ETV Bharat / sports

ঐতিহাসিক এমচিজিত আন এক অভিলেখ ৰচিলে বুমৰাহে - BORDER GAVASKAR TROPHY 2024

মাত্ৰ ৪৪ খন মেচতে ২০০ টা টেষ্ট উইকেট সংগ্ৰহ বুমৰাহৰ । ৰবিচন্দ্ৰন অশ্বিনে ৩৭ খন মেচতে এই সফলতা লাভ কৰিছিল ।

Jasprit Bumrah
ঐতিহাসিক এমচিজিত আন এক অভিলেখ ৰচিলে বুমৰাহে (AP Photo)
author img

By ETV Bharat Assamese Team

Published : Dec 29, 2024, 12:20 PM IST

মেলবৰ্ণ(অষ্ট্ৰেলিয়া): মেলবৰ্ণ ক্ৰিকেট গ্ৰাউণ্ডত পুনৰ এবাৰ উজলিল ভাৰতৰ তাৰকা ফাষ্ট বলাৰ যশপ্ৰীত বুমৰাহ । ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত চলি থকা বক্সিং ডে টেষ্ট মেচত প্ৰভাৱশালী বলিঙৰ জৰিয়তে ইতিহাস ৰচনা কৰিলে বুমৰাহে । মেচখনত শ্ৰেষ্ঠ স্পেলৰ জৰিয়তে তেওঁ নিজৰ নামত ৩ টাকৈ বৃহৎ ৰেকৰ্ড কৰিলে ।

যশপ্ৰীত বুমৰাহে ৰচিলে ইতিহাস

যশপ্ৰীত বুমৰাহ বলিঙৰ ক্ষেত্ৰত আটাইতকৈ কম সময়ৰ ভিতৰত ২০০ টেষ্ট উইকেট লোৱা ভাৰতীয় বলাৰ হৈ পৰিছে । মাত্ৰ ৮৪৮৪ টা বলতে সোঁহাতৰ বলাৰজনে ২০০ টেষ্ট উইকেট সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে । ইয়াৰ লগে লগে তেওঁ ৱকাৰ ইউনিছ, ডেল ষ্টেইন আৰু কেগিছো ৰবাডাৰ পিছত ২০০ টেষ্ট উইকেট লোৱা বিশ্বৰ চতুৰ্থ আটাইতকৈ দ্ৰুত বলাৰ হৈ পৰিছে ।

বুমৰাহ মেলবৰ্ণত চতুৰ্থ টেষ্ট মেচৰ চতুৰ্থ দিনা ২০০ টেষ্ট উইকেট সম্পূৰ্ণ কৰাৰ লগে লগতে দ্ৰুতভাৱে এই অভিলেখ ৰচনা কৰা দ্বিতীয় ভাৰতীয় বলাৰ হৈ পৰিছে । ভাৰতীয় বলাৰজনে ৪৪ সংখ্যক টেষ্টত এই সফলতা লাভ কৰিছে আৰু অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাডেজাৰ ৰেকৰ্ডৰ সমান হৈছে । শেহতীয়াকৈ অৱসৰ গ্ৰহণ কৰা ভাৰতীয় ক্ৰিকেটাৰ ৰবিচন্দ্ৰন অশ্বিনে ৩৭ খন মেচতে এই সফলতা লাভ কৰিছিল ।

কপিল দেৱক অতিক্ৰম কৰিলে বুমৰাহে

ইয়াৰ লগে লগে বুমৰাহ হৈছে এই সফলতা লাভ কৰা আটাইতকৈ দ্ৰুত ভাৰতীয় পেচ বলাৰ । তেওঁ ৪৪ খন খেলতে এই সফলতা লাভ কৰিছে । পূৰ্বৰ ভাৰতীয় অধিনায়ক কাপিল দেৱে ৫০ খন খেলত এই সফলতা লাভ কৰিছিল ।

বুমৰাহৰ সন্মুখত বিফল অষ্ট্ৰেলিয়াৰ বেটছমেন

এই মেচত বুমৰাহে এবাৰ পুনৰ অষ্ট্ৰেলিয়াৰ বেটিং ক্ৰমক নিৰাশ কৰিছে আৰু ট্ৰেভিছ হেডক আউট কৰি ৰেকৰ্ড বুকত নিজৰ নাম সন্নিৱিষ্ট কৰিছে । বুমৰাহে ট্ৰেভিছ হেড (১), মিচেল মাৰ্শ (০) আৰু এলেক্স কেৰী (২)ক আউট কৰে । ইয়াৰ পূৰ্বে তেওঁ ছাম কনষ্টাছ (৮)কো ড্ৰেছিং ৰুমৰ পথ দেখুয়ায় । এই মেচৰ প্ৰথম ইনিংছত অষ্ট্ৰেলিয়াই ৪৭৪ ৰাণ কৰিছিল ।

ভাৰতে প্ৰথম ইনিংছত ৩৬৯ ৰাণ কৰে আৰু ঘৰুৱা দলটোৱে ১০৫ ৰাণৰ অগ্ৰগতি লাভ কৰে । এতিয়া দ্বিতীয় ইনিংছত অষ্ট্ৰেলিয়াৰ দলটোৱে ভাৰতৰ সন্মুখত বৃহৎ টাৰ্গেট ৰখাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে ।

লগতে পঢ়ক :ঐতিহাসিক এম চি জিত নীতিশ কুমাৰ ৰেড্ডীৰ অভিলেখ - NITISH REDDY TEST MAIDEN HUNDRED

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.