ETV Bharat / sports

পেৰালিম্পিকৰ সামৰণি অনুষ্ঠান: প্ৰীতি পাল আৰু হৰবিন্দৰ সিঙক ধ্বজাবাহকৰ দায়িত্ব - PARIS PARALYMPICS 2024

author img

By ETV Bharat Sports Team

Published : Sep 7, 2024, 10:08 AM IST

Paris Paralympics closing ceremony: ক্ৰমাৎ সামৰণিৰ দিশত পেৰিছ পেৰালিম্পিক 2024 ৷ সামৰণিৰ দিনটোত ভাৰতৰ ধ্বজাবাহকৰ দায়িত্বত থাকিব প্ৰীতি পাল আৰু হৰবিন্দৰ সিং ৷ পঢ়ক সবিশেষ খবৰ...

PARIS PARALYMPICS 2024
প্ৰীতি পাল আৰু হৰবিন্দৰ সিং (AP and ANI Photo)

স্প’ৰ্টছ ডেস্ক, 7 ছেপ্টেম্বৰ: পেৰিছ পেৰালিম্পিকৰ সামৰণি অনুষ্ঠানত আৰ্চাৰীত স্বৰ্ণ পদক বিজয়ী হৰবিন্দৰ সিং আৰু দুটাকৈ ব্ৰঞ্জৰ পদক অৰ্জনকাৰী দৌৰবিদ প্ৰীতি পালক দেখা যাব ভাৰতৰ ধ্বজাবাহক হিচাপে ৷

33 বছৰীয়া হৰবিন্দৰ পেৰালিম্পিকত স্বৰ্ণ জয় কৰা প্ৰথমগৰাকী ভাৰতীয় ধনুৰ্ধৰ । তেওঁ 2021 চনত টকিঅ’ পেৰালিম্পিকত অৰ্জন কৰিছিল ব্ৰঞ্জৰ পদক ৷ "ভাৰতৰ হৈ সোণৰ পদক জয় কৰাটো এটা সপোন সঁচা হোৱাৰ দৰে । এতিয়া সামৰণি অনুষ্ঠানত ভাৰতৰ ধ্বজাবাহক হোৱাটো আটাইতকৈ ডাঙৰ সন্মান । এই জয় মোৰ ওপৰত বিশ্বাস কৰা সকলোৰে বাবে । মই আশা কৰোঁ মই আৰু বহুতক তেওঁলোকৰ সপোন অনুসৰণ কৰিবলৈ অনুপ্ৰাণিত কৰিব পাৰো" বুলি পদক জয়ৰ পিছতে সিঙে প্ৰতিক্ৰিয়া ব্যক্ত কৰে ।

মহিলাৰ টি-35 100 মিটাৰ আৰু 200 মিটাৰ ইভেণ্টত ব্ৰঞ্জৰ পদক অৰ্জন কৰা 23 বছৰীয়া প্ৰীতিয়ে কয়, "ভাৰতৰ ধ্বজাবাহক হোৱাটো গৌৰৱৰ বিষয় । এয়া কেৱল মোৰ বাবে নহয়, প্ৰতিগৰাকী পেৰা-এথলীটৰ বাবে, যি প্ৰতিকূলতাক প্ৰত্যাহ্বান জনাই দেশক গৌৰৱান্বিত কৰিছে" ৷

ভাৰতীয় দলৰ প্ৰচাৰ প্ৰমুখ সত্যপ্ৰকাশ চাংৱানে কৈছিল যে, দুয়োগৰাকী খেলুৱৈৰ প্ৰদৰ্শনে ভৱিষ্যত প্ৰজন্মক অনুপ্ৰাণিত কৰিব । ভাৰতে এতিয়ালৈকে পেৰিছত জিকিছে 26 টা পদক, যাৰ ভিতৰত আছে 6 টা সোণ, 9 টা ৰূপ আৰু 11 টা ব্ৰঞ্জ ৷ কোনো পেৰালিম্পিকত ভাৰতৰ এয়া সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন ।

28 আগষ্টৰ পৰা আৰম্ভ হোৱা পেৰিছ পেৰালিম্পিক 2024 ৰ 8 ছেপ্টেম্বৰত সামৰণি পৰিব ৷ এইবেলি পেৰিছত ভাৰতৰ হৈ অংশগ্ৰহণ কৰিছিল 84 জনীয়া পেৰা-খেলুৱৈৰ এটা দলে ৷

লগতে পঢ়ক: পেৰিছ পেৰালিম্পিকত স্বৰ্ণজয় ভাৰতীয় হাই জাম্পাৰ প্ৰবীণ কুমাৰৰ - Paris Paralympics 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.