ETV Bharat / sports

কাৰ শিৰত উজলিব ইউৰোৰ মুকুট ? ফাইনেলৰ দৌৰত চাৰি ইউৰোপীয় কিংবদন্তী - Euro Cup 2024

author img

By ANI

Published : Jul 9, 2024, 2:48 PM IST

Euro 2024 Semi Finals : চলিত ইউৰো কাপ ছেমি ফাইনেল পৰ্যায়ত উপনীত হৈছে । এতিয়া ফাইনেলৰ যুঁজৰ বাবে মঙলবাৰে নিশা (স্থানীয় সময় অনুসৰি) মিউনিখৰ এলিয়াঞ্জ এৰেনাত প্ৰথমখন ছেমিত ফ্ৰান্সৰ মুখামুখি হ'ব স্পেইন । আনহাতে, বুধবাৰে (স্থানীয় সময় অনুসৰি) ডৰ্টমুণ্ডৰ ছিগনেল ইডুনা পাৰ্কত ইংলেণ্ড আৰু নেদাৰলেণ্ডে দ্বিতীয়খন ছেমি ফাইনেলত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব ।

Euro 2024 Semi Finals
ইউৰো কাপৰ ছেমি ফাইনেলৰ ৪ প্ৰতিদ্বন্দ্বী দল (EURO 2024 X Photo)

স্পৰ্টছ ডেস্ক, ৯ জুলাই : বহু প্ৰতীক্ষিত ফাইনেলৰ দিশে অগ্ৰসৰ হৈছে ইউৰো 2024 । ইয়াৰ বাবে এতিয়া চাৰিটা দলে মাত্ৰ দুখন মেচৰ দূৰত্বত অৱস্থান কৰিছে ।

প্ৰথমখন ছেমি ফাইনেল খেলিবলৈ কেলিয়ান এমবাপেৰ ফ্ৰান্সে যাত্ৰাপথত ক্ৰিষ্টিয়ানো ৰোনাল্ডোৰ পৰ্তুগালৰ হৃদয় ভাঙি টুকুৰা-টুকুৰ কৰিছিল । আনহাতে, স্পেইনে আয়োজক জাৰ্মানীক পৰাস্ত কৰি এই স্থান কাঢ়ি লৈছিল ।

অলিম্পিয়াষ্টেডিয়ান বাৰ্লিনত ফাইনেলত অংশগ্ৰহণৰ সুযোগ লাভৰ বাবে এতিয়া দুয়োটা দলে পৰস্পৰৰ মুখামুখি হ'ব । সমগ্ৰ প্ৰতিযোগিতাখনত অপৰাজিত হৈ থকা সত্ত্বেও দুয়োটা দলেই তীব্ৰ প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হ'ব লাগিব ।

স্পেইনে আক্ৰমণ বিভাগত ধাৰাবিহকতা প্ৰদৰ্শন কৰিছে । আনহাতে, দলটোৰ সৃষ্টিশীল ফৰৱাৰ্ডে বিপক্ষক কঠিন সময়ৰ মাজেৰে পাৰ কৰাইছে । যুৱ তাৰকা লামিন য়ামাল আৰু নিকো উইলিয়ামছে ফিল্ডৰ দুয়োফালে যথেষ্ট সৃজনশীলতা দেখুৱাইছে ।

তেওঁলোকৰ এক শক্তিশালী ডিফেন্স ইউনিট আছে আৰু যিকোনো মুহূৰ্ততে উজলি উঠাৰ সম্ভাৱনা আছে । ৰবিন লে নৰ্মাণ্ড আৰু আইমেৰিক লাপোৰ্টে, ৰোড্ৰিয়ে অতিৰিক্ত শক্তি প্ৰদান কৰিবলৈ নামি অহাৰ লগে লগে স্পেইনক শক্তিশালী ৰক্ষণাত্মক প্ৰদৰ্শন কৰিবলৈ অনুমতি দিছে ।

