ETV Bharat / sports

বেংগালুৰু টেষ্টৰ পৰা বাহিৰ ঋষভ পন্ত ! - IND VS NZ 1ST TEST

Ind vs nz: বেংগালুৰু টেষ্টৰ তৃতীয় দিনটোত খেলৰ পৰা আঁতৰত আছে টীম ইণ্ডিয়াৰ এগৰাকী গুৰুত্বপূৰ্ণ সদস্য ৷

IND VS NZ 1ST TEST
ঋষভ পন্তৰ আঘাত (IANS Photo)
author img

By ETV Bharat Sports Team

Published : Oct 18, 2024, 1:07 PM IST

স্প’ৰ্টছ ডেস্ক, 18 অক্টোবৰ: বেংগালুৰুত চলি আছে ভাৰত-নিউজিলেণ্ডৰ মাজৰ প্ৰথমখন টেষ্ট ৷ শৃংখলাটোৰ প্ৰথমখন মেচৰ শুকুৰবাৰে তৃতীয়টো দিন ৷ ইতিমধ্যে প্ৰথম ইনিংছত ভাৰতে 46 ৰাণতে আটাইকেইটা উইকেট হেৰুৱাই পৰিছে সংকটত ৷

নিউজিলেণ্ডে প্ৰথম ইনিংছত ইতিমধ্য়ে উপনীত হৈছে শক্তিশালী স্থিতিত ৷ আলহী দলটোৱে তৃতীয় দিনত আহাৰ বিৰতিৰ সময়লৈকে প্ৰায় 299 ৰাণৰ অগ্ৰগতি লাভ কৰিছে ৷ তেনে সময়তে ভাৰতৰ সন্মুখত দেখা দিছে আন এক প্ৰত্যাহ্বানে ৷ দলটোৰ অন্যতম গুৰুত্বপূৰ্ণ সদস্য ঋষভ পন্তে আঁঠুৰ আঘাতৰ সমস্যাৰ বাবে শুকুৰবাৰৰ খেলৰ পৰা আঁতৰি থাকিবলগীয়া হৈছে ৷

পন্তৰ আঘাত সন্দৰ্ভত বি চি চি আইৰ ঘোষণা

আঁঠুৰ আঘাতৰ সমস্য়াৰ বাবে শুকুৰবাৰে খেলপথাৰৰ পৰা বাহিৰত আছে ঋষভ পন্ত ৷ পন্তৰ আঘাত সন্দৰ্ভত বি চি চি আইয়ে দিছে বৃহৎ আপডেট ৷ বি চি চি আইয়ে সদৰী কৰা অনুসৰি, তৃতীয় দিনৰ খেলত উইকেটকীপিঙৰ ভূমিকাত দেখিবলৈ পোৱা নাযাব ঋষভ পন্তক ৷ তাৰ সলনি পন্তৰ স্থানত দেখিবলৈ পোৱা যাব ধ্ৰুৱ জুৰেলক ৷ ইতিমধ্যে টীম ইণ্ডিয়াৰ চিকিৎসকৰ দলে পন্তৰ আঘাত সন্দৰ্ভত পৰিস্থিতি পৰ্যবেক্ষণ কৰি আছে ৷

পন্তৰ আঘাতৰ আশংকা নকৰিব: ৰোহিত

ইয়াৰ পূৰ্বে প্ৰথম দিনাৰ খেলৰ পিছত বক্তব্য ৰাখি ভাৰতীয় অধিনায়ক ৰোহিত শৰ্মাই কৈছিল যে, "আমি পন্তৰ ফিটনেছৰ সৈতে কোনো বুজাবুজি কৰিব নিবিচাৰো ৷ দুৰ্ভাগ্যবশতঃ বলটো উফৰি আহি প্ৰত্যক্ষভাৱে আঁঠুত আঘাত কৰিছিল খেলুৱৈগৰাকীৰ ৷ যিখন ভৰিত পূৰ্বে কৰা হৈছিল অস্ত্ৰোপচাৰ ৷ সম্প্ৰতি আঘাতপ্ৰাপ্ত স্থান কিছু পৰিমাণে ফুলি আছে" ।

কেনেদৰে আঘাতপ্ৰাপ্ত হৈছিল পন্ত ?

নিউজিলেণ্ডৰ ইনিংছৰ 37 তম অভাৰত আঘাতৰ সন্মুখীন হৈছিল ঋষভ পন্ত । তেওঁ ৰবীন্দ্ৰ জাদেজাৰ বলটো আয়ত্ব কৰি ডেভন কনৱেক আউট কৰাৰ বাবে ষ্টাম্পিং কৰিবলৈ লওঁতেই বলটোৱে ওলোটাকৈ আহি পন্তৰ সোঁ-আঁঠুত আঘাত কৰে ৷ 2022 চনৰ ডিচেম্বৰত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাৰ পিছত ক্ৰিকেটাৰগৰাকীৰ উক্ত ভৰিখনতে সম্পন্ন হৈছিল অস্ত্ৰোপচাৰ ৷

লগতে পঢ়ক: ঘৰৰ মাটিতে তৃতীয় নিম্ন স্ক’ৰ সংগ্ৰহ; সংকটত ভাৰত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.