অৰ্শদীপ সিং ৷ এই সময়ত ভাৰতক জয়ৰ বাবে প্ৰয়োজন হৈছিল মাত্ৰ 1 ৰাণৰ ৷ কিন্তু 47.5 নম্বৰ অভাৰত কোনো ৰাণ নকৰাকৈয়ে আউট হয় অৰ্শদীপ ৷ ফলত খেলখন ড্ৰ’ হয় ৷

নিজৰ ইনিংছ আৰম্ভ কৰি ভাৰতে অধিনায়ক ৰোহিত শৰ্মাৰ 58 ৰাণৰ সহায়ত এক সুন্দৰ আৰম্ভণি কৰিছিল ৷ অধিনায়কগৰাকীয়ে 47 টা বলত 58 ৰাণৰ এক ইনিংছ খেলে ৷ বিৰাট কোহলীয়ে 24 ৰাণত পেভিলিয়নমুখী হয় ৷ আনহাতে দললৈ প্ৰত্যাৱৰ্তন ঘটা শ্ৰেয়াছ আয়াৰ (23), কে এল ৰাহুল (31), অক্ষৰ পেটেল (33) আৰু শিৱম ডুবেই (25) ৰাণত পেভিলিয়নৰ বাট বুলে ৷ শ্ৰীলংকাৰ হৈ ৱানিন্দু হাচাৰাংগা আৰু চাৰিথ আসালংকাই তিনিটাকৈ উইকেট দখল কৰে ৷ দুনীথ ৱেলালাগেই দুটা উইকেট, আকিলা ধনঞ্জয়া আৰু অচিথা ফাৰ্নাণ্ডোৱে এটাকৈ উইকেট দখল কৰে ৷ দুনীথ ৱেলালাগে প্লেয়াৰ অব দ্য মেচ বিবেচিত হয় ৷

টছত জিকি প্ৰথমে বেটিঙৰ সিদ্ধান্ত লয় শ্ৰীলংকাই ৷ প্ৰথমে বেটিঙৰ সিদ্ধান্ত লৈ সিংহল বাহিনীয়ে ভাৰতক জয়ৰ বাবে বান্ধি দিয়ে 231 ৰাণৰ লক্ষ্য ৷ দলটোৱে নিজৰ ইনিংছ আৰম্ভ কৰি নিৰ্ধাৰিত 50 অভাৰত 8 টা উইকেট হেৰুৱাই 230 ৰাণ সংগ্ৰহ কৰে ৷ নিজৰ ইনিংছ আৰম্ভ কৰি শ্ৰীলংকাই ভাৰতৰ বলিং আক্ৰমণৰ সন্মুখত তিষ্ঠিব নোৱাৰি 178 ৰাণতে 7 টা উইকেট হেৰুৱাই ৷ আৰম্ভণিতে অ’পেনাৰ পাথুম নিশাংকই (56) কিছু শক্তিশালী আৰম্ভণি কৰিছিল যদিও এই উইকেট পতনৰ পিচত দলটোৰ পাঁচজনকৈ বেটছমেন অধিক সময় ক্ৰীজত তিষ্ঠিব নোৱাৰি পেভিলিয়নমুখী হয় ৷ মিডল অৰ্ডাৰৰ শেষৰ ফালে দুনীথ ৱেলালাগেই (67) কিছু সকাহ দি দলীয় স্ক’ৰ 230 লৈ যোৱাত সহায় কৰে ৷ ৱানিন্দু হাচাৰাংগাই 24 ৰাণৰ বৰঙণি আগবঢ়াই ৷ ভাৰতৰ হৈ অৰ্শদীপ সিং আৰু অক্ষৰ পেটেলে 2 টাকৈ উইকেট দখল কৰে ৷ ইফালে শিৱম ডুবে, ৱাশ্বিংটন সুন্দৰ, লদীপ যাদৱ আৰু মহম্মদ চিৰাজে 1 টাকৈ উইকেট দখল কৰে ৷

ইণ্ডিয়া প্লেয়িং ইলেভেন :

ৰোহিত শৰ্মা (চঅধিনায়ক), শুভমন গীল, বিৰাট কোহলী, শ্ৰেয়াছ আয়াৰ, কে এল ৰাহুল (উইকেট কীপাৰ), শিৱম ডুবে, ৱাশ্বিংটন সুন্দৰ, অক্ষৰ পেটেল, কুলদীপ যাদৱ, অৰ্শদীপ সিং, মহম্মদ চিৰাজ ৷

শ্ৰীলংকা প্লেয়িং ইলেভেন :

পাথুম নিশাংক, আভিষ্কা ফাৰ্নাণ্ডো, কুশল মেণ্ডিছ (উইকেট কীপাৰ), চাদিৰা সামাৰাৱিক্ৰমা, চাৰিথ আসালংকা (অধিনায়ক), জানিথ লিয়ানাগে, ৱানিন্দু হাচাৰাংগা, দুনীথ ৱেলালাগে, আকিলা ধনঞ্জয়া, অচিথা ফাৰ্নাণ্ডো, মহম্মদ চিহৰাজ ৷

লগতে পঢ়ক : প্ৰথম এদিনীয়াত ক'লা আৰ্মবেণ্ডৰ সৈতে খেলপথাৰত নামিছে টীম ইণ্ডিয়া : আঁৰৰ কাৰণ কি ? - INDIA VS SRI LANKA

Last Updated : Aug 2, 2024, 10:54 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.