ETV Bharat / sports

FIH প্ৰ' লীগত ২-৩ গ'লৰ ব্যৱধানত জাৰ্মানীয়ে পৰাস্ত কৰিলে ভাৰতীয় পুৰুষ হকী দলক - FIH Pro League

author img

By ETV Bharat Assamese Team

Published : Jun 9, 2024, 1:42 PM IST

FIH Pro League : এফ আই এইছ হকী প্ৰ' লীগৰ লণ্ডন লেগৰ তৃতীয়খন খেলত জাৰ্মানীৰ বিৰুদ্ধে ভাৰতীয় পুৰুষৰ হকী দলটো ২-৩ গ’লত পৰাজিত হয় । পঢ়ক সম্পূৰ্ণ প্ৰতিবেদন...

FIH Pro League
FIH প্ৰ' লীগত ২-৩ গ'লৰ ব্যৱধানত জাৰ্মানীয়ে পৰাস্ত কৰিলে ভাৰতীয় পুৰুষ হকী দলক (ETV BHARAT HINDI)

স্পৰ্টছ ডেস্ক, 9 জুন : শনিবাৰে এফ আই এইছ হকী প্ৰ' লীগৰ লণ্ডন লেগৰ তৃতীয়খন খেলত জাৰ্মানীৰ বিৰুদ্ধে ভাৰতীয় পুৰুষ হকী দলটোৱ 2-3 গ’লৰ ব্যৱধানত পৰাজিত হয় । ভাৰতৰ হৈ অধিনায়ক হৰমনপ্ৰীত সিঙে (19 মিনিট) আৰু সুখজিৎ সিঙে (48 মিনিটত) গ'ল কৰে ৷ আনহাতে জাৰ্মানীৰ গ'ল প্ৰাপ্তকৰ্তাসকল আছিল গনজালো পেইলাট আৰু ক্ৰিষ্টোফাৰ ৰুহ ৷

লণ্ডনৰ লি ভেলী হকী ষ্টেডিয়ামত অনুষ্ঠিত হয় এই প্ৰতিযোগিতাখন ৷ জাৰ্মানীয়ে নিজৰ খেল প্ৰদৰ্শনেৰে ভাৰতক হৰাবলৈ তৎপৰ হৈ পৰিছিল ৷ বিশ্ব চেম্পিয়ন জামাৰ্নী দলটোৱে প্ৰথম কোৱাৰ্টাৰৰ আৰম্ভণিতে পেনাল্টি কৰ্ণাৰ অৰ্জন কৰিছিল ৷ যাৰ সুযোগ লৈ পেইলাটে তেওঁৰ দলক আগুৱাই নিছিল ।

ভাৰতৰ হৈ হাৰ্দিক সিং আৰু গুৰজন্ত সিঙে বিপক্ষৰ প্ৰতিৰক্ষাৰ ওপৰত হেঁচা প্ৰয়োগ কৰিছিল খেল প্ৰদৰ্শন কৰিছিল । অৱশ্যে, 10 মিনিটত ৰুহে এক সুযোগ পোৱাৰ লগে লগে জাৰ্মানীয়ে তেওঁলোকৰ অগ্ৰগতি দুগুণ কৰে । প্ৰথম কোৱাৰ্টাৰটো জাৰ্মানীয়ে ২-০ গ’লৰ ব্যৱধানত আগবাঢ়ি থকাৰ সৈতে খেল সমাপ্ত হৈছিল ।

দ্বিতীয় কোৱাৰ্টাৰত ভাৰতে ভালদৰে খেল প্ৰদৰ্শন কৰিছিল ৷ প্ৰাৰম্ভিক সময়তেই ভাৰতে জাৰ্মানীৰ সমানে সমানে প্ৰথম চাৰি মিনিটৰ ভিতৰত পেনাল্টি কৰ্ণাৰ অৰ্জন কৰিছিল ৷ ভাৰতীয় দলৰ অধিনায়ক হৰমনপ্ৰীতে ভাৰতৰ পুনৰ উদ্যম ঘূৰাই আনিবলৈ সুযোগ বিচাৰি লৈছিল ৷

হাফটাইমৰ পিচত ভাৰতে আক্ৰমণাত্মকভাৱে খেল আৰম্ভ কৰিছিল ৷ কিন্তু জাৰ্মান ডিফেন্সে পূৰ্বতকৈ সক্ৰিয় কৰি তুলিছিল ৷ তৃতীয় কোৱাৰ্টাৰত দুয়োটা দলে সমানে সমানে খেল প্ৰদৰ্শন কৰিছিল যদিও কিন্তু জাৰ্মানীয়ে তেওঁলোকৰ অগ্ৰগতি বঢ়াইছিল, কিয়নো পেইলাট স্কোৰশ্বীটত আছিল ৷ তাৰ পিচতে পেইলাটে সফলতাৰে আন এটা পেনাল্টি কৰ্ণাৰ লাভ কৰি তৃতীয় কোৱাৰ্টাৰৰ শেষত জাৰ্মানীয়ে ভাৰতক ৩-১ গ'লৰ ব্যৱধানত খেলখন আগুৱাই নিছিল ৷

ঘড়ীত প্ৰায় 15 মিনিট বাকী থকা অৱস্থাত, ভাৰতে পুনৰ উদ্যমেৰে খেল প্ৰদৰ্শন কৰা আৰম্ভ কৰে আৰু সুখজিতে বলটো ওচৰৰ পৰা নেটত ৰাখি আৰু পুনৰ এটা গ’ল কৰে ৷ যদিও এইখন ৰোমাঞ্চকৰ খেলত জাৰ্মানীয়ে জয়লাভ কৰে ৷

লগতে পঢ়ক: অশ্ৰুসিক্ত নয়নেৰে আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা অৱসৰ সুনীল ছেত্ৰীৰ - Sunil Chhetri Farewell Match

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.