ETV Bharat / sports

বৰষুণ কমিলে 15 মিনিটৰ পিছত অনুষ্ঠিত হ’ব খেল; এয়া কেনেদৰে সম্ভৱ ?

Chinnaswamy Stadium Drainage System: বেংগালুৰুৰ এম চিন্নাস্বামী ষ্টেডিয়ামত ভাৰত-নিউজিলেণ্ডৰ মেচত বৰষুণ ৷ কেনেদৰে সম্ভৱ হ’ব খেল ?

author img

By ETV Bharat Sports Team

Published : 4 hours ago

INDIA VS NEW ZEALAND 1ST TEST
বেংগালুৰুৰ এম চিন্নাস্বামী ষ্টেডিয়াম (AP Photo)

স্প’ৰ্টছ ডেস্ক, 16 অক্টোবৰ: ভাৰত-নিউজিলেণ্ডৰ মাজৰ তিনিখন মেচৰ টেষ্ট শৃংখলাৰ প্ৰথমখন মেচত বৰষুণ ৷ বুধবাৰৰ পৰা বেংগালুৰুৰ এম চিন্নাস্বামী ষ্টেডিয়ামত শৃংখলাৰ প্ৰথমখন মেচ অনুষ্ঠিত হোৱাৰ কথা আছিল ৷ পিছে ধাৰাবাহিকভাৱে অহা বৰষুণৰ ফলত প্ৰথম দিনটোৰ খেল বৰ্তমানলৈকে অনুষ্ঠিত কৰিব পৰা হোৱা নাই ৷

অৱশ্যে অনুৰাগীসকলৰ বাবে ভাল খবৰ এয়ে যে, এম চিন্নাস্বামী ষ্টেডিয়ামৰ পানী নিষ্কাশন প্ৰণালী আন ষ্টেডিয়ামসমূহৰ তুলনাত যথেষ্ট উন্নত ৷ ইয়াত ব্যৱহাৰ কৰা হৈছে অত্যাধুনিক প্ৰযুক্তি ৷ যাৰ ফলত বৰষুণ বন্ধ হোৱাৰ 15 মিনিটৰ পিছতেই খেলৰ বাবে উপযুক্ত হৈ উঠে এইখন ষ্টেডিয়াম ৷

এম চিন্নাস্বামী ষ্টেডিয়ামৰ বৈশিষ্ট্যসমূহ এনেধৰণৰ-

  • 2017 চনত চিন্নাস্বামী ষ্টেডিয়ামৰ ওপৰভাগত ভেকুৱামচালিত পানী নিষ্কাশন পদ্ধতি প্ৰৱৰ্তন কৰা হৈছিল ।
  • ই প্ৰতি মিনিটত 10,000 লিটাৰ পানী মাটিৰ পৰা আহৰণ কৰিব পাৰে ।
  • বৰষুণ বন্ধ হোৱাৰ মাত্ৰ 15 মিনিটৰ পিছত চাব-এয়াৰ প্ৰণালীয়ে খেলপথাৰখন খেলৰ উপযোগী কৰি তুলিব পাৰে ৷
  • প্ৰণালীটো প্ৰায় 4.25 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছিল ৷ ইয়াত প্ৰায় 4.5 কিল’মিটাৰ দীঘল পাইপ ব্যৱহাৰ কৰা হৈছে ।

আই পি এল 2024 ৰ সময়ত হৈছিল ভিডিঅ' ভাইৰেল

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল) 2024 ৰ সময়ত এম চিন্নাস্বামী ষ্টেডিয়ামৰ এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছিল সামাজিক মাধ্যমত । এই ভিডিঅ’টোত গ্ৰাউণ্ড ষ্টাফসকলে পানীৰ পাইপৰে মাটিত পানী দি আছিল আৰু ষ্টেডিয়ামত থকা অতিৰিক্ত বায়ু নিষ্কাশন প্ৰণালীয়ে কেইছেকেণ্ডৰ ভিতৰতে ইয়াক শোষণ কৰি পানী শুকুৱাই দিছিল ।

প্ৰথম টেষ্টত 4 দিনৰ বাবে বৰষুণৰ সম্ভাৱনা

বতৰৰ পূৰ্বানুমান অনুসৰি, বুধবাৰৰ পৰা পৰৱৰ্তী 5 দিনৰ বাবে বেংগালুৰুত বৰষুণ হোৱাৰ সম্ভাৱনা আছে । প্ৰায় চাৰিদিনেই বৰষুণৰ সম্ভাৱনা 40% বা ততোধিক । প্ৰথম আৰু দ্বিতীয় দিনটোত ক্ৰমে 41 শতাংশ আৰু 40 শতাংশ, তৃতীয় দিনা সৰ্বাধিক 67 শতাংশ বৰষুণ হোৱাৰ সম্ভাৱনা আছে । একে সময়তে বেংগালুৰু টেষ্টৰ চতুৰ্থ দিনা 25 শতাংশ আৰু পঞ্চম দিনা 40 শতাংশ বৰষুণ হোৱাৰো সম্ভাৱনা আছে ।

লগতে পঢ়ক: প্ৰথম দিনৰ খেলত ব্যাঘাত; বৰষুণৰ বাবে পলমকৈ টছ ভাৰত-নিউজিলেণ্ডৰ টেষ্টৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.