ETV Bharat / sports

পৰীক্ষাত নহ’লেও ক্ৰিকেটৰ পথাৰত শূন্যৰে লজ্জাজনক অভিলেখ শুভমন গিলৰ - SHUBMAN GILL RECORD

author img

By ETV Bharat Sports Team

Published : 8 hours ago

Shubman Gill: চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত ভাৰত-বাংলাদেশৰ মাজত অনুষ্ঠিত প্ৰথমখন টেষ্টৰ প্ৰথম ইনিংছত শুভমন গিলে আঠটা বলৰ মুখামুখি হৈ শূন্য ৰাণত পেভিলিয়নলৈ ওভতে ।

SHUBMAN GILL RECORD
শুভমন গিল (IANS PHOTO)

স্প’ৰ্টছ ডেস্ক, 19 ছেপ্টেম্বৰ: ভাৰত বনাম বাংলাদেশৰ মাজত আৰম্ভ হৈছে দুখন মেচৰ টেষ্ট শৃংখলা । ভাৰতীয় তাৰকা বেটছমেনসকলে এই শৃংখলাৰ প্ৰথমখন মেচত বিশেষ প্ৰভাৱ বিস্তাৰ কৰিব নোৱাৰিলে ।

আনহাতে, একেখন মেচতে ভাৰতীয় বেটছমেন শুভমন গিলৰ নামত সংযোজিত হৈছে এক অবাঞ্চিত অভিলেখ । এম এ চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত প্ৰথমখন টেষ্ট মেচৰ প্রথম ইনিংছত 8 টা বলত শূন্যৰাণতে আউট হোৱাৰ পাছত প্রাক্তন অধিনায়ক বিৰাট কোহলীৰ সৈতে অবাঞ্চিত এক অভিলেখৰ সমতা স্থাপন কৰে গিলে ৷

এই বছৰ ঘৰুৱা খেলপথাৰত গিলৰ এইটোৱেই আছিল তৃতীয়টো শূন্য আৰু ইয়াৰ লগে লগে তেওঁ কোহলীৰ তালিকাত যোগদান কৰে । কেলেণ্ডাৰ বৰ্ষ অনুসৰি গিল বছৰত 3 বা তাতকৈ অধিকবাৰৰ বাবে শূন্যত আউট হোৱা ষষ্ঠগৰাকী ভাৰতীয় বেটছমেন ৷

ইয়াৰ পূৰ্বে 1983 চনত মহিন্দৰ অমৰনাথে 5 বাৰকৈ শূন্যত আউট হৈ এই তালিকাৰ শীৰ্ষস্থানত উপনীত হয় ৷ অমৰনাথৰ পিছতে আছে মনছুৰ আলী খান পাটাউদী (1969), দিলীপ ভেংছৰকাৰ (1979), বিনোদ কাম্বলী (1994) আৰু বিৰাট কোহলি (2021) ।

চলিত বৰ্ষৰ আৰম্ভণিতে ইংলেণ্ডৰ বিৰুদ্ধে মেচ বিজয়ী ইনিংছ খেলি ভাৰতীয় দলত নিজৰ স্থান অক্ষুণ্ণ ৰখা গিলে বৃহস্পতিবাৰে বাংলাদেশৰ বিৰুদ্ধে বিশেষ প্ৰভাৱ বিস্তাৰ কৰিব নোৱাৰিলে ৷ ক্ৰিকেটাৰগৰাকীয়ে লেগ চাইডত উইকেটকীপাৰ লিটন দাসৰ হাতত কেচ সহজ তুলি দি ক্ৰিজৰ পৰা বিদায় লয় ৷ ভাৰতীয় অধিনায়ক ৰোহিত শৰ্মা, বিৰাট কোহলী আৰু গিলৰ দৰে তিনিটা গুৰুত্বপূৰ্ণ উইকেট দখল কৰি প্ৰথম ছেচনত আলহী দলৰ নায়ক হিচাপে আত্মপ্ৰকাশ কৰে সোঁহতীয়া দ্ৰুত বলাৰ হাছান মাহমুদে ।

আনহাতে, সোঁহতীয়া বেটছমেন গিলে এইবাৰ ঘৰৰ মাটিত ইংলেণ্ডৰ বিৰুদ্ধে খেলা শৃংখলাতো দুবাৰকৈ শূন্যত পেভিলিয়নমুখী হয় ৷ ইয়াৰে প্ৰথমটো ঘটনা ঘটে হায়দৰাবাদ টেষ্টৰ দ্বিতীয় ইনিংছত আৰু দ্বিতীয়টো ৰাজকোট টেষ্টৰ প্ৰথম ইনিংছত ।

ঘৰুৱা ক্ষেত্ৰত এটা কেলেণ্ডাৰ বৰ্ষত 3 বা তাতকৈ অধিক টেষ্টত শূন্যত আউট হোৱা শীৰ্ষ 6 গৰাকী ভাৰতীয় বেটছমেন হৈছে ক্ৰমে-

  1. মহিন্দৰ অমৰনাথ (1983)
  2. মনছুৰ আলী খান পাটাউদী (1969)
  3. দিলীপ ভেংছৰকাৰ (1979)
  4. বিনোদ কাম্বলী (1994)
  5. বিৰাট কোহলী (2021)
  6. শুভমন গিল (2024)

লগতে পঢ়ক: চেন্নাই টেষ্টৰ প্ৰথম দিনটোত সংকটমোচকৰ ৰূপত অশ্বিন-জাদেজা, ব্যৰ্থ ৰোহিত-কোহলীকে ধৰি শীৰ্ষ বেটছমেন - INDIA VS BANGLADESH 1ST TEST

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.