ETV Bharat / sports

দ্বিতীয় টেষ্টৰ পূৰ্বে ভাৰতীয় দলত মোক্ষম আঘাত; আঘাতৰ বাবে দলত নাথাকিব পাৰে জাদেজা

author img

By ETV Bharat Assamese Team

Published : Jan 29, 2024, 12:41 PM IST

Ravindra Jadeja Injured : ইংলেণ্ডৰ বিৰুদ্ধে প্ৰথম টেষ্টত পৰাজয়ৰ পিছত ভাৰতৰ বাবে আন এক বেয়া খবৰ । আঘাতৰ বাবে ২ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'বলগীয়া দ্বিতীয় টেষ্টৰ পৰা দলটোৰ তাৰকা অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজা বাহিৰ হ'ব পাৰে ।

আঘাতৰ বাবে দলত নাথাকিব পাৰে জাদেজা
আঘাতৰ বাবে দলত নাথাকিব পাৰে জাদেজা

স্পৰ্টছ ডেস্ক, ২৯ জানুৱাৰী : ভাৰত আৰু ইংলেণ্ডৰ মাজত চলিত টেষ্ট শৃংখলাৰ হায়দৰাবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত প্ৰথমখন টেষ্টত দেওবাৰে ইংলেণ্ডে ভাৰতক ২৮ ৰাণত পৰাস্ত কৰে । ভাৰতে জয়ৰ দুৱাৰদলিত থকা মেচ খন অন্তিম ডেৰ দিনত তেওঁলোকৰ হাতৰ পৰা ওলাই যায় আৰু মেচখনত অপ্ৰত্যাশিতভাৱে টীম ইণ্ডিয়া পৰাস্ত হয় । এই শোচনীয় পৰাজয়ৰ পিছত দ্বিতীয় টেষ্টৰ পূৰ্বে ভাৰতীয় অনুৰাগীসকলৰ বাবে আন এক বেয়া খবৰ আহিছে । ২ ফেব্ৰুৱাৰীৰ পৰা বিশাখাপট্টনমত আৰম্ভ হ'বলগা দ্বিতীয় টেষ্টৰ পৰা তাৰকা অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজা বাহিৰ হ'ব পাৰে ।

  • Ravindra Jadeja pulled his hamstring in the first Test & awaiting scans to confirm his availability for the second Test.

    📸: Jio Cinema pic.twitter.com/wCyOFcbrCK

    — CricTracker (@Cricketracker) January 29, 2024 " class="align-text-top noRightClick twitterSection" data=" ">

ক্ৰিকবাজৰ এক প্ৰতিবেদন অনুসৰি, হায়দৰাবাদ টেষ্টৰ চতুৰ্থদিনা ৰবীন্দ্ৰ জাদেজাই হেমষ্ট্ৰিঙৰ আঘাতত ভোগে । যাৰ বাবে তেওঁৰ দ্বিতীয় টেষ্ট অনিশ্চিত হৈ পৰিছে । উল্লেখ্য যে দেওবাৰে বেন ষ্টোকছৰ দ্বাৰা ৰাণ আউট হোৱাৰ সময়ত জাদেজাক অস্বস্তিকৰ অৱস্থাত আৰু বিষ অনুভৱ কৰা যেন দেখা গৈছিল । ইতিমধ্যে তেওঁৰ স্কেনৰ প্ৰতিবেদন মুম্বাইলৈ প্ৰেৰণ কৰা হৈছে । হেমষ্ট্ৰিঙৰ আঘাতৰ তীব্ৰতা সোমবাৰে মূল্যাঙ্কন কৰা হ'ব বুলি আশা কৰা হৈছে । এই ক্ষেত্ৰত সংশ্লিষ্ট সূত্ৰই তেওঁ 2 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'বলগীয়া দ্বিতীয় টেষ্টত দলৰ পৰা বাদ পৰিব পাৰে বুলি সম্ভাৱনা ব্যক্ত কৰিছে ।

  • Ravindra Jadeja may miss the second Test match against England at Vizag. (Cricbuzz)

    - Jadeja awaits scan reports on his hamstring injury. pic.twitter.com/WnYYlB3hlA

    — CricketMAN2 (@ImTanujSingh) January 29, 2024 " class="align-text-top noRightClick twitterSection" data=" ">

Ravindra Jadeja may miss the second Test match against England at Vizag. (Cricbuzz)

- Jadeja awaits scan reports on his hamstring injury. pic.twitter.com/WnYYlB3hlA

— CricketMAN2 (@ImTanujSingh) January 29, 2024

অৱশ্যে এক জ্ঞাত সূত্ৰই এইটোও কৈছে যে এইটো হেমষ্ট্ৰিঙৰ আঘাত নহয়, এক টানহে অনুভৱ কৰিছে । সেয়েহে যদি তেওঁ বিশাখাপট্টনমত খেলিবলগীয়া দ্বিতীয় টেষ্টত খেলিব নোৱাৰে, তেন্তে তেওঁ নিশ্চিতভাৱে তৃতীয় টেষ্টৰ বাবে ফিট হ'ব । এনে পৰিস্থিতিত এতিয়া জাদেজাৰ স্কেন প্ৰতিবেদনৰ ওপৰত সকলোৰে দৃষ্টি নিবদ্ধ হৈ আছে । কিন্তু যদি জাদেজা দ্বিতীয় টেষ্টৰ পৰা বাহিৰ হ'বলগা হয়, তেন্তে এইটো টীম ইণ্ডিয়াৰ বাবে এক মোক্ষম আঘাত হ'ব । কিয়নো ঘৰুৱা মেচত তেওঁৰ অভিলেখ অতি চমৎকাৰ ।

উল্লেখ্য যে অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজাৰ ঘৰুৱা টেষ্ট মেচত পৰিসংখ্যা অতি ভাল । ভাৰতত জাদেজাৰ বেটিং গড় 40.02 আৰু বলিং গড় 21.04 । জাদেজাই 2 টা শতক আৰু 12 টা অৰ্ধশতকেৰে 41 খন টেষ্ট মেচৰ 56 টা ইনিংছত মুঠ 1681 ৰাণ সংগ্ৰহ কৰিছে । তেওঁৰ সৰ্বোচ্চ স্ক'ৰ হৈছে অপৰাজিত ১৭৫ । আহাতে, জাদেজাই 2.33 ইকনমী হাৰত মুঠ 199 টা উইকেট দখল কৰিছে ।

ইফালে ইংলেণ্ডৰ বিৰুদ্ধে হায়দৰাবাদ টেষ্টত ৰবীন্দ্ৰ জাদেজাই প্ৰথম ইনিংছত ৮৭ ৰাণ সংগ্ৰহ কৰি ভাৰতৰ হৈ সৰ্বাধিক ৰাণ সংগ্ৰহকাৰী হিচাপে পৰিগণিত হয় । জাদেজাই প্ৰথম ইনিংছত ৩ টা আৰু দ্বিতীয় ইনিংছত ২ টা উইকেট দখল কৰে । অৱশ্যে দ্বিতীয় ইনিংছত বেটিং কৰি জাদেজা দুৰ্ভাগ্যবশতঃ 2 ৰাণৰ ব্যক্তিগত স্ক'ৰত ৰাণ আউট হয় । ফলস্বৰূপে ভাৰতে প্ৰথম টেষ্টখন 28 ৰাণত হেৰুৱাবলগা হয় ।

লগতে পঢ়ক :জাদেজাৰ আঘাতক লৈ চিন্তিত ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষক দ্ৰাবিড়ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.