আনহাতে, ফ্ৰান্সতো ৱিলিয়াম চালিবা, ডায়োট উপমেকানো, থিঅ' হাৰ্নাণ্ডেজ আৰু জুলছ কুণ্ডেক লৈ এক শক্তিশালী ডিফেন্স ইউনিট আছে । অৱশ্যে তেওঁলোকৰ আক্ৰমণকাৰী ইউনিটটোৱে সমগ্ৰ প্ৰতিযোগিতাখনত সম্পূৰ্ণভাৱে উজলি উঠাত ব্যৰ্থ হৈছে ।

ফ্ৰান্সৰ আক্ৰমণকাৰী ইউনিটে সমগ্ৰ অভিযানটোত মাত্ৰ তিনিটাহে গ'ল কৰিছে । আনহাতে, ইউৰো 2024-ত নিজৰ সমগ্ৰ অভিযানত স্পেইনৰ আক্ৰমণে 11 টা শ্বট গ'ললৈ ৰূপান্তৰ কৰিছে । স্পেইনৰ আক্ৰমণে বহন কৰা ভাবুকি সন্দৰ্ভত ফ্ৰান্স অৱগত হ'ব লাগিব আৰু ইয়াক কাৰ্যকৰীভাৱে বিফল কৰিব বিচাৰিব ।

আনহাতে, দ্বিতীয়খন ছেমি ফাইনেলত ইংলেণ্ডে সমগ্ৰ প্ৰতিযোগিতাখনতে সমস্যাৰ সন্মুখীন হ'বলগা হৈছে । ফ্ৰান্সৰ দৰে ইংলেণ্ডৰো তিনি সিংহই লক্ষ্য পূৰণৰ বাবে সংগ্ৰাম কৰিবলগা হৈছে । নিজৰ সুবিশাল প্ৰতিভা সত্ত্বেও ইংলেণ্ডে ছেমি ফাইনেললৈ অগ্ৰসৰ হোৱাৰ পথত মাত্ৰ পাঁচটা গ'লহে কৰিবলৈ সক্ষম হৈছে ।

আনহাতে, ডাচ্চ দলটোৰ মূল সংগ্ৰাম হৈছে বিপক্ষ দলটোক তেওঁলোকৰ গ'লপোষ্টৰ পৰা আঁতৰাই ৰখাটো । নেদাৰলেণ্ড দলটোৱে অন্তিম চাৰিলৈ উন্নীত হোৱাৰ পথত পাঁচখন মেচত ছয়টা গ'ল খাবলগা হৈছে ।

ইংলেণ্ডে গ'ল কৰিবলৈ সংগ্ৰাম কৰিবলগা হৈছে আৰু নেদাৰলেণ্ডে তেওঁলোকৰ বিপক্ষক নীৰৱ কৰি ৰখাত ব্যৰ্থ হৈছে । এনে ক্ষেত্ৰত দুয়োটা দলে ফাইনেলত তেওঁলোকৰ স্থান নিশ্চিত কৰিবলৈ কেনে দৃষ্টিভংগী গ্ৰহণ কৰে তাৰ ওপৰত সকলোৰে দৃষ্টি নিবদ্ধ থাকিব ।

উল্লেখ্য, প্ৰথমখন ছেমি ফাইনেলত মঙলবাৰে নিশা (স্থানীয় সময় অনুসৰি) মিউনিখৰ এলিয়াঞ্জ এৰেনাত ফ্ৰান্সৰ মুখামুখি হ'ব স্পেইন । আনহাতে, বুধবাৰে (স্থানীয় সময় অনুসৰি) ডৰ্টমুণ্ডৰ ছিগনেল ইডুনা পাৰ্কত ফাইনেলত স্থান নিশ্চিত কৰিবলৈ ইংলেণ্ড আৰু নেদাৰলেণ্ডে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব ।

লগতে পঢ়ক :ইউৰো কাপত অঘটন; ২ গ'লৰ ব্যৱধানত পৰ্তুগালক পৰাস্ত জৰ্জিয়াৰ - EURO 2024
লগতে পঢ়ক :তাৰকা ৰোণাল্ডোৰ সৈতে ছেলফি তোলাৰ হেঁপাহ, অভাৱনীয় পৰিৱেশ ইউৰো ২০২৪ত - EURO 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.