ETV Bharat / sports

ছেমিত ভাৰতে জয় লাভ কৰাক লৈ প্ৰশংসাত পঞ্চমুখ প্ৰাক্তন ক্ৰিকেটাৰসকল - T20 World Cup 2024

author img

By ETV Bharat Assamese Team

Published : Jun 28, 2024, 1:12 PM IST

India Enters T20 WC 2024 Final : চলিত টি-২০ বিশ্বকাপৰ ছেমি ফাইনেলত ইংলেণ্ডৰ বিৰুদ্ধে ভাৰতে দুৰ্দান্ত বিজয় সাব্যস্ত কৰে । ভাৰতৰ এই জয়ৰ পিচতে বহুকেইগৰাকী প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে । বলিং বিক্ৰমৰ বাবেই ভাৰতে ইংলেণ্ডৰ বিৰুদ্ধে 68 ৰাণত জয় লাভ কৰে ৷

India Enters T20 WC 2024 Final
উইকেট দখলৰ পিচত ভাৰতীয় খেলুৱৈৰ উল্লাস (ETV Bharat)

স্প’ৰ্টছ ডেস্ক, ২৮ জুন : চলিত টি-২০ বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ কৰিছে ভাৰত । ইংলেণ্ডক ৬৮ ৰাণত পৰাস্ত কৰি ভাৰতে ফাইনেলত প্ৰৱেশ কৰে । এতিয়া শনিবাৰে ফাইনেলত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে জয়লাভ কৰি আই চি চি ইভেণ্টত ট্ৰফী জয়ৰ খৰাং সমাপ্ত কৰিব বিচাৰিব । আনহাতে, কেইবাগৰাকীও প্ৰাক্তন ক্ৰিকেটাৰে ভাৰতীয় দলটোৰ এই দৃঢ় বিজয়ৰ বাবে অভিনন্দন জনাইছে ।

ছেমি ফাইনেলৰ মেচখনত প্ৰথমে বেটিং কৰি ভাৰতে ৰোহিত শৰ্মাৰ ৩৯ টা বলত ৫৭ ৰাণৰ বিস্ফোৰক ইনিংছৰ সহায়ত ৭ উইকেটৰ বিনিময়ত ১৭১ ৰাণ সংগ্ৰহ কৰে । আনহাতে, অক্ষৰ পেটেল আৰু কুলদীপ যাদৱে তিনিটাকৈ উইকেট দখল কৰাৰ লগতে যশপ্ৰীত বুমৰাহে দুটা উইকেট লৈ ইংলেণ্ড দলটোক ১০৩ ৰাণত অল আউট কৰে ।

উল্লেখ্য, মেচৰ শেষৰ ফালে পিটচৰ আচৰণ অতি লেহেমীয়া হয় আৰু ই দুয়োপক্ষৰ স্পিনাৰসকলক বেটছমেনসকলক বান্ধি ৰখাত সহায় কৰিছিল । এই জয় ভাৰতৰ বাবে এক বিশেষ গুৰুত্ব বহন কৰিছে । কিয়নো দলটোৱে আইচিচি ট্ৰফী দখলৰ দীৰ্ঘদিনীয়া ব্যৰ্থতা আঁতৰোৱাৰ সুযোগ আনি দিছে ।

ইফালে মেন ইন ব্লুৱে বিশ্বকাপৰ খিতাপ দখলৰ দিশে আৰু এখোজ আগবাঢ়ি যোৱাৰ মুহূৰ্তত কেইবাগৰাকীও প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰে নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে । প্ৰাক্তন অফ স্পিনাৰ হৰভজন সিঙে ৰোহিত শৰ্মাক জয়ৰ বাবে অভিনন্দন জনায় আৰু বলিং বিভাগৰ প্ৰশংসা কৰে ।

ভাৰতৰ প্ৰাক্তন অপেনাৰ ৱাছিম জাফৰেও ভাৰতক অভিনন্দন জনাই ভৱিষ্যদ্বাণী কৰিছে যে ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ ফাইনেল মেচখনত অতি ৰোমাঞ্চকৰ প্ৰতিদ্বন্দ্বিতা হ'ব । আনহাতে, দীনেশ কাৰ্তিকেও ভাৰতীয় দলৰ প্ৰদৰ্শনৰ প্ৰশংসা কৰে ।

আনহাতে, মহম্মদ কাঈফেও ভাৰতীয় দলৰ পেছাদাৰী প্ৰদৰ্শনৰ প্ৰশংসা কৰে । ইংলেণ্ডৰ প্ৰাক্তন অধিনায়ক মাইকেল ভনে ভাৰতীয় দলটোক এতিয়ালৈকে প্ৰতিযোগিতাখনৰ শ্ৰেষ্ঠ দল বুলি অভিহিত কৰিছে ।

লগতে পঢ়ক :টি 20 বিশ্বকাপ : সৰ্বকালৰ সৰ্বাধিক সফল অধিনায়কত পৰিণত ৰোহিত শৰ্মা - T20 World Cup 2024

2022 ৰ মধুৰ প্ৰতিশোধ পূৰ্ণ কৰি টি 20 বিশ্বকাপৰ ফাইনেলত মেন ইন ব্লু - T 20 WORLD CUP 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.