ETV Bharat / sports

দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে প্ৰথমখন টি-২০ৰ বাবে সাজু ভাৰতীয় মহিলা দল - INDW vs SAW Match Preview

author img

By ETV Bharat Assamese Team

Published : Jul 5, 2024, 3:27 PM IST

INDW vs SAW Match Preview: হৰমনপ্ৰীত কৌৰৰ নেতৃত্বত ভাৰতীয় মহিলা দলে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে শুকুৰবাৰে টি-২০ শৃংখলাৰ প্ৰথমখন মেচ খেলিব । এদিনীয়া শৃংখলা আৰু টেষ্ট মেচত জয়ৰ পিচতে আত্মবিশ্বাসী ভাৰতীয় দলৰ এইবাৰ লক্ষ্য টি-২০ শৃংখলা ।

INDW vs SAW Match Preview
দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে প্ৰথমখন টি-২০ৰ বাবে সাজু ভাৰতীয় মহিলা দল (IANS PHOTO)

স্পৰ্টছ ডেস্ক,৫ জুলাই : এদিনীয়া শৃংখলা আৰু টেষ্টত বৃহৎ জয়ৰ পিচত ভাৰতীয় মহিলা দলে দক্ষিণ আফ্ৰিকা মহিলা দলৰ বিৰুদ্ধে প্ৰথমখন টি-২০ মেচ খেলিব । ৩ খনীয়া টি-২০ শৃংখলাটোৰ শুকুৰবাৰে চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত প্ৰথমখন মেচ অনুষ্ঠিত হ'ব । এই খেলখনত ভাৰতক নেতৃত্ব দিব হৰমনপ্ৰীত কৌৰে আনহাতে লৌৰা ৱ'লভাৰ্ডটে দক্ষিণ আফ্ৰিকাৰ দলক নেতৃত্ব দিব ।

ইতিমধ্যে ভাৰতীয় দলে এদিনীয়া শৃংখলাত ৩-০ৰে ক্লিন ছুইপ কৰিছে । লগতে একমাত্ৰ টেষ্টতো দক্ষিণ আফ্ৰিকা ১০ উইকেটত পৰাস্ত হৈছে । এতিয়া ভাৰতীয় দলটোৰ লক্ষ্য হৈছে টি-২০ শৃংখলাটোও দখল কৰা । স্পৰ্টছ-১৮ত খেলখনৰ পোনপটীয়াকৈ সম্প্ৰচাৰ হ'ব আৰু জিঅ' চিনেমাত লাইভ ষ্ট্ৰীমিং কৰা হ'ব ।

ভাৰত আৰু দক্ষিণ আফ্ৰিকা মহিলা ক্ৰিকেট দলৰ মাজত এতিয়ালৈকে মুঠ ১৬ খন আন্তঃৰাষ্ট্ৰীয় টি-২০ খেল অনুষ্ঠিত হৈছে । তাৰ ভিতৰত ভাৰতীয় দলে ৯ খন মেচত জয়ী হৈছে, আনহাতে দক্ষিণ আফ্ৰিকাই ৫ খন মেচত জয়ী হৈছে । এই দুয়োটা দলৰ মাজত দুখন খেল অমীমাংসিত হৈ আছিল । ভাৰতৰ ভূমিত এই দুয়োটা দলৰ মাজত মুঠ ৮ খন টি-২০ আন্তঃৰাষ্ট্ৰীয় খেল অনুষ্ঠিত হৈছে । তাৰ ভিতৰত, ভাৰতে ৫ খনত আৰু দক্ষিণ আফ্ৰিকাই ৩ খনত জয়লাভ কৰিছে ।

T20I Mode 🔛

All set for the @IDFCFIRSTBank #INDvSA T20I series opener ⏳#TeamIndia pic.twitter.com/QWHwAZEeEp

— BCCI Women (@BCCIWomen) July 5, 2024

চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামৰ পিটছখন স্পিন বলাৰসকলৰ বাবে যথেষ্ট সহায়ক । এই পিটছত স্পিন বলাৰসকল পুৰণি বলৰ সৈতে যথেষ্ট কাৰ্যকৰী বুলি প্ৰমাণিত হৈ আহিছে । বেটছমেনৰ বাবে ইয়াত ৰাণ সংগ্ৰহ কৰাটো সহজ নহয় । নতুন বলৰ সৈতে ফাষ্ট বলাৰসকলেও ইয়াত অলপ সহায় পাব । এই খেলপথাৰত প্ৰথম ইনিংছৰ গড় স্ক'ৰ হৈছে ১৬৪ আৰু দ্বিতীয় ইনিংছৰ গড় স্ক'ৰ হৈছে ১৫০ । সেয়েহে ইয়াত প্ৰথমে বেটিং কৰি বিপক্ষক টাৰ্গেট দিয়াটো সঠিক সিদ্ধান্ত হ'ব ।

বাওঁহাতৰ বেটছমেন স্মৃতি মন্ধানাই ভাৰতৰ হৈ দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টি-২০ মেচত সৰ্বাধিক ৰাণ সংগ্ৰহ কৰিছে । তেওঁ ২ টা অৰ্ধ-শতকৰ সৈতে ১৬ খন মেচৰ ১৫ টা ইনিংছত ৩০৬ ৰাণ সংগ্ৰহ কৰিছে । দীপ্তি শৰ্মাই ভাৰতৰ হৈ দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টি-২০ত সৰ্বাধিক উইকেট দখল কৰিছে । তেওঁৰ নামত ১০ খন খেলত ১৩ টা উইকেট আছে । ইয়াৰ উপৰিও হৰমনপ্ৰীত কৌৰ, ৰিচা ঘোষ, পূজা বস্ত্ৰকাৰ আৰু ৰেণুকা ঠাকুৰে শক্তিশালী প্ৰদৰ্শন কৰিব বুলি আশা কৰা হৈছে ।

সম্ভাব্য ভাৰতীয় দল : হৰমনপ্ৰীত কৌৰ (অধিনায়ক), স্মৃতি মন্ধানা (উপ-অধিনায়ক), শ্বাফালী বাৰ্মা, দয়ালান হেমলতা, ৰিচা ঘোষ (উইকেটকীপাৰ), জেমিমা ৰড্ৰিগছ, দীপ্তি শৰ্মা, ৰাধা যাদৱ, আশা শোভনা, পূজা বস্ত্ৰকাৰ, ৰেণুকা সিং ঠাকুৰ ।

সম্ভাব্য দক্ষিণ আফ্ৰিকা দল : লৌৰা ৱ'লভাৰ্ডট (অধিনায়ক), এনেকে বছ, তাঞ্জমিন ব্ৰিটছ, নাডিন ডি ক্লাৰ্ক, এনেৰী ডৰ্কছন, মাইক ডি ৰিডাৰ, চিনালো জাফতা, মাৰিজানে কাপ্প, আয়াবঙা খাকা, মাচাবাটা ক্লাছ, চুনি লুউছ ।

লগতে পঢ়ক :স্নেহ ৰাণাই ৰচিলে ইতিহাস : ভাৰতৰ হাতত ১০ উইকেটত পৰাভূত দক্ষিণ আফ্ৰিকা - INDW vs SAW

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.