ETV Bharat / sports

অপ্ৰতিৰোধ্য ক্ৰিষ্টিয়ানো ৰ’নাল্ডো: ইউ টিউবৰ গ্ৰাহকৰ সংখ্যাই ভংগ কৰিছে সৰ্বকালৰ অভিলেখ - CRISTIANO RONALDO YOUTUBE CHANNEL

author img

By ETV Bharat Sports Team

Published : Aug 28, 2024, 7:28 PM IST

Subscribers on Ronaldo's you tube: পৰ্তুগালৰ ফুটবল খেলুৱৈ ক্ৰিষ্টিয়ানো ৰ’নাল্ডোৱে ইউ টিউবত গঢ়িছে এটাৰ পিছত আনটো অভিলেখ । চেনেল মুকলিৰ প্ৰথম 90 মিনিটত এক নিযুত গ্ৰাহকে চেনেলটো চাচক্ৰাইব কৰে ৷ তাৰপিছত এটাৰ পিছত এটাকৈ বহুতো অভিলেখ গঢ়িছে ফুটবলাৰগৰাকীয়ে ৷

CRISTIANO RONALDO YOUTUBE CHANNEL
ক্ৰিষ্টিয়ানো ৰ’নাল্ডো (AP PHOTO)

স্প’ৰ্টছ ডেস্ক, 28 আগষ্ট: ফুটবলৰ খেলপথাৰৰ সলনি ইউ টিউবৰ একছত্ৰী সম্ৰাটত পৰিণত হৈছে ক্ৰিষ্টিয়ানো ৰ’নাল্ডো ৷ এইগৰাকী ফুটবলাৰে অভিলেখৰ পিছত দৌৰিবলগীয়া নহয়, বৰং অভিলেখেহে তেওঁক খেদি ফুৰে ৷ কিংবদন্তী ফুটবলাৰগৰাকীৰ ক্ষেত্ৰতো এই কথা শুদ্ধ প্ৰমাণিত হৈছিল । যোৱা সপ্তাহত চেনেলটো মুকলি কৰা ৰ’নাল্ডোৱে এটাৰ পিছত এটাকৈ বহুতো অভিলেখ ভংগ কৰি যথেষ্ট সফলতা অৰ্জন কৰা দেখা গৈছে ।

ৰ’নাল্ডোৱে নিজৰ ইউ টিউব চেনেল মুকলি কৰাৰ প্ৰায় এসপ্তাহ পূৰ্ণ হৈছে ৷ এই এসপ্তাহত চেনেলটোৱে অতিক্ৰম কৰিছে 50 নিযুত গ্ৰাহকৰ সীমা ৷ যাৰ ফলত ফুটবলাৰগৰাকীৰ চেনেলটো দ্ৰুততম গ্ৰাহক অৰ্জনকাৰী চেনেলত পৰিণত হৈছে । ইয়াৰ পূৰ্বে কোনেও এই অভিলেখ গঢ়িবলৈ সক্ষম হোৱা নাছিল ৷ যোৱাটো সপ্তাহত ৰ’নাল্ডোৰ চেনেলটো 282,480,111 বাৰতকৈও অধিক উপভোগ কৰিছে গ্ৰাহকে ৷ যাৰ ফলত এই সংখ্যা দ্ৰুতগতিত বৃদ্ধি হৈছে ৷

ইয়াৰ পূৰ্বে ৰ’নাল্ডোৰ চেনেলটোৱে মাত্ৰ ডেৰ ঘণ্টাত লাভ কৰিছিল এক নিযুত গ্ৰাহক ৷ চেনেলটো মুকলি হোৱাৰ পিছৰে পৰা সামাজিক মাধ্যমত যথেষ্ট চৰ্চা চলিছিল এই চেনেলটোৰ বিষয়ত ৷ সম্প্ৰতি 50 নিযুত গ্ৰাহক লাভ কৰাৰ পিছত এই চৰ্চা অধিক বৃদ্ধি পাইছে ।

ৰ’নাল্ডো হৈছে বিশ্বৰ সৰ্বাধিক উপাৰ্জন কৰা এথলীট । ক্ৰিষ্টিয়ানো ৰ’নাল্ডোৱে এতিয়ালৈকে শ্বেয়াৰ কৰা সকলো ভিডিঅ’ লক্ষাধিক গ্ৰাহকে উপভোগ কৰিছে ৷ সংবাদ মাধ্যমৰ এক প্ৰতিবেদন অনুসৰি, তেওঁৰ চেনেলে বিজ্ঞাপনৰ ধনৰ পৰা 1.2-6 নিযুত ডলাৰ উপাৰ্জন কৰিছে ।

সামাজিক মাধ্যমত আছে ৰ’নাল্ডোৰ প্ৰায় ১ বিলিয়ন অনুসৰণকাৰী

বৰ্তমান সময়ত ক্ৰিষ্টিয়ানো ৰ’নাল্ডোৰ সামাজিক মাধ্যমত 964 নিযুতৰো অধিক ফ’ল’ৱাৰ্ছ আছে ৷ ফুটবলাৰগৰাকীৰ এক্সত আছে 112.6 নিযুত ফ’ল’ৱাৰ্ছ, ফেচবুকত আছে 170 নিযুত আৰু ইনষ্টাগ্ৰামত আছে 637 নিযুত ফ’ল’ৱাৰ্ছ । যি সংখ্যা যিকোনো খেলুৱৈৰ ক্ষেত্ৰতে অবিশ্বাস্য ৷

ৰ’নাল্ডোৱে 21 আগষ্টত নিজৰ ইউ টিউব চেনেলটো মুকলি কৰে ৷ আজি 28 আগষ্টলৈকে চেনেলৰ জৰিয়তে ফুটবলাৰগৰাকীয়ে 50 নিযুতৰো অধিক গ্ৰাহক অৰ্জন কৰিছে ।

লগতে পঢ়ক: মাথো দুদিনতে ৰ’নাল্ডোৰ ইউ টিউব চেনেলত 30 নিযুত গ্ৰাহক: সামাজিক মাধ্যমত ধুমুহা - CRISTIANO RONALDO YOUTUBE CHANNEL

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.