ETV Bharat / sports

"আমি ভাৰতৰ এক ৰত্ন হেৰুৱালো", শচীন-নীৰজকে ধৰি ক্ৰীড়াজগতৰ বহু তাৰকাৰ ৰতন টাটালৈ শ্ৰদ্ধাঞ্জলি

Tribute to Ratan Tata: টাটা গ্ৰুপৰ অধ্যক্ষ ৰতন টাটাৰ 86 বছৰ বয়সত মুম্বাইত মৃত্যু হয় ।

author img

By ETV Bharat Sports Team

Published : 3 hours ago

Updated : 2 hours ago

RATAN TATA PASSES AWAY
ৰতন টাটাৰ দেহাৱসান (ETV Bharat)

স্প’ৰ্টছ ডেস্ক, 10 অক্টোবৰ: দেশৰ বিশিষ্ট উদ্যোগপতি তথা টাটা গ্ৰুপৰ অধ্যক্ষ ৰতন টাটা এই পৃথিৱীত আৰু নাই । বুধবাৰে নিশা মুম্বাইৰ ব্ৰীচ কেণ্ডি হাস্পতালত চিকিৎসাধীন অৱস্থাতে মৃত্য়ুবৰণ কৰে দেশৰ বিশিষ্ট উদ্যোগপতিগৰাকীয়ে ৷

ৰতন টাটা হৈছে দেশৰ অন্যতম সন্মানীয় আৰু প্ৰিয় উদ্যোগপতি, যিয়ে টাটা গ্ৰুপক এক নতুন শিখৰলৈ লৈ গৈছিল ৷ বিভিন্ন ক্ষেত্ৰত অৱদান আগবঢ়াইছিল ৰতন টাটাই, নিঃস্বাৰ্থ সেৱাৰ বাবেই তেওঁ বিপুল জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হয় ।

ৰতন টাটাৰ দূৰদৰ্শী নেতৃত্বক বহুতে প্ৰশংসা কৰিছে ৷ তেওঁ ব্যৱসায়িক উদ্যোগৰ জৰিয়তে ক্ৰীড়া উদ্যোগলৈও আগবঢ়াইছে অৰিহণা । বিশিষ্ট ব্যক্তিগৰাকীৰ মৃত্যুত ক্ৰীড়াজগতৰ অধিকাংশ লোকেই শোকপ্ৰকাশ কৰে ৷

টীম ইণ্ডিয়াৰ অধিনায়ক ৰোহিত শৰ্মা, প্ৰাক্তন ক্ৰিকেটাৰ ৰবি শাস্ত্ৰীকে ধৰি বহুকেইগৰাকী প্ৰাক্তন খেলুৱৈয়ে সামাজিক মাধ্যমৰ জৰিয়তে ৰতন টাটাক জনাইছে শ্ৰদ্ধাঞ্জলি ৷

এই খবৰ শুনাৰ পিছত সামাজিক মাধ্যমৰ প্লেটফৰ্মৰ জৰিয়তে ৰতন টাটাৰ প্ৰতি থকা স্নেহ প্ৰকাশ কৰে প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ শচীন তেণ্ডুলকাৰে । শচীনে এক্সত লিখিছে এনেদৰে, "ৰতন টাটাই কেৱল তেওঁৰ জীৱনতে নহয়, মৃত্যুতো দেশক কঁপাই তুলিছে । তেওঁৰ লগত কিছু সময় কটাইছিলো । কিন্তু তেওঁক কেতিয়াও লগ নোপোৱা লাখ লাখ মানুহেও বৰ্তমান মোৰ দৰেই কষ্ট পাইছে । এয়াই তেওঁলোকৰ প্ৰভাৱ । জীৱ-জন্তুৰ প্ৰতি থকা প্ৰেমৰ পৰা আৰম্ভ কৰি তেওঁৰ দান-বৰঙণিলৈকে টাটাই দেখুৱাইছে যে প্ৰকৃত প্ৰগতি তেতিয়াহে সম্ভৱ হ’ব, যেতিয়া আমি নিজৰ যত্ন ল’ব নোৱাৰাসকলৰ যত্ন লওঁ । মিষ্টাৰ টাটা, আপুনি যিবোৰ প্ৰতিষ্ঠান গঢ়ি তুলিছিল, আপোনাৰ অস্তিত্ব সেইবোৰত জীয়াই থাকিব" ৷

ক্ৰীড়াবিদসকলৰ ৰতন টাটালৈ শ্ৰদ্ধাঞ্জলি

সোণৰ হৃদয় আছিল ৰতন টাটাৰ, সকলোকে ভাল কৰি জীৱনটো অতিবাহিত কৰা এজন ব্যক্তি হিচাপে আপোনাক সদায় স্মৰণ কৰি থাকিব ছাৰ: ৰোহিত শৰ্মা

উৎকৃষ্টতা, দূৰদৰ্শিতা আৰু নম্ৰতাৰ এক আইকন, ই সমাজৰ বাবে এক বৃহৎ ক্ষতি, তেওঁৰ পৰিয়াললৈ সমবেদনা: ৰবি শাস্ত্ৰী

আমি হেৰুৱাইছো মূল ভাৰতীয় ৰত্ন, তেওঁৰ জীৱন আমাৰ সকলোৰে বাবে প্ৰেৰণা, তেওঁ সদায় আমাৰ হৃদয়ত জীয়াই থাকিব, ওঁম শান্তি: ছেহৱাগ

আমাৰ দেশৰ অন্যতম মহান ব্যক্তি শ্ৰীৰতন টাটা জীৰ দেহাৱসান ঘটিলে । আমাৰ দেশলৈ আগবঢ়োৱা অমূল্য অৱদানৰ বাবে তেওঁ সদায় আদৰ্শ হিচাপে স্মৰণীয় হৈ থাকিব । তেখেতৰ সকলো শুভাকাংক্ষী তথা অনুৰাগীলৈ সমবেদনা জ্ঞাপন কৰিলো, ওঁম শান্তি: লক্ষ্মণ

আমি হেৰুৱাইছো এজন প্ৰকৃত ভাৰতৰত্ন শ্ৰীৰতন টাটা জী । তেওঁ আমাৰ সকলোৰে বাবে সদায় প্ৰেৰণাৰ উৎস হৈ থাকিব । তেওঁ আমাৰ হৃদয়ত জীয়াই থাকিব, ওঁম শান্তি: সূৰ্যকুমাৰ যাদৱ

এজন মহান নেতাৰ মৃত্যুত দুখী । ভগৱানে তেওঁক শান্তি দিয়ক । শ্ৰী ৰতন টাটা জী, আপোনাৰ দয়া আৰু অৱদান সদায় স্মৰণীয় হৈ থাকিব: হৰভজন সিং

শ্ৰীৰতন টাটা জীৰ মৃত্যুৰ কথা শুনি মোৰ বৰ দুখ লাগিছে, তেওঁ আছিল এজন দূৰদৰ্শী ৷ তেওঁৰ সৈতে হোৱা কথা-বতৰা কেতিয়াও পাহৰিব নোৱাৰো, টাটা জীয়ে জাতিটোক অনুপ্ৰাণিত কৰিলে, তেওঁৰ পৰিয়ালৰ সদস্যলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলো, ওঁম শান্তি: নীৰজ চোপ্ৰা

লগতে পঢ়ক: অতিকৈ কঠিন সময়ত ধৰিছিল গুৰি; চীনৰ সৈতে সীমা বিবাদৰ পিছতে চম্ভালিছিল আই পি এলৰ দায়িত্ব

Last Updated : 2 hours ago
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